• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিজিটেল যুদ্ধ! হোৱাটছএপ-টেলিগ্ৰামক নিষিদ্ধ কৰাৰ ভাবুকি ৰাছিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 2:31 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেটাৰ মালিকানাধীন হোৱাটছএপে বৃহস্পতিবাৰে এক বিবৃতিযোগে অভিযোগ উত্থাপন কৰিছে যে ৰাছিয়া চৰকাৰে দেশখনত এই মেছেজিং এপ্লিকেচনটো ব্লক কৰাৰ চেষ্টা চলাইছে। হোৱাটছএপৰ মতে, নাগৰিকসকলক চৰকাৰী মালিকানাধীন অথবা চৰকাৰী তত্ত্বৱধানত থকা এপ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ লক্ষ্যৰেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাছিয়াত এপটোৰ প্ৰায় ১০ কোটি ব্যৱহাৰকাৰীৰ কথা উল্লেখ কৰি প্লেটফৰ্মটোৱে কয় যে ই এক ‘পিছপৰা পদক্ষেপ’ হ’ব, কাৰণ ইয়াৰ ফলত ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা হ্ৰাস পাব।

এক্সৰ (পূৰ্বৰ টুইটাৰ) এটা পোষ্টত হোৱাটছএপে কয়, “আজি ৰাছিয়া চৰকাৰে ব্যৱহাৰকাৰীক চৰকাৰী মালিকানাধীন নজৰদাৰী এপৰ (surveillance app) দিশে লৈ যোৱাৰ প্ৰয়াসত হোৱাটছএপক সম্পূৰ্ণৰূপে ব্লক কৰাৰ চেষ্টা কৰিছে। ১০ কোটিৰো অধিক ব্যৱহাৰকাৰীক ব্যক্তিগত আৰু সুৰক্ষিত যোগাযোগৰ পৰা আঁতৰাই ৰখাৰ এই চেষ্টা এক নেতিবাচক পদক্ষেপ আৰু ই ৰাছিয়াৰ জনসাধাৰণৰ সুৰক্ষা হ্ৰাস কৰিব। আমি ব্যৱহাৰকাৰীসকলক সংযোগ কৰি ৰাখিবলৈ যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰি যাম।”

Apply Now

টেলিগ্ৰামৰ প্ৰতিষ্ঠাপক পাভেল ডুৰভে ৰাছিয়াই এই এপ্লিকেচনত প্ৰৱেশ নিষিদ্ধ কৰাৰ অভিযোগ উত্থাপন কৰাৰ কিছু সময়ৰ পাছতে হোৱাটছএপে এই মন্তব্য প্ৰকাশ কৰে।

মস্কোৱে ৰাছিয়ানসকলক অধিক কঠোৰভাৱে নিয়ন্ত্ৰিত ঘৰুৱা অনলাইন সেৱা গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে ৰাছিয়াৰ আইন মানি চলাত ব্যৰ্থ হোৱা বিদেশী ইণ্টাৰনেট প্লেটফৰ্মসমূহক লেহেমীয়া কৰা বা নিষিদ্ধ কৰাৰ ভাবুকি প্ৰদান কৰিছে। এই আইন অনুসৰি ৰাছিয়াৰ ব্যৱহাৰকাৰীৰ তথ্য দেশখনৰ ভিতৰতে সংৰক্ষণ কৰাটো বাধ্যতামূলক।

ৰাছিয়াৰ সংবাদ সংস্থা টিএএচএচ (TASS)-ৰ মতে, ৰাছিয়াৰ আইন উলংঘা কৰাৰ অভিযোগত দেশখনৰ টেলিকম নিৰীক্ষণ সংস্থাটোৱে হোৱাটছএপৰ গতি লেহেমীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সংস্থাটোৱে দাবী কৰিছে যে দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ লগতে ধন দাবী আৰু জালিয়াতিৰ বাবেও এই মেছেঞ্জাৰ ব্যৱহাৰ কৰা হয়।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব ডিমিট্ৰি পেস্কোভে জনোৱা মতে, যদি মেটাই ৰাছিয়াৰ আইন মানি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে, তেন্তে হোৱাটছএপ পুনৰ সক্ৰিয় (unblock) কৰাৰ সুযোগ থাকিব। তেওঁ কয়, “যদি নিগমে (মেটা) নিজৰ আপোচবিহীন স্থিতিত অটল থাকে আৰু ৰাছিয়াৰ আইন মানি চলিবলৈ অনিচ্ছা প্ৰকাশ কৰে, তেন্তে ইয়াক আনব্লক কৰাৰ কোনো সম্ভাৱনা নাথাকিব।”

টেলিগ্ৰাম এপ্লিকেচনকো আইন মানি চলিবলৈ নিৰ্দেশ দি ৰাছিয়াৰ নিৰীক্ষণ সংস্থাটোৱে ‘পৰ্যায়ক্ৰমে নিষেধাজ্ঞা’ৰ ভাবুকি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ৰাছিয়া চৰকাৰে দেশখনত বিক্ৰী হোৱা সকলো নতুন স্মাৰ্টফোন আৰু টেবলেটত ৰাষ্ট্ৰ-সমৰ্থিত এপ্লিকেচন ‘মেক্স’ (Maks) প্ৰি-ইনষ্টল কৰাটো বাধ্যতামূলক কৰিছে। মেছেজিং আৰু ডিজিটেল লেনদেনৰ সুবিধা থকা এই এপটোক টেলিগ্ৰাম আৰু হোৱাটছএপৰ বিকল্প হিচাপে উপস্থাপন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd