• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ছ’চিয়েল মিডিয়াত জেলেনস্কিয়ে কয় যে এনে আক্ৰমণ সন্ত্ৰাসবাদী কাৰ্যতকৈ কম নহয়। উদ্ধাৰকাৰী দলে বৰ্তমানেও ক্ষতিগ্ৰস্ত অঞ্চলত তালাচী চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2026 8:44 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ গৃহ চহৰ ক্ৰীভি ৰিহত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণত কমেও ১৪ জন লোক নিহত হৈছে। ২২টা শিশুসহ আন ১২১জন লোক আহত হয়। শুকুৰবাৰৰ এই আক্ৰমণক শেহতীয়াকৈ ইউক্ৰেইনত অন্যতম মাৰাত্মক আক্ৰমণ হিচাপে দেখা গৈছে।

স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণত চহৰখনৰ এটা শ্বপিং চেণ্টাৰক লক্ষ্য কৰি লোৱা হৈছিল। জেলেনস্কিয়ে অভিযোগ কৰে যে উদ্ধাৰকাৰী আৰু জৰুৰীকালীন সেৱাই সেই স্থানত উপস্থিত হোৱাৰ লগে লগে প্ৰথমটো আক্ৰমণৰ পিছত দ্বিতীয়বাৰৰ বাবে ড্ৰ’ন আক্ৰমণ সংঘটিত হয়।

Apply Now

তেওঁ ইয়াক সম্ভাৱ্য “ডাবল টেপ” আক্ৰমণ বুলি অভিহিত কৰে। ছ’চিয়েল মিডিয়াত জেলেনস্কিয়ে কয় যে এনে আক্ৰমণ সন্ত্ৰাসবাদী কাৰ্যতকৈ কম নহয়। উদ্ধাৰকাৰী দলে বৰ্তমানেও ক্ষতিগ্ৰস্ত অঞ্চলত তালাচী চলাই আছে।

ক্ৰীভি ৰিহক বাৰে বাৰে ৰাছিয়াই আক্ৰমণৰ লক্ষ্য কৰি আহিছে। ২০২৫ চনৰ এপ্ৰিল মাহতো চহৰখনত এক মাৰাত্মক আক্ৰমণ সংঘটিত হৈছিল।সেই কাণ্ডত ২০ জন লোকৰ মৃত্যু হৈছিল, ইয়াৰে ৯ জন আছিল শিশু।

কিয়েভ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৰাছিয়াৰ বৃহৎ আক্ৰমণৰ মাত্ৰ এদিন পিছতে শুকুৰবাৰৰ এই আক্ৰমণ সংঘটিত হয়। ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলা সেই আক্ৰমণত বেলিষ্টিক আৰু ক্ৰুজ মিছাইলৰ লগতে ড্ৰ’ন ব্যৱহাৰ কৰা হৈছিল। ১৬ জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।

ইউক্ৰেইনৰ কৰ্তৃপক্ষই জনোৱা মতে, আক্ৰমণৰ সময়ত কিয়েভৰ মাটিৰ তলৰ মেট্ৰ’ ষ্টেচনত ২০০০ৰো অধিক শিশুকে ধৰি প্ৰায় ৩৮ হাজাৰ লোকে আশ্ৰয় লৈছিল। এই আক্ৰমণত আৱাসগৃহ, এখন বিদ্যালয়, এখন শিশু চিকিৎসালয় আৰু এখন কিণ্ডাৰগাৰ্টেনৰো ক্ষতিসাধন হয়।

জেলেনস্কিয়ে দাবী কৰে যে ৰাছিয়াই কিছুদিনৰ পৰা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছিল আৰু বিভিন্ন ধৰণৰ মিছাইল আৰু ড্ৰ’ন একেলগে ব্যৱহাৰ কৰি অসামৰিক আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছিল।

ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, ৰাছিয়াই নিশাটোৰ ভিতৰতে মুঠ ১৩৫টা ড্ৰ’ন নিক্ষেপ কৰিছিল। ইয়াৰে ১০৭ টা ড্ৰোন গুলীয়াই ভূপতিত কৰা হৈছে বা অক্ষম কৰা হৈছে বুলি তেওঁলোকে দাবী কৰে। খাৰকিভ অঞ্চলত ৰাছিয়াৰ পৃথক পৃথক ড্ৰ’ন আক্ৰমণত ৭৩ আৰু ৬৬ বছৰীয়া দুগৰাকী মহিলাৰ মৃত্যু হয়।আন দুগৰাকী আহত হয় বুলি স্থানীয় কৰ্তৃপক্ষই জনায়।

বাৰে বাৰে হোৱা ড্ৰ’ন আৰু মিছাইল আক্ৰমণে ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো নতুন উদ্বেগৰ সৃষ্টি কৰিছে। আমেৰিকাত নিৰ্মিত পেট্ৰিয়ট প্ৰতিৰক্ষা ব্যৱস্থা ৰাছিয়াৰ বেলিষ্টিক মিছাইলক বাধা দিব পৰা কেইটামান ব্যৱস্থাৰ ভিতৰত অন্যতম। কিয়েভে বাৰে বাৰে পশ্চিমীয়া দেশসমূহক অতিৰিক্ত পেট্ৰিয়ট ইন্টাৰচেপ্টৰৰ বাবে আবেদন জনাইছে।

ইউক্ৰেইনৰ চহৰসমূহত ৰাছিয়াৰ আক্ৰমণ বৃদ্ধি পোৱাৰ পাছতো কিয়েভে ৰাছিয়াৰ ভূখণ্ডৰ গভীৰতাত ড্ৰ’ন আক্ৰমণ অব্যাহত ৰাখিছে। জেলেনস্কিয়ে দাবী কৰে যে ইউক্ৰেইনৰ সীমান্তৰ পৰা ১৬০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত থকা ৰাছিয়াৰ পাৰ্ম চহৰৰ এটা তেল শোধনাগাৰত ইউক্ৰেইনৰ ড্ৰ’নে আঘাত হানে। তেওঁ লগতে দাবী কৰে যে ভলগোগ্ৰাড অঞ্চলৰ মেৰিনভকা সামৰিক বিমানঘাটিতো আক্ৰমণ কৰা হৈছে।

ৰাছিয়াৰ কৰ্তৃপক্ষই পাৰ্মৰ এটা উদ্যোগৰ ক্ষতিৰ কথা স্বীকাৰ কৰিছিল যদিও নামটো নিৰ্দিষ্ট কৰা নাই। ৰাছিয়াৰ সংবাদ মাধ্যম এষ্ট্ৰাই দাবী কৰিছে যে লুকোইলৰ দ্বাৰা পৰিচালিত তেল শোধনাগাৰত অগ্নিকাণ্ড সংঘটিত হৈছে। ইউক্ৰেইনে শক্তি উৎপাদন আৰু ৰপ্তানিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ শেহতীয়াকৈ ৰাছিয়াৰ তেলৰ আন্তঃগাঁথনিক ক্ৰমান্বয়ে লক্ষ্য কৰি লৈছে।

আনহাতে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ৰাছিয়াৰ ১৫টা অঞ্চল আৰু ক্ৰিমিয়াৰ আকাশমাৰ্গত মুঠ ৩২৫খন ইউক্ৰেইনৰ ড্ৰ’ন আটক কৰিছে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘ দূৰত্বৰ ড্ৰ’ন আক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে এই সংঘাতৰ প্ৰভাৱ ইউক্ৰেইনৰ বাহিৰলৈও বিয়পিব বুলি আশংকা কৰা হৈছে। পোলেণ্ড, ৰোমানিয়া আৰু মলদোভাই নিজৰ আকাশমাৰ্গৰ ওচৰৰ যুদ্ধ পৰিস্থিতিৰ সৈতে জড়িত বিমান পৰিবহণ বৃদ্ধি পোৱাৰ বাতৰি প্ৰকাশ কৰিছে। সম্ভাৱ্য ভাবুকিৰ প্ৰতিহত কৰিবলৈ সীমান্ত অঞ্চলত বিমান আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা স্থাপন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd