DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেনৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত ৰাছিয়ান সৈন্য: ছেটেলাইট ছবিক লৈ চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2022 12:56 pm
ইউক্ৰেনৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত ৰাছিয়ান সৈন্য: ছেটেলাইট ছবিক লৈ চাঞ্চল্য
232
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ ইউক্ৰেন আক্ৰমণৰ আশংকাৰ মাজতে প্ৰকাশ পোৱা কিছু ছেটেলাইট ছবিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰকাশিত ছবিবোৰে ইউক্ৰেইন সীমান্তৰ ওচৰৰ অঞ্চলসমূহত ৰাছিয়াৰ সামৰিক বাহিনীৰ নতুনকৈ সঞ্চালন দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে মঙ্গলবাৰে ৰাছিয়াৰ সংসদত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী সকলক সমৰ্থন কৰিবলৈ দেশৰ বাহিৰত সেনা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ বাবে ভোটদান কৰা হৈছিল।

ইয়াৰ পাছতে মেক্সাৰে সংগ্ৰহ কৰা ছবিবোৰত দক্ষিণ বেলাৰুছ আৰু ইউক্ৰেইনৰ সীমান্তৰ ওচৰৰ পশ্চিম ৰাছিয়াৰ একাধিক স্থানত অতিৰিক্ত সেনা চলাচল কৰা দেখা গৈছে।

দক্ষিণ বেলাৰুছৰ মজিৰৰ ওচৰৰ এটা সৰু বিমানক্ষেত্ৰত ১০০ খনতকৈও অধিক বাহন আৰু সৈন্যৰ তম্বু পৰিলক্ষিত হৈছে। বিমানক্ষেত্ৰখন ইউক্ৰেইন সীমান্তৰ পৰা ৪০ কিলোমিটাৰতকৈও কম দূৰত্বত অৱস্থিত।

এই ছবিসমূহ প্ৰকাশ পোৱাৰ পিছতে পশ্চিম ৰাছিয়াৰ পোচেপৰ ওচৰত অতিৰিক্ত সৈন্য নিযুক্তিৰ বাবে এটা বৃহৎ এলেকা পৰিষ্কাৰ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।

আনহাতে বেলগোৰোডৰ পশ্চিম উপকণ্ঠত এটা সামৰিক গেৰিছনত এখন নতুন চিকিৎসালয় স্থাপন কৰা হৈছে।

ইউক্ৰেইন সীমান্তৰ পৰা ২০ কিলোমিটাৰতকৈও কম দূৰত্বত বেলগোৰোডৰ দক্ষিণ-পশ্চিমে থকা গ্ৰাম্য অঞ্চলত নতুন সৈন্য বাহিনী আৰু সঁজুলি মোতায়েন কৰা হৈছে।

ইউক্ৰেইন সীমান্তৰ পূবে প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত টেংক, আৰ্টিলাৰী আৰু গধুৰ সঁজুলি পৰিবহনৰ বাবে ব্যৱহাৰ কৰা গধুৰ সঁজুলি পৰিবহনকাৰী বাহনৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে।

ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইনৰ সীমাৰ ওচৰত ১,৫০,০০০ তকৈও অধিক সৈন্য মজুত ৰাখিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া মিত্ৰশক্তিয়ে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে ৰাছিয়াৰ আসন্ন ইউক্ৰেন আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰুপে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আমেৰিকাই পূৱ ইউৰোপৰ নাটো সদস্য ৰাষ্ট্ৰসমূহলৈও নিজৰ সৈন্য প্ৰেৰণ কৰিছে।

অৱশ্যে আমেৰিকা তথা নাটোৰ সতৰ্কবাণীৰ পৰিৱৰ্তে ৰাছিয়াই ইউক্ৰেন আক্ৰমণৰ সম্ভাৱনা অস্বীকাৰ কৰিছে যদিও ইউক্ৰেইনে কেতিয়াও নাটোত যোগদান নকৰিব আৰু পশ্চিমীয়া মিত্ৰজোঁটে পূৱ ইউৰোপৰ পৰা বাহিনী আঁতৰ কৰিব বুলি নিশ্চয়তা বিচাৰিছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd