চোৰাং গৰু নহয়, এইবাৰ ছাগলী কঢ়িওৱা বাহন খেদি খেদি জব্দ কৰিলে শালকোচা আৰক্ষীয়ে।
শালকোচা আৰক্ষীয়ে আলমগঞ্জৰ পৰা গুৱাহাটীমুৱা এ,এছ ১৭ চি ০২৮৭ নম্বৰৰ ৮৪ টা ছাগলী কঢ়িওৱা টাটা মোবাইল গাড়ীখনক প্ৰায় ১০ কি: মি: পথ খেদি খেদি আহি চাপৰ চহৰৰ আৰেয়াৰঝাৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে।
শালকোচা আৰক্ষীৰ দলটোৱে ছাগলী কঢ়িওৱা বাহনখনৰ চালকজনক গাড়ীখনৰ নমাই আৰক্ষীয়ে নিজেই বাহনখন চলাবলৈ ধৰোঁতেই বাহনখন দুৰ্ঘটনাত পতিত হয়।
পিছত আৰক্ষীয়ে এক্সকেভেটৰৰ সহায়ত ছাগলীভৰ্তি গাড়ীখন উদ্ধাৰ কৰি চাপৰ থানালৈ আনে।
অৱশ্যে প্ৰায় ১০ মিনিটমান চাপৰ থানাত ৰখাৰ পিছত শালকোচা আৰক্ষীয়ে ছাগলীভৰ্তি গাড়ীখন শালকোচা আৰক্ষী চকীলৈ লৈ যায়। ছাগলীভৰ্তি বাহনখনে শালকোচা আৰক্ষী চকীৰ সন্মুখত আৰক্ষীৰ ‘ছিগনেল’ উলংঘা কৰাৰ বাবেই গাড়ীখনক খেদি খেদি জব্দ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
পিছত শালকোচা আৰক্ষীয়ে জব্দকৃত ছাগলীবোৰ খোৱাৰত দিয়ে। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়ামতে শালকোচা আৰক্ষীয়ে কালি ‘এম ভি এক্ট’ অনুযায়ী ৫০০০/ টকা জৰিমনা কাটি ছাগলী ভৰ্তি বাহনখনক ছাগলীসহ মুকলি কৰি দিছে।
অৱশ্যে গাড়ীখনৰ চালক আৰু ছাগলী ব্যৱসায়ী জনে অভিযোগ কৰামতে শালকোচা আৰক্ষী চকীত থকা দালাল এজনক উপৰঞ্চি টকা আদায় দিয়াৰ পিছতহে আৰক্ষীয়ে ছাগলীসহ গাড়ীখন মুকলি কৰি দিছে।
শালকোচা আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।
সি যি কি নহওঁক, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অলপতে দুইশতাধিক থানাৰ দালালক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চাপৰ থানা কিম্বা শালকোচা আৰক্ষী চকীত টিঘিলঘিলাই ফুৰা কোনো এটা দালালকে আজিলৈকে আটক নকৰাত ৰহস্যৰ সৃষ্টি হৈছে।