• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন্মভূমি গুৱাহাটীত খেলাৰ বাবে আগ্ৰহী ৰিয়ান পৰাগ : কঠোৰ অনুশীলনেই সফলতাৰ কাৰণ বুলি ক’লে অসম সন্তানে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 29, 2024 8:11 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত বৃহস্পতিবাৰৰ সন্ধিয়াটোত তেতিয়াই এটা মুক্তিৰ কাহিনী লিখা হৈছিল যেতিয়া ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ত ছিজনৰ দ্বিতীয়খন মেচ ক্ৰমাগত জয় অৰ্জন কৰাত নায়কৰ ভূমিকা লৈছিল৷

গুৱাহাটীৰ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰপূৰ্বে এই ষ্টেডিয়ামতে প্ৰথমখন মেচতো ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে ছিজনৰ আৰম্ভনি কৰোৱাত অন্যতম ভূমিকা লৈছিল৷ প্ৰথম দুখন মেচতে হীৰাৰ দৰে চমকিত হোৱা অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানে ছিজনৰ ভাল আৰম্ভণি উপভোগ কৰাৰ লগতে নিজৰ ধাৰাবাহিকতা গভীৰলৈ লৈ গৈ ছিজনৰ অন্তিম মেচখনলৈ বেটিং বিক্ৰম অক্ষয় বন্তীৰ দৰে উজ্বলি ৰখাৰ আশা কৰিছে৷ কাৰণ ৰাজস্থান ৰয়েলছে লীগৰ অন্তিম দুখন মেচ খেলিবলৈ উভতি আহিব ৰিয়ানৰ জন্মভূমি তথা দলটোৰো দ্বিতীয় গৃহ চহৰ গুৱাহাটীলৈ৷

Apply Now

যোৱা নিশাৰ ৰাজকীয় ইনিংছৰ পাছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিয়ানে কয়, ‘এতিয়ালৈকে ছিজনৰ আৰম্ভণি আশা কৰাৰ দৰেই হৈছে আৰু আগলৈও এই ফৰ্ম অব্যাহত ৰখাৰ আশা কৰিছো৷ আমি এই ছিজনত পুনৰ গুৱাহাটীলৈ খেলিব যাব৷ স্বাভাৱিকতে মই উৎসাহিত৷ যোৱা বছৰ গুৱাহাটীত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলাটো নিশ্চিতভাৱে মোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল৷ এইবাৰো আশা কৰিছো আমি উত্তৰ-পূবৰ ৰয়েলছৰ অনুৰাগীসকলক ভাল খেলৰ লগতে দলৰ জয়ৰ সাক্ষী হোৱাৰ আন এক সুযোগ প্ৰদান কৰিব পাৰিম৷’

উল্লেখ্য যে মাত্ৰ ২২ বছৰ বয়সতে আই পি এলৰ ষষ্ঠ ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ অভিষেক কৰা ৰিয়ানে পেছাদাৰী খেলুৱৈ হিচাপে ইতিবাচক-নেতিবাচক অভিজ্ঞতা লাভ কৰিছে আৰু বৃহস্পতিবাৰে সন্ধিয়া খেলা আই পি এলৰ অন্যতম শ্ৰেষ্ঠ এটা ইনিংছ খেলি যুৱ তাৰকাক সকাহ পোৱা যেন পৰিলক্ষিত হৈছে৷ ‘এয়া কঠিন সন্ধিক্ষন আৰু মই বৰ্তমান অলপ আৱেগিক হৈছো৷ মই নিজকে এটা পৰ্যায়লৈ অনাৰ বাবে বহুখিনি কাম কৰিছো৷ বিশেষকৈ মই বহুত অনুশীলন কৰিছো আৰু মই ভাবো এয়া তাৰেই কষ্টৰ ফল এতিয়া পাইছো৷’ ৰিয়ানে লগতে ব্যক্ত কৰে৷

বিগত ছটা ছিজনত বিশেষকৈ যোৱা দুবছৰত ৰিয়ানে যি কঠোৰ পৰিশ্ৰম কৰিছে সেই বিষয়ে উল্লেখ কৰি কয়, ‘মই ভাবো যে এই সফলতা আৰু ধাৰাবাহিকতা বহুত অনুশীলনৰ ফল৷ যোৱা ছিজন সমাপ্ত হোৱাৰ পিছৰে পৰাই মই বহুত অনুশীলন কৰিছো৷ যেতিয়া খেলি আছিলো মই সন্মুখীন হোৱা বলাৰজনৰ কথা মুঠেও ভবা নাই৷ কিন্তু তেওঁ বলিং কৰা বলটোৰ ওপৰত মোৰ তীক্ষ্ণ দৃষ্টি আছিল৷ মই তেনেকুৱা বলবোৰৰ বিৰুদ্ধে বহুত অনুশীলন কৰিছিলো যাৰবাবে শ্বট খেলাত কোনো অসুবিধা হোৱা নাছিল৷’

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইও কালি ৰিয়ানৰ মেচ বিজয়ী ইনিংছৰ বিষয়ে সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল, ভাল খেলিলা ৰিয়ান৷ আপোনাৰ চমৎকাৰ ইনিংছটোৱে দলটোক এই মেচত জয়ী কৰাত সহায় কৰিলে৷ আপোনাৰ ঘৰুৱা খেলপথাৰ গুৱাহাটীয়ে এই ছিজনৰ শেষৰ ফালে আপোনাৰ প্ৰদৰ্শনৰ বাবে অপেক্ষা কৰি আছে৷’ ইফালে, উৎসাহিত ৰিয়ানে মুখ্যমন্ত্ৰীক উত্তৰ দি কৈছিল ‘ধন্যবাদ মহাশয়, ময়ো ঘৰত আহি খেলিবলৈ আগ্ৰহী হৈ আছো৷’ 

উল্লেখ্য যে ক্ৰমাগত দুখন মেচ ঘৰত খেলি উভয় মেচতে জয়লাভ কৰা ৰাজস্থান ৰয়েলছে চলিত আই পি এল তৃতীয়খন মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে আৰু শনিবাৰে দলটো মুম্বাইলৈ যাত্ৰা কৰিব৷ পহিলা এপ্ৰিলত ৱাংখেড়েত এই মেচখন অনুষ্ঠিত হ’ব৷

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd