• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত অধ্যক্ষক ঘুচিয়াই লুটিয়াই দিলে বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰই

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 5, 2018 1:17 pm
অভিযুক্ত ছাত্ৰজন। ছবি- নৰ্থ ইষ্ট নাও।

অভিযুক্ত ছাত্ৰজন। ছবি- নৰ্থ ইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ২য় খন চৰকাৰী স্কুল শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত বৃহস্পতিবাৰে সংঘটিত হ’ল এক নজিৰবিহীন ঘটনা। পুৱা বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ প্ৰাকক্ষণত স্বয়ং বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে সামান্য কথাতে শিক্ষাগুৰু, বিদ্যালয় খনৰ অধ্যক্ষ ৰমেন শৰ্মাক শাৰীৰিকভাৱে প্ৰহাৰ কৰে।

ঘটনাৰ বিৱৰণী মতে পুৱা ৮. ৪৫ বজাত বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে অধ্যক্ষগৰাকীয়ে প্ৰতিটো শ্ৰেণীকোঠা পৰিদৰ্শন কৰিছিল। ঠিক তেনে সময়তে নৱম শ্ৰেণীৰ কোঠাৰ সন্মুখত এদল ছাত্ৰই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰা দেখি অধ্যক্ষজনে নিয়ন্ত্ৰণ কৰিবলৈ উক্ত স্থানত উপস্থিত হোৱাৰ পাছতেই দশম শ্ৰেণীৰ ছাত্ৰ তথা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকজনে অধ্যক্ষক উদ্দেশ্যি কটু বাক্য নিক্ষেপ  কৰে। অধ্যক্ষজনে “তুমি কি কৈছা” বুলি ছাত্ৰজনক প্ৰশ্ন কৰাত ছাত্ৰজনে অধ্যক্ষগৰাকীৰ মূৰত এটা প্ৰচণ্ড ঘোচা মাৰে।

Apply Now

ছাত্ৰজনে অতৰ্কিতে কৰা এই আক্ৰমণত অধ্যক্ষগৰাকীয়ে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি বিদ্যালয়ৰ বাৰাণ্ডাত বাগৰি পৰে। লগে লগে আন ছাত্ৰই অভিযুক্ত ছাত্ৰজনক কৰায়ত্ব কৰে আৰু আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী আহি অধ্যক্ষ ৰমেন শৰ্মাক  শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায়।

ঘটনাৰ পিছতেই বিদ্যালয়ৰ শিক্ষক গোটে ক’লা বেজ পৰিধান কৰাৰ লগতে এখন জৰুৰী সভাৰ আয়োজন কৰে। বিদ্যালয়ৰ শিক্ষক গোটৰ সিদ্ধান্ত অনুসৰি অধ্যক্ষই অভিযুক্ত ছাত্ৰজনৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩২২ ধাৰাৰ অধীনত ১০২৮/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰে।

বিয়লি দুই বজাত অধ্যক্ষ ৰমেন শৰ্মা চিকিৎসালয়ৰ পৰা বিদ্যালয়ত উপস্থিত হৈ তৎকালীনভাৱে বলবৎ হোৱাকৈ অভিযুক্ত ছাত্ৰদ্বয়ক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰে।

উল্লেখ্য যে এই বিদ্যালয়ৰেই আনজন দশম শ্ৰেণীৰ ছাত্ৰই দুদিন পূৰ্বে নিজৰ ফে’চবুক একাউন্টৰ পৰা বিদ্যালয়ৰ শিক্ষাগুৰুক উদ্দেশ্যি অশ্লীল মন্তব্য কৰিছিল।

দুয়োজন ছাত্ৰক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ শিক্ষক গোটৰ লগতে প্ৰাক্তন ছাত্ৰই অধ্যক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে।

ঘটনাটো নিন্দা কৰি সতীৰ্থ মিলন ৯৭ৰ সভাপতি আটিশ গুপ্তা আৰু কোষাধ্যক্ষ শ্যামকানু বৰুৱাই অভিযুক্ত ছাত্ৰদ্বয়ক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd