• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সম্পূৰ্ণ নিৰ্দেশনা মানি চেলুন খুলিবলৈ সাজু পাৰ্লাৰ সন্থা; চৰকাৰৰ অনুমতিলৈ অপেক্ষা

লকডাউনৰ ফলত দুচিন্তাত ভুগিছে আঢ়ৈ লাখতকৈ অধিক বিউটি পাৰ্লাৰৰ কৰ্মচাৰী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 13, 2020 4:28 pm

2 min read

সম্পূৰ্ণ নিৰ্দেশনা মানি চেলুন খুলিবলৈ সাজু পাৰ্লাৰ সন্থা; চৰকাৰৰ অনুমতিলৈ অপেক্ষা
1.1k
VIEWS
Share on FacebookShare on Twitter

কোভিদ-১৯ৰ ক্ষেত্ৰত মানি চলিবলগীয়া সকলো নীতি নিৰ্দেশনাৰ মাধ্যমৰে ৰাজ্যৰ বিউটি পাৰ্লাৰ খুলিবলৈ সাজু হৈছে ৱেলনেছ এণ্ড পাৰ্লাৰ সন্থা। সন্থাই মাথো অপেক্ষা কৰিছে চৰকাৰৰ অনুমতিলৈ।

ছয়মাইলত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় সন্থাৰ সভাপতি অচিন্ত প্ৰাণ শৰ্মাই। ৰাজ্যৰ চেলুনসমূহ মুকলি কৰিবলৈ অনুমতি বিচাৰি আজি মুখ্য মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

‘চেলুন বিলাক মুকলি কৰি দিবলৈ অনুৰোধ জনাইছো। কোভিদ-১৯ ৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ লৈ চেলুনসমূহ মুকলি কৰাৰ ক্ষেত্ৰত এখন নীৰিক্ষণ কমিটি গঠন কৰি দিব লাগে। আজি তিনিটা বিশেষ অনুৰোধ জনাই মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে।‘ শৰ্মাই কয়।

ইপিনে, যোৱা ১০ দিনৰ পৰা সভাপতি হিচাপে মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰি আছে বুলি তেওঁ উল্লেখ কৰি লগতে কয় ‘তেওঁলোকে আমাক এখন স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ কৈছিল।‘

তেওঁ কয়, ‘প্ৰয়োজন সাপেক্ষে চেলুনসমূহে নীতি নিৰ্দেশনা মানিছে নে নাই সেয়া সন্থাৰ তৰফৰ পৰা নজৰ ৰখাৰ লগতে প্ৰশাসনক সহায-সহযোগিতা আগবঢ়াম। যাতে যন্ত্ৰ-পাতি অথবা অন্যান্য আহিলা প্ৰতিবাৰ ব্যৱহাৰৰ পাছত চেনিটাইজ নকৰাকৈ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব। ‘

তদুপৰি, চেলুন মুকলি কৰিবলৈ জনোৱা অনুৰোধৰ উপৰিও চেলুন, বিউটি পাৰ্লাৰৰ ঘৰ ভাড়াৰ ক্ষেত্ৰত ৰেহাই দিবলৈ চৰকাৰে মালিকপক্ষক আহ্বান জনাবলৈ সন্থাই অনুৰোধ জনায়।

আনহাতে, ডাঙৰ চেলুনসমূহে বিভিন্ন বেংকৰ পৰা লোৱা লোণৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিবলৈ চৰকাৰক অনুৰোধ জনাই তেওঁ কয় ‘ঋণ পৰিশোধৰ সময়সীমা ৩ মাহৰ সলনি ৬ মাহলৈ বৃদ্ধি কৰিব লাগে। ঋণৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ক্ষেত্ৰত বেংক কতৃপক্ষৰ লগত চৰকাৰে আলোচনা কৰিব লাগে।‘

বিউটি পাৰ্লাৰ উদ্যোগৰ সৈতে আঢ়ৈ লক্ষাধিক লোক অসমত জড়িত হৈ আছে বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘চেলুনসমূহৰ এৰিয়া ডাঙৰ হোৱাৰ বাবে ঘৰ ভাড়াও বহুত বেছি হয়। এখন এখন চেলুনত কৰ্মচাৰীৰ সংখ্যা ১০-১৫ গৰাকী থাকে। এজন এজন কৰ্মচাৰীৰ দৰমহা ২০-২৫ হাজাৰ টকা পৰ্য্যন্ত হয়। ঘৰভাড়া, বিদ্যুৎৰ মাছুল পৰিশোধ কৰাৰ ক্ষেত্ৰত কৰ্মচাৰীসকল সমস্যাৰ সন্মুখীন হৈছে।‘

‘বিউটিপাৰ্লাৰ সমূহত লাখ-লাখ টকাৰ প্ৰশাধন সামগ্ৰী ৩-৪ মাহ ধৰি ব্যৱহাৰ কৰা হোৱা নাই, যাৰ ফলত সেইসমূহৰ ম্যাদ ওকলিব আৰম্ভ কৰিছে।‘তেওঁ লগতে কয়।

ইপিনে, লকডাউ:ৰ সময়ছোৱাত দুমাহে মালিক পক্ষই চেলুন বন্ধ হৈ থকা স্বত্তেও নিজৰ ফালৰ পৰা কৰ্মচাৰীক দৰমহা দিলে বুলি উল্লেখ কৰি তেওঁ কয় ‘এতিয়া আমি নিৰুপায়। চৰকাৰৰ লগত সম্পূৰ্ণ সহযোগ কৰি চেলুনসমূহ মুকলি কৰিব পাৰিলে আহিবলগীয়া ভয়াবহ নিবনুৱা সমস্যাৰ পৰা মালিক আৰু কৰ্মচাৰীসকল উদ্ধাৰ হ’ব।‘

তেওঁ জনোৱা অনুসৰি পুৰুষৰ চেলুন বাদ কৰি ৰাজ্যত প্ৰায় ৫ হাজাৰ য়ুনিচেক্স চেলুন আৰু ১০ হাজাৰ মহিলাৰ চেলুন আছে।

Recent News

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

COVID-19 India begins ex

বন্ধুত্বৰ প্ৰতিদান: ভূটানক ১.৫ লাখ কোভিড ভেকচিন উপহাৰ হিচাবে আগবঢ়ালে ভাৰতে

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

press meet of chief election commissioner at Guwahati

২০২১ ৰ নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ’ব? জনালে মুখ্য নিৰ্বাচনী আয়ুক্তই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd