অৰুণাচলৰ ইষ্ট কামেং জিলাৰ ছেইজোছা এলেকা হৈছে ১৮০ টা প্ৰজাতিৰ পখিলাৰ আৱাসভূমি। এগৰাকী চৰকাৰী বিষয়াই জনাইছে যে পখিলাৰ ওপৰত গৱেষণাত উদগণি জনোৱা এটা বাৰ্ষিক কাৰ্যসূচীত এই তথ্য প্ৰকাশিত হৈছে।
চৰকাৰী বিষয়াসকলে জনোৱা মতে পখিলাৰ গুৰুত্বপূৰ্ণ প্ৰজাতিকেইটা হৈছে ক্ৰেটিয়াছ চাইৰিনা (Creteus Cyrina’), আৰ্হপালা ইনিয়া (Arhopala Oenea) আৰু চেৰছ’নেছিয়া ইণ্টাৰমেডিয়া (Chersonesia Intermedia’)।
উত্তৰ-পূৰ্বাঞ্চলৰ পখিলা গোটৰ (the Butterflies of Northeast India Group) ৫ম সন্মিলনখন ‘পাক্কে বন্যপ্ৰাণী অভয়াৰণ্য আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল’ত অনুষ্ঠিত হৈ যায়।
বিষয়াসকলে কৈছে যে সন্মিলনখন হৈছে পখিলাৰ প্ৰতি উৎসাহীসকল, বন্যপ্ৰাণী গৱেষক আৰু বন বিভাগৰ কৰ্মীসকলৰ মত বিনিময়ৰ বাবে এখন উমৈহতীয়া মঞ্চ।
এই সন্মিলনখনত অসম, পশ্টিম বংগ, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰ, হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশ আৰু মেঘালয় আদি ৰাজ্যৰ প্ৰায় ৫০গৰাকী পখিলাপ্ৰেমীয়ে অংশগ্ৰহণ কৰিছিল।
ছেইজোছাৰ অতিৰিক্ত উপায়ুক্ত টি আৰ টাপুৱে কৈছে ‘‘পাক্কে হৈছে জৈৱ-বৈচিত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ স্থান। ই এই এলেকাটোৰ জৈৱিক উৎকৰ্ষতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’’ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে শৈক্ষিক প্ৰতিষ্ঠান, কাৰ্যালয় আৰু ঘৰেৰে পখিলাৰ বাবে বাগিচা স্থাপন কৰাৰ কথাটোতো গুৰুত্ব প্ৰদান কৰে।