• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইত সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ সামৰণি

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
October 3, 2018 2:48 pm
IMG-20181003-WA0011
195
VIEWS
Share on FacebookShare on Twitter

”মানুহক এডাল সুঁতাৰে বান্ধি ৰখাৰ নাম কবিতা ৷ কবিতাই মানুহক এক কৰে ৷ কবিতাৰ উদ্দেশ্য মহৎ আৰু তেনে কবিতাৰে বিশ্ব জয় কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ, নজৰুল ইছলাম, হীৰেণ ভট্টাচাৰ্যই ৷” এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানৰ ৷

চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিল৷ নীলবাগান ক্ৰীড়া সন্থাৰ খেলপথাৰ ‘সমন্বয় ক্ষেত্ৰ’ৰ বাকৰিত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ অধিৱেশনৰ আজি এক আৱেগিক পৰিৱেশত সামৰণি পৰে ৷

সামৰণি অনুষ্ঠানৰ মুকলি সভা কাব্য চিন্তা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, প্ৰভাত বৰা, সাংবাদিক-নিৱন্ধকাৰ জমশ্বেৰ আলী সহ কেবাগৰাকী বিশিষ্ট কাব্য সমালোচকৰ উপস্থিতিত জীপাল হৈ উঠে কবিতাৰ মেহফিল ৷ কবি সন্মিলনৰ মুকলি মঞ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানক এখন সম্বৰ্ধনা পত্ৰৰে ‘কবিতাৰ মঞ্চ’ত উষ্ম আদৰণি জনোৱা হয় ৷ সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে ৷

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, নগাঁও গাৰ্লছ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত বৰা উপস্থিত থাকে ৷ অধ্যাপক মান্নানে নিজৰ ভাষণত কবিতাৰ জৰিয়তে কেনেকৈ সমাজত বিপ্লৱৰ সূচনা হৈছিল তাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ কবিতাৰ জৰিয়তে সমাজ পৰিৱৰ্তন সম্ভৱ বুলিও অধ্যাপক গৰাকীয়ে নিজৰ ভাষণত কয় ৷

কাব্যচিন্তা অনুষ্ঠানত অসমৰ কবিতাৰ আকাশৰ তিনি গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে আনন্দ চন্দ্ৰ দত্তক কবিপ্ৰাণ, ৰাম গোস্বামীক কাব্যৰত্ন  আৰু ভৱেন বৰুৱাক কাব্যঋষি উপাধি প্ৰদান কৰা হয় ৷

দিনৰ এক বজাত সদৌ অসম কবি সন্মিলনৰ অসমৰ বিভিন্ন জিলা কবি সন্মিলনৰ সভাপতি, সম্পাদকৰ সন্মিলন অনুষ্ঠিত কৰা হয় ৷ নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিখন জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু শাখা কবি সন্মিলনৰ সভাপতি, সম্পাদকসকলক একোখনকৈ মানপত্ৰৰে সন্মান জনোৱা হয় ৷

সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাৰ বিপণিসমূহত গ্ৰন্থপ্ৰেমীৰ সঁহাৰি সন্তুষজনক বুলি মন্তব্য কৰে বিপণিসমূহৰ পৰিচালকসকলে ৷  গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰকাশন গোষ্ঠীৰ বিপণিসমূহত অগণন লোকে ভীৰ কৰাটো পৰিলক্ষিত হয় ৷ যুৱ প্ৰজন্মৰ বহু পঢ়ুৱৈয়ে নিজৰ প্ৰিয় গ্ৰন্থ ক্ৰয় কৰা দৃশ্য আছিল গ্ৰন্থৰ জগতৰ বাবে এক আশাৰ বাৰ্তা ৷

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd