• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

চাইবাবাৰ মৃত্যু হোৱা নাই, তেওঁক হত্যা কৰা হৈছে : পৰেশ মালাকাৰ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 16, 2024 1:33 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত অধ্যাপক জি এন চাইবাবাৰ মৃত্যু হ’ল? কিন্তু ই  মৃত্যু নে হত্যা ? জি এন চাইবাবাৰ মৃত্যু বা হত্যাৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে, চাইবাবাৰ বিষয়ে আমি অলপ জনা উচিত। অন্ধ্ৰ প্ৰদেশৰ অমলপূৰম নামৰ চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ অতি দুখীয়া কৃষক পৰিয়াল এটাত ১৯৬৭ চনত চাইবাবাৰ জন্ম হৈছিল। পলিঅ’ আক্ৰান্ত চাইবাবা জন্মৰ পৰাই ৯০% শাৰিৰীকভাবে অক্ষম আছিল। পাঁচ বছৰ বয়সৰ পৰা তেওঁ হুইল চেয়াৰ ব্যৱহাৰ কৰিছিল। ভাৰতত দলিত সকল কি দমন-নিপীড়ণ আৰু অৱজ্ঞাৰ মাজত বাচি আছে সেই কথা চাইবাবাই নিজ চকুৰে দেখিছিল। তাৰ তেওঁ ভুক্তভোগী আছিল। তাক তেওঁ  মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। সাত বছৰৰ মূৰত নাগপুৰ জেলৰ পৰা মুক্তিলাভ কৰাৰ পিছত, যোৱা ৮ মাৰ্চৰ দিনা দিল্লীত সম্বোধন কৰা সংবাদ মেল এখনত এটা কথা কৈ তেওঁ ভাগি পৰিছিল।

দলিত সকলৰ সম্পদ বুলিবলৈ একোৱেই নাই। সেই কাৰণেই চাইবাবাৰ মাকে বিচাৰিছিল তেওঁৰ ল’ৰাই পঢ়া-শুনা কৰক। অন্ততঃ বিদ্যা বা জ্ঞান নামৰ এটা সম্পদ আহৰণ কৰক। সেইবাবেই তেওঁ শাৰিৰীকভাবে অক্ষম চাইবাবাক কোলাত লৈ  স্কুলৰ পৰা অনানিয়া কৰিছিল। এইখিনিতে অইন কথা বাদ দি, জেলৰ পৰা ওলাই আহি  যোৱা ৮ মাৰ্চৰ দিনা চাইবাবাই সংবাদ মেলখনত কোৱা কথাখিনিৰ ওপৰত গুৰুত্ব দিলেই সকলো কথা স্পষ্ট হ’ব। চাইবাবাই সেই সংবাদমেলখনত যিমানখিনি কথা কৈছিল তাতকৈ ১০০% শতাংশ কথা তেওঁ নোকোৱাকৈ আছিল। সেই নোকোৱা কথাখিনি জেলৰ ভিতৰৰ আৰু বাহিৰৰ। সেইখিনি কথা নোকোৱাকৈ তেওঁ আমাৰ কল্পনা আৰু বোধ শক্তিলৈ এৰিছিল। চাইবাবাৰ সেই সংবাদমেলখন এখন ঐতিহাসিক সংবাদমেল আছিল। সেই সংবাদমেলখন কেতিয়াও অতীত হৈ নাযায়। সময় গৈ থাকে মানে সংবাদমেলখন আৰু বেছি ভাস্বৰ হৈ গৈ থাকিব। তাৰ কথাবোৰৰ চোক বাঢ়ি গৈ থাকিব। তেওঁ কি কৈছিল? এবাৰ নহয় দুবাৰকৈ প্ৰায় দহ বছৰ কাৰাবাস খাটি যেতিয়া তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিছিল তেওঁৰ নিজৰে বিশ্বাস হোৱা নাছিল যে তেওঁ জেলত নাই। তেওঁ জেলৰ বাহিৰৰ এজন মুক্ত মানুহ। তেওঁ যে জেলত নাই সেই কথাটো  তেওঁ ভাবিবই পৰা নাছিল। চাইবাবাৰ দোষ কি আছিল? ৰাষ্ট্ৰই সন্দেহ কৰিছিল যে তেওঁৰ এটা নিষিদ্ধ মাওবাদী সংগঠনৰ লগত সম্পৰ্ক আছে।সেই সন্দেহতে তেওঁক গ্ৰেপ্তাৰ কৰি নাগপুৰ জেললৈ নিক্ষেপ কৰা হৈছিল।তাৰ চেচন আদলতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। তেওঁক দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদৰ পৰা নিলম্বিত কৰা হৈছিল। তাৰপিছত কি হৈছিল? উচ্চ ন্যায়ালয়ৰ নাগপুৰ শাখাই  এবাৰ তেওঁক মুকলি কৰি দিয়ে আন এবাৰ  তেওঁক জেললৈ নিক্ষেপ কৰে। তাত উচ্চতম ন্যায়ালয়েও উজান দিয়ে।শেষত যোৱা মাৰ্চ মাহত মোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ শাখাই চাইবাবাৰ লগতে আন পাঁচজন অভিযুক্তক দোষমুক্ত বুলি ঘোষণা কৰে। ন্যায়ালয়ে কিয় তেওঁক মুক্তি দিছিল? তেওঁ আৰু আন পাঁচজন অভিযুক্তৰ বিৰুদ্ধে অনা অভিযোগৰ সাক্ষ্য প্ৰমাণ বোৰৰ কোনো ভিত্তি নাছিল, সেইবোৰ মনেসজা আছিল,  আৰু এজন অভিযুক্তৰ বিচাৰ কৰোঁতে যিবোৰ নীতি নিয়ম মানি চলিব লাগে চাইবাবাৰ ক্ষেত্ৰত সেইবোৰো মানি চলা হোৱা নাছিল। তাৰমানে চাইবাবা নিৰ্দোষী আছিল। এই যে ৯০% শতাংশ শাৰিৰীকভাবে অক্ষম ব্যক্তি এজনক এটা চেলৰ মাজত বছৰৰ পিছত বছৰ ধৰি এনেদৰে আৱদ্ধ কৰি ৰখা হৈছিল, জেললৈ নিয়াৰ আগতে সম্পূৰ্ণ সুস্থহৈ থকা মানুহজনৰ শৰীৰত, ক্ৰমে নানা ৰোগে দেখা দিছিল। জেল কৰ্তৃপক্ষই চাইবাবাৰ চিকিৎসা কৰোৱা নাছিল। তেওঁক সময়ত প্ৰয়োজনীয় ঔষধৰ যোগান ধৰা নাছিল। লাহে লাহে চাইবাবা বিভিন্ন ৰোগেৰে ৰোগাক্ৰান্ত হৈ পৰিছিল। এটা এটা কৈ তেওঁৰ শৰীৰৰ অংগবোৰ বিকল হৈ আহিছিল। তাৰ মাজতে চাইবাবাৰ মাক গুৰুতৰ ৰোগত আক্ৰান্ত হৈ পৰিছিল। মাকক চাবলৈ চাইবাবাক অনুমতি দিয়া হোৱা নাছিল। মাকৰ অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছিল। তেওঁ চাইবাবাক চাবলৈ উদ্বাউল হৈ পৰিছিল। শেষত চাইবাবাক নেদেখাকৈয়ে মাকৰ মৃত্যু হৈছিল। তেতিয়াও চাইবাবাক মাকৰ শেষ সৎকাৰ কৰাৰ অনুমতি দিয়া হোৱা নাছিল। মৃতকৰ শ্ৰাদ্ধ আদিত অংশগ্ৰহণ কৰিবলৈও তেওঁক অনুমতি দিয়া হোৱা নাছিল।

Apply Now

কিন্তু  চাইবাবা নিৰ্দোষী আছিল। তেনহ’লে কি হ’ল? এজন নিৰ্দোষী মানুহৰ হাতৰ পৰা তেওঁৰ চাকৰিটো কাঢ়ি লোৱা হ’ল। তেওঁক এটা চেলত আৱদ্ধ কৰি ঘূণীয়া আৰু ৰোগীয়া কৰি পেলোৱা হ’ল। তেওঁৰ দুখতে মাকৰ মৃত্যু হ’ল। আৰু এতিয়া জেলৰ পৰা মুকলি কৰি দিয়াৰ সাত মাহ পিছত বেমাৰে-আজাৰে কাবু কৰা মানুহজন ঢুকাই থাকিল। আচলতে চাইবাবাক তিলতিলকৈ হত্যা কৰা হ’ল। তেওঁলোকে ভাৰতক গণতন্ত্ৰৰ মাতৃভূমি নে পিতৃভূমি বুলি কিবা এটা কয়। ইয়েই গণতন্ত্ৰ পিতৃভূমি, মাতৃভূমিৰ চিনাকিনে? আৰু ই আমাৰ ন্যায়পালিকাৰ কি ৰূপ দাঙি ধৰিছে? মই কি কম ? মই কোৱাৰ কোনো ভাষাই বিচাৰি পোৱা নাই! কেৱল আপোনালোকক চাইবাবাৰ সংবাদ মেলৰ ভিডিওটো চাবলৈ অনুৰোধ কৰিছোঁ। কেনিয়াৰ প্ৰখ্যাত লেখক নগুগি ওৱা থিৱোংগা’ওৰ দ্বাৰা চাইবাবা বাৰুকৈ প্ৰভাৱিত আছিল। বিনা অপৰাধত এদিন মাজনিশা থিৱোংগা’ওকো পুলিচে তেওঁৰ ঘৰৰ পৰা উঠাই নিছিল ঠিক চাইবাবাৰ দৰে। তেওঁৰ অতি মৰ্মস্পৰ্শী উপন্যাস ‘A Grain of Wheat’ খন মই আজি কেইদিনমান আগতে পঢ়িছিলোঁ। দুখৰ কথা যে বিশ্ব বিখ্যাত সেই লেখকজন এতিয়াও আমাৰ মাজত জীয়াই আছে। কিন্তু তেওঁৰ দ্বাৰা প্ৰভাৱিত হোৱা চাইবাবাৰ সেই সৌভাগ্য নহ’ল। মই আকৌ কৈছোঁ, আপোনালোকে চাইবাবাৰ সেই অমৰ ভিডিওটো চাওক আৰু ভাৰতৰ গণতন্ত্ৰ আৰু ন্যায়পালিকা বৰ্তমান কি অৱস্থাত আছে সেই বিষয়ে নিজেই নিজৰ সিদ্ধান্ত লওক।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd