NORTHEAST NOW (Assamese)

চে’লফিৰ বাবে বিহু মেলালৈ ভয় বৰষাৰাণীৰ

April 23, 2019 5:57 pm · মানস প্ৰতিম গগৈ
Updated: April 23, 2019 6:39 pm
বৰ্ষা ৰাণী বিষয়া। ছবি সৌজন্য-- Daily News 360।

চেলফিৰ বাবে বিহু মেলালৈ যাবলৈ ভয় কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ মাৰ্ঘেৰিটাৰ এখন বিহু মঞ্চত অভিনেত্ৰী তনভী শৰ্মা, অমৃতা গগৈৰ সৈতে নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ক’লে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে৷

মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহি অভিনেত্ৰী বৰষাই উজনি অসমত ৰাসত অংশগ্ৰহণ কৰিবলৈ আহি চেলফিৰ উৎপাতত কি পৰিস্থিতিৰ সন্মুখীন হ’ল তাকো ব্যক্ত কৰিলে নাটকীয় ভংগিমাৰে৷

সন্মিলনখনত অভিনেত্ৰী তনভী শৰ্মা, অমৃতা গগৈৰ লগতে বৰষাৰাণীয়ে নৃত্য পৰিৱেশন কৰি সকলো দৰ্শককে মুগ্ধ কৰি তোলে৷

দুদিনীয়া কাৰ্য্যসূচীৰে নিজমাকুম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনখনি সোমবাৰে পুৱা সামৰণি পৰে৷

প্ৰথম দিনা পুৱা বিহুৱান উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে৷ স্মৃতি তৰ্পণ কৰে কাৰ্য্যকৰী সভাপতি জিতু সন্দিকৈয়ে৷

সন্মিলন উপলক্ষে বিহু গীত, বিহু নাচ, মৌ-কুঁৱৰী, বিহুৱতী, হুঁচৰি আদি প্ৰতিযোগিতা অন্তিম দিনালৈকে অনুষ্ঠিত হয়৷

জেং বিহুত প্ৰথম স্থান লাভ কৰে বঢ়মথুৰী তিনিচুকীয়াই৷ হুঁচৰিত প্ৰথম স্থান লাভ কৰে চৰাইদেউ (সোণাৰি), দ্বিতীয় স্থান লাভ কৰে পচোৱা (ডিগবৈ) দলে।

বিহুৱতী সন্মান লাভ কৰে ৰিতুপৰ্ণা দাসে (ডিব্ৰুগড়), মৌ কুঁৱৰী হয় বাৰ্বী সোণোৱাল (তিনিচুকীয়া)৷

সন্ধিয়া অনুষ্ঠিত মুকলি সভা ও বঁটা বিতৰণী সভাত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব তথা অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে পৌৰোহিত্য কৰে৷ অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক মানস প্ৰতিম গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ লিম্বু, ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ সভাপতি সুমন খালেন, সমাজকৰ্মী অংগুন চাউচেন, ৰাজীৱ চেতিয়া, শিক্ষক ধৰ্মৰঞ্জন কোঁৱৰকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

আঁত ধৰে মুখ্য সম্পাদক দিলীপ কোঁৱৰ আৰু কৰ্ণধাৰ সমিতিৰ অন্যতম আহ্বায়ক বিচিত্ৰ কোঁৱৰে৷ নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় শিল্পী ৰাকেশ ৰিয়ান আৰু দীপশিখা বৰাই সংগীত পৰিৱেশন কৰে৷

Related News