ৰয়েল গ্লৱেল বিশ্ববিদ্যালয় আৰু শৰৎ মহন্ত ফাউণ্ডেশ্ব্যনৰ উদ্যোগত কাইলৈ অৰ্থাৎ ১ মে’ত অনুষ্ঠিত হ’ব লগীয়া শৰৎ মহন্ত সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠান সাময়িকভাৱে স্থগিত ৰখা হৈছে।
দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত দ্বিতীয় পৰ্যায়ৰ ল’কডাউন চলি থকাৰ বাবে এই সিদ্ধান্ত লোৱা হয় বুলি শৰৎ মহন্ত ফাউণ্ডেশ্ব্যন আৰু ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসমৰ বিশিষ্ট শিক্ষাবিদ, সাংবাদিক, মানৱ অধিকাৰ আয়োগৰ সদস্য তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা প্ৰয়াত সৰৎ মহন্তৰ জন্মদিনটোত প্ৰতি বছৰে গুৱাহাটীত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ব্যক্তিয়ে অংশগ্ৰহণ কৰি আহিছে।
আজি শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত শিৱসাগৰ প্ৰেছ ক্লাবৰ উপ সভাপতি, গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শৰৎ মহন্তৰ সন্তন ড০ সাব্যসচী মহন্তই বক্তৃতানুষ্ঠানটো সাময়িকভাৱে স্থগিত ৰখা সিদ্ধান্তৰ কথা অৱগত কৰে।
ইফালে শিৱসাগৰ প্ৰেছ ক্লাব আৰু শিৱসাগৰ মহাবিদ্যালয়ে বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে অনুষ্ঠিত কৰা স্মাৰক বক্তৃতানুষ্ঠানটো ও স্থাগিত ৰখা বুলি জানিবলৈ দিয়ে প্ৰেছ ক্লাবৰ সভাপতি সৌমাৰজ্যোতি মহন্ত আৰু সাধাৰণ সম্পাদক ইনামূল হাজৰিকাই।





