• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোজাইত সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ সামৰণি

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
October 3, 2018 2:48 pm
IMG-20181003-WA0011
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”মানুহক এডাল সুঁতাৰে বান্ধি ৰখাৰ নাম কবিতা ৷ কবিতাই মানুহক এক কৰে ৷ কবিতাৰ উদ্দেশ্য মহৎ আৰু তেনে কবিতাৰে বিশ্ব জয় কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ, নজৰুল ইছলাম, হীৰেণ ভট্টাচাৰ্যই ৷” এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানৰ ৷

চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিল৷ নীলবাগান ক্ৰীড়া সন্থাৰ খেলপথাৰ ‘সমন্বয় ক্ষেত্ৰ’ৰ বাকৰিত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ অধিৱেশনৰ আজি এক আৱেগিক পৰিৱেশত সামৰণি পৰে ৷

Apply Now

সামৰণি অনুষ্ঠানৰ মুকলি সভা কাব্য চিন্তা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, প্ৰভাত বৰা, সাংবাদিক-নিৱন্ধকাৰ জমশ্বেৰ আলী সহ কেবাগৰাকী বিশিষ্ট কাব্য সমালোচকৰ উপস্থিতিত জীপাল হৈ উঠে কবিতাৰ মেহফিল ৷ কবি সন্মিলনৰ মুকলি মঞ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানক এখন সম্বৰ্ধনা পত্ৰৰে ‘কবিতাৰ মঞ্চ’ত উষ্ম আদৰণি জনোৱা হয় ৷ সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে ৷

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, নগাঁও গাৰ্লছ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত বৰা উপস্থিত থাকে ৷ অধ্যাপক মান্নানে নিজৰ ভাষণত কবিতাৰ জৰিয়তে কেনেকৈ সমাজত বিপ্লৱৰ সূচনা হৈছিল তাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ কবিতাৰ জৰিয়তে সমাজ পৰিৱৰ্তন সম্ভৱ বুলিও অধ্যাপক গৰাকীয়ে নিজৰ ভাষণত কয় ৷

কাব্যচিন্তা অনুষ্ঠানত অসমৰ কবিতাৰ আকাশৰ তিনি গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে আনন্দ চন্দ্ৰ দত্তক কবিপ্ৰাণ, ৰাম গোস্বামীক কাব্যৰত্ন  আৰু ভৱেন বৰুৱাক কাব্যঋষি উপাধি প্ৰদান কৰা হয় ৷

দিনৰ এক বজাত সদৌ অসম কবি সন্মিলনৰ অসমৰ বিভিন্ন জিলা কবি সন্মিলনৰ সভাপতি, সম্পাদকৰ সন্মিলন অনুষ্ঠিত কৰা হয় ৷ নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিখন জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু শাখা কবি সন্মিলনৰ সভাপতি, সম্পাদকসকলক একোখনকৈ মানপত্ৰৰে সন্মান জনোৱা হয় ৷

সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাৰ বিপণিসমূহত গ্ৰন্থপ্ৰেমীৰ সঁহাৰি সন্তুষজনক বুলি মন্তব্য কৰে বিপণিসমূহৰ পৰিচালকসকলে ৷  গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰকাশন গোষ্ঠীৰ বিপণিসমূহত অগণন লোকে ভীৰ কৰাটো পৰিলক্ষিত হয় ৷ যুৱ প্ৰজন্মৰ বহু পঢ়ুৱৈয়ে নিজৰ প্ৰিয় গ্ৰন্থ ক্ৰয় কৰা দৃশ্য আছিল গ্ৰন্থৰ জগতৰ বাবে এক আশাৰ বাৰ্তা ৷

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm
ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd