দিল্লীৰ সত্য নিকেতন অঞ্চলত ছেপ্টেম্বৰৰ ৬ তাৰিখে পাঁচ মহলীয়া এটা ছাত্ৰ-নিবাস ভৱন ভাঙি পৰি সাতজনৰ মৃত্যু হোৱা ঘটনাক লৈ ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। এই গোচৰটো ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ত চলি থকাৰ মাজতে দেশৰ শীৰ্ষ আদালতে বিষয়টো নিজে বিবেচনা কৰাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আহছানুদ্দিন আমানুল্লা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে মঙলবাৰে কয় যে সত্য নিকেতন ঘটনাৰ সৈতে জড়িত বিষয়সমূহ গুৰুতৰ আৰু দেশজুৰি অবৈধ নিৰ্মাণ, অগ্নি-নিৰাপত্তা আৰু আৱাসিক সম্পত্তিক নিয়মবহিৰ্ভূতভাৱে বাণিজ্যিক ব্যৱহাৰ কৰাৰ বৃহত্তৰ গোচৰৰ সৈতে ইয়াৰ সাদৃশ্য আছে।
আদালতত জ্যেষ্ঠ অধিবক্তা অজিত কুমাৰ সিনহাই দিল্লীৰ কলেজ-বিশ্ববিদ্যালয়ৰ ওচৰৰ পেয়িং গেষ্ট, ব্যক্তিগত হোষ্টেল আৰু ছাত্ৰ-আৱাসসমূহৰ সময়সীমাবদ্ধ নিৰাপত্তা পৰিদৰ্শন আৰু বিস্তৃত চেফ্টি অডিটৰ নিৰ্দেশ দিবলৈ আবেদন জনায়। তেওঁ সত্য নিকেতন ঘটনাক লৈ এখন স্থিতি প্ৰতিবেদনো আদালতত দাখিল কৰে।
ইফালে, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা চলিত বিষয়টো দিল্লী উচ্চ ন্যায়ালয়তে থাকিবলৈ দিয়া অনুৰোধ কৰা হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই অনুৰোধ গ্ৰহণ নকৰি ইংগিত দিয়ে যে প্ৰয়োজন হ’লে দিল্লী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটো উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰিব পাৰে। আদালতে বিষয়টো কেৱল দিল্লীত সীমাবদ্ধ নাৰাখি সমগ্ৰ দেশৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰিছে।
সত্য নিকেতন দুৰ্ঘটনাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে ইতিমধ্যে পৌৰসভাৰ সৰ্বোচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। লগতে পৌৰসভাৰ অধীনস্থ সকলো পেয়িং গেষ্ট এক সপ্তাহৰ ভিতৰত পৰিদৰ্শন কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আদালতে ঘটনাটোৰ বাবে কেৱল ভৱন মালিককেই দায়ী নকৰা উচিত বুলি উল্লেখ কৰি সংশ্লিষ্ট প্ৰশাসনিক সংস্থাসমূহৰ দায়িত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।
ছেপ্টেম্বৰৰ ৬ তাৰিখে সত্য নিকেতনৰ এটা পাঁচ মহলীয়া ভৱন, যিটো ছাত্ৰসকলৰ বাবে পেয়িং গেষ্ট হিচাপে ব্যৱহাৰ হৈ আছিল, মেৰামতিৰ কাম চলি থকা অৱস্থাত ধ্বংস হৈ পৰে। ঘটনাটোত সাতজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। এই ঘটনাৰ পাছত দিল্লীত ছাত্ৰ-আৱাসসমূহৰ নিৰাপত্তা আৰু অবৈধ নিৰ্মাণক লৈ নতুনকৈ উদ্বেগ সৃষ্টি হৈছে।
১০ ছেপ্টেম্বৰৰ শুনানিত এতিয়া মূল নজৰ থাকিব-সত্য নিকেতন ঘটনাৰ তদন্তৰ দিশ, পেয়িং গেষ্ট আৰু হোষ্টেলসমূহৰ চেফ্টি অডিট, আৰু দেশজুৰি অবৈধ তথা অনিৰাপদ নিৰ্মাণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে কোনো নতুন নিৰ্দেশনা জাৰি কৰে নেকি তাৰ ওপৰত।





