• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডলু চাহ বাগিচাৰ ভূমিত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2022 8:34 am
Greenfield Airport on Dolu tea garden land
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰ জিলাৰ বৃহত্তম চাহ বাগিচা ডলু চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰাৰ বাবে গ্ৰহণ কৰা প্রস্তাৱৰ বিৰোধিতা কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই।

সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে শুভ্ৰজ্যোতি বৰ্ধন আৰু অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতি যোগে চৰকাৰৰ ভূমি অধিগ্ৰহণৰ এই কাৰ্যক ৰাইজ বিৰোধী তথা শ্ৰমিক বিৰোধী আখ্যা দিয়ে।

Apply Now

বৃহৎ বণিয়াৰ স্বাৰ্থত ৰাজ্য চৰকাৰে এই পৰিকল্পনা গ্ৰহণ কৰিছে বুলি অভিযোগ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই তীব্ৰ ভাষাত প্ৰতিবাদ জনাইছে।

অসমৰ কাগজ কল সমূহৰ পৰা আৰম্ভ কৰি মিকিৰ বামুণী গ্ৰাণ্ট, গুৱাহাটী বিমানবন্দৰৰ সম্প্ৰসাৰণ, ডিব্ৰুগড়ৰ মিৰি গ্ৰাণ্টৰ মাটি বণিয়াৰ নামত নামজাৰি আদি কাৰ্যই হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৰাইজ বিৰোধী-শ্ৰমিক বিৰোধী চৰিত্ৰ আৰু বৃহৎ বণিয়া পন্থী প্ৰেম উদঙাই দিছে বুলিও সন্থাই তীব্ৰ ভাষাত সমালোচনা কৰে।

বিবৃতিটোত সন্থাই কয়, “ডলু চাহ বাগিচাৰ উৰ্বৰ ফচলী ভূমি, য’ত চাহ গছ আছেই সেয়া উচ্ছেদ কৰি চাহ শ্ৰমিকসকলৰ জীৱন-জীৱিকাৰ প্ৰশ্নক জলাঞ্জলি দি আৰু অৰ্থনৈতিক-সামাজিক তথা পৰিৱেশ গত প্ৰভাৱৰ কোনো মূল্যায়ন নকৰি ন্যস্তস্বাৰ্থ জড়িত শক্তিৰ স্বাৰ্থত লোৱা ভূমি অধিগ্ৰহণৰ পদক্ষেপ চূড়ান্ত বে-আইনী আৰু অমানৱীয়।”

ইতিমধ্যে কাছাৰ জিলা প্ৰশাসনৰ দ্বাৰা ডলু চাহ বাগিচাত ভূমি অধিগ্ৰহণ সম্পৰ্কে কৰা দুটাকৈ গণ শুনানীত ডলু চাহ বাগিচাৰ শ্ৰমিকসকলে উক্ত ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে বলিষ্ঠ ভাৱে ঐক্যবদ্ধ মত প্ৰকাশ কৰে।

তদুপৰি ডলু চাহ বাগিচাৰ ২৩৮২ গৰাকী চাহ শ্ৰমিকে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে নিজা স্বাক্ষৰ সম্বলিত মত লিখিতভাৱে কাছাৰ জিলাৰ প্ৰশাসনৰ ওচৰত দাখিল কৰে।

এনে পৰিপ্ৰেক্ষিতত অসম চৰকাৰে শ্ৰমিকসকলৰ মতামতক গুৰুত্বসহকাৰে বিবেচনা কৰি গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে উক্ত ডলু চাহ বাগিচাৰ উৰ্বৰ ফচলী ভূমি অধিগ্ৰহণৰ প্ৰস্তাৱ ততালিকে প্ৰত্যাহাৰ কৰি বিকল্প অনুৰ্বৰ ভূমিৰ সন্ধান কৰিব লাগে বুলিও সন্থাই উল্লেখ কৰে।

প্ৰেছ বিবৃতিত নেতাদ্বয়ে ডলু চাহ বাগিচাৰ শ্ৰমিকসকলে এতিয়ালৈকে যি ঐক্যবদ্ধ, শান্তিপূৰ্ণ, গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰ আৰু মালিক পক্ষ তথা আন ন্যস্তস্বাৰ্থ জড়িত পক্ষৰ সকলো অভিসন্ধিক নস্যাৎ কৰি ধাৰাবাহিক সংগ্ৰাম পৰিচালনা কৰি আছে ইয়াৰ প্রতি পূৰ্ণ সমর্থন আগবঢ়ায়।

বিবৃতিত সাম্প্ৰতিক অসমত উচ্ছেদৰ বিৰুদ্ধে আৰু শ্ৰমিকৰ জীৱন-জীৱিকাৰ অধিকাৰৰ ঐক্যবদ্ধ আন্দোলন খুবেই প্ৰাসঙ্গিক বুলি উল্লেখ কৰে।

লগতে এনে শান্তিপূৰ্ণ আন্দোলনক শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ে মাওবাদীৰ অনুপ্ৰৱেশ আখ্যা দি যি ষড়যন্ত্ৰমূলক কল্পকাহিনীৰ অপপ্ৰচাৰ কৰিব খুজিছে তাকো সন্থাই তীব্ৰ গৰিহণা দিয়ে।

ডলু চাহ বাগিচাৰ শ্ৰমিকসকলৰ ন্যায্য শান্তিপূৰ্ণ-গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি অসমৰ সকলো গণতান্ত্ৰিক সংগঠন, ৰাজনৈতিক দল, ট্ৰেড ইউনিয়ন আৰু ব্যক্তিক সমৰ্থন আগবঢ়াবলৈ সন্থাই বিনম্ৰ অনুৰোধ জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd