দীৰ্ঘদিন ধৰি প্ৰাপ্য গ্ৰেড পে’ৰ পৰা বঞ্চিত হৈ থকাৰ পিছত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই অৱশেষত দ্বাৰস্থ হ’ল ন্যায়ালয়ৰ। উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকক ৯,৪০০ টকা গ্ৰেড পে’ প্ৰদানৰ পোষকতা কৰাৰ পিছতো বিষয়টোত গুৰুত্ব নিদিয়াত সন্থাই উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি) ৬৫৯৯/২০১৮ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে।
উক্ত লেখ আবেদনখনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল এছ জমীৰৰ এজনীয়া বিচাৰপীঠে ৬ সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি বিত্ত আৰু শিক্ষা বিভাগলৈ জাননী জাৰি কৰিছে।
সন্থাৰ সভাপতি প্ৰশান্ত দত্ত আৰু সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই এক বিবৃতিযোগে এই কথা জানিবলৈ দি কয় যে পূৰ্বৰ ৩১২/২০১৪ নম্বৰৰ এক গোচৰ সংক্ৰান্তত উচ্চ ন্যায়ালয়ে গ্ৰেড পে’ৰ প্ৰসংগত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি দিছিল। এই সমিতিয়ে স্নাতক শিক্ষতসকলক বিজ্ঞানাগাৰ নিৰ্দেশকৰ সমান গ্ৰেড পে’ ৯,৪০০ টকা প্ৰদানৰ হকে প্ৰতিবেদন দাখিল কৰে।
কিন্তু উক্ত সমিতিৰ প্ৰতিবেদনৰ পিছতো স্নাতক শিক্ষকসকলক ৮,৭০০ টকা গ্ৰেড পে’ প্ৰদান কৰি অতিৰিক্ত ভাত্তা হিচাপে তিনিশ টকাহে প্ৰদান কৰা হয়। সেয়েহে প্ৰাপ্য গ্ৰেড পে’ বিচাৰি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বুলি সন্থাৰ নেতা দুগৰাকীয়ে জানিবলৈ দিয়ে।