• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

কাশ্মীৰৰ সশস্ত্ৰ বিদ্ৰোহৰ প্ৰথমটো বছৰতে সন্ত্ৰাসবাদীৰ হাতত নিৰ্মম হত্যাৰ বলি হোৱা বিশিষ্ট কাশ্মীৰী পণ্ডিত, কবি তথা সাহিত্যিক সৰ্বানন্দ কৌল প্ৰেমী আৰু তেওঁৰ পুত্ৰ বীৰেন্দ্ৰৰ হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ হৈছে। এই ঘটনাৰ ৩৬ বছৰৰ পাছত ১২ আগষ্ট, বুধবাৰে ৰাজ্যিক তদন্ত সংস্থাই দোষীক বিচাৰি উলিয়াবলৈ ৯’টাকৈ স্থানত ব্যাপক তালাচী চলায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2026 1:05 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰৰ সশস্ত্ৰ বিদ্ৰোহৰ প্ৰথমটো বছৰতে সন্ত্ৰাসবাদীৰ হাতত নিৰ্মম হত্যাৰ বলি হোৱা বিশিষ্ট কাশ্মীৰী পণ্ডিত, কবি তথা সাহিত্যিক সৰ্বানন্দ কৌল প্ৰেমী আৰু তেওঁৰ পুত্ৰ বীৰেন্দ্ৰৰ হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ হৈছে। এই ঘটনাৰ ৩৬ বছৰৰ পাছত ১২ আগষ্ট, বুধবাৰে ৰাজ্যিক তদন্ত সংস্থাই দোষীক বিচাৰি উলিয়াবলৈ ৯’টাকৈ স্থানত ব্যাপক তালাচী চলায়।

 

Apply Now

বিষয়াসকলে জনোৱা অনুসৰি, ১৯৯০ চনৰ এই দ্বৈত হত্যাকাণ্ডৰ গোচৰৰ সন্দৰ্ভত কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ ৰাজৌৰী জিলাৰ ছখন, জম্মুৰ দুখন আৰু কাশ্মীৰৰ এখন স্থানত এই তালাচী চলোৱা হয়। প্ৰথমে অনন্তনাগ জিলাৰ ডুৰু আৰক্ষী থানাত এইমৰ্মে এখন এজাহাৰ ৰুজু কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এছ আই এ-য়ে এই গোচৰৰ দায়িত্ব নিজৰ হাতলৈ নিয়ে।

 

১৯৯০ চনৰ সেই ভয়ংকৰ দিনটো

 

১৯৯০ চনৰ এপ্ৰিল মাহত দক্ষিণ কাশ্মীৰৰ চোফ শালিৰ নিজ বাসগৃহৰ পৰা বিশিষ্ট কবি, সাহিত্যিক, শিক্ষাবিদ তথা সমাজকৰ্মী প্ৰেমী আৰু তেওঁৰ ২৭ বছৰীয়া পুত্ৰ বীৰেন্দ্ৰক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছিল। সমসাময়িক আৰু পৰৱৰ্তী সময়ৰ প্ৰতিবেদন অনুসৰি, তেওঁলোক দুয়োকে হত্যা কৰাৰ পূৰ্বে অবৰ্ণনীয় নিৰ্যাতন চলোৱা হৈছিল। পিছলৈ তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

 

কাশ্মীৰত উগ্ৰবাদৰ উত্থান আৰু পৰৱৰ্তী সময়ত উপত্যকাটোৰ পৰা বৃহৎসংখ্যক কাশ্মীৰী পণ্ডিত পৰিয়ালৰ পলায়নৰ সময়ত সংঘটিত হোৱা এই হত্যাকাণ্ড আছিল অন্যতম মৰ্মান্তিক আৰু চৰ্চিত ঘটনা। পিছে ইমান বছৰৰ পাছতো পৰিয়ালটোৱে ন্যায় পোৱা নাছিল।

 

ন্যায়ৰ বাবে দীৰ্ঘদিনীয়া যুঁজ

 

ন্যায় বিচাৰি পৰিয়ালটোৱে চলোৱা দীৰ্ঘদিনীয়া যুঁজ অৱশেষত গৈ তদানীন্তন জম্মু-কাশ্মীৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাষ পায়গৈ। পৰৱৰ্তী সময়ত প্ৰেমীৰ আন এজন পুত্ৰ ৰাজেন্দ্ৰৰ অভিযোগৰ ভিত্তিত ২০২২ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই হত্যাকাণ্ডৰ নতুনকৈ তদন্ত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল গঠনৰ বাবে জম্মু-কাশ্মীৰ প্ৰশাসনক নিৰ্দেশ দিয়ে। লগতে এজাহাৰত অপহৰণ আৰু লুটপাতৰ দৰে অপৰাধৰ সবিশেষ সন্নিৱিষ্ট কৰিবলৈও কোৱা হয়। শেহতীয়াকৈ ২০২৪ চনৰ এপ্ৰিল মাহতো আয়োগে মুখ্য সচিবক এই বিষয়ত পুনৰীক্ষণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।

 

প্ৰেমীৰ অৱদান আৰু চৰকাৰী স্বীকৃতি

 

কাশ্মীৰৰ সাহিত্য, শিক্ষা আৰু সমাজ সংস্কাৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সৰ্বানন্দ কৌল প্ৰেমী কাশ্মীৰী সমাজত এক অতি সন্মানীয় নাম আছিল। তেওঁৰ অৱদানক স্বীকৃতি জনাই ২০২১ চনত জম্মু-কাশ্মীৰ চৰকাৰে মৰণোত্তৰভাৱে তেওঁক ‘জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত কৰাৰ লগতে অনন্তনাগ জিলাৰ এখন শিক্ষানুষ্ঠান তেওঁৰ নামেৰে নামকৰণ কৰে।

 

তদন্তৰ প্ৰত্যাহ্বান

 

দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা সন্ত্ৰাসবাদৰ সময়ৰ গোচৰসমূহ পুনৰ মুকলি কৰাৰ এক বহল প্ৰচেষ্টাৰ অংশ হিচাপেই এই তালাচী চলোৱা হৈছে। ইয়াৰ পূৰ্বে যোৱা জুন মাহত এছ আই এ-য়ে ১৯৯০ চনতে কাশ্মীৰী পণ্ডিত নাৰ্ছ সৰলা ভাটক হত্যা কৰা গোচৰতো জেলত বন্দী জে কে এল এফৰ নেতা য়াছিন মালিক আৰু আন কেইজনমানক অভিযুক্ত কৰি এখন ৭৩৭ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল।

 

অৱশ্যে, ৩৬ বছৰৰ পাছত পুনৰুজ্জীৱিত হোৱা এই তদন্ত প্ৰক্ৰিয়াত এছ আই এ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইমান বছৰৰ পাছত সাক্ষী বিচাৰি পোৱা কঠিন হোৱাৰ লগতে বহু নথিপত্ৰ অসম্পূৰ্ণ হৈ পৰিছে, আনকি বহুতো সন্দেহযুক্ত অপৰাধীৰ ইতিমধ্যে মৃত্যু হৈ যোৱাৰো সম্ভাৱনা আছে। বৰ্তমানলৈকে এছ আই এ-য়ে তালাচী চলোৱা স্থানসমূহৰ গৰাকীৰ পৰিচয় ৰাজহুৱা কৰা নাই বা এই অভিযানত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd