• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীয়ে ৰোডশ্ব’ কৰিলে ট্ৰেফিক জাম হয়, মোদীয়ে কৰিলে নহয় নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ

by
April 18, 2024 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰীয়ে উজনি অসমলৈ আহিবলৈ ভয় কৰিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া, চাহ শ্ৰমিকক উচ্চ হাৰত মজুৰি দিম বুলি কৈয়ো দিব নোৱৰা আৰু ফ’ৰলেন আজিও সম্পূৰ্ণ কৰিব নোৱাৰা বাবেই হয়তো প্ৰধানমন্ত্ৰী মোদীয়ে আজি উজনি অসমলৈ আহিবলৈ সাহস গোটাব নোৱাৰিলে। ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিছো বুলি কৈ ফুৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাষতেই মণিপুৰ আছে বাবেই উজনি অসমলৈ আহিবলৈ ভয় কৰিছে। আজি ডিব্ৰুগড়ত এক সংবাদমেলত এইদৰে কয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা পৱন খেৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটীৰ ৰোডশ্ব’ আৰু নামনি অসমৰ নলবাৰী ভ্ৰমণ সন্দৰ্ভতো মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।

‘ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যান-জঁটৰ দোহাই দি গুৱাহাটী মহানগৰীৰ মাজেৰে ৰাহুল গান্ধীৰ যাত্ৰাক অনুমতি দিয়া হোৱা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ বাবে গোটেই গুৱাহাটী মহানগৰীখনেই দি দিছে। আচৰিত কথা এয়ে যে মোদী আহি পোৱাৰ আগতে ৰিহাৰ্চেল কৰিবৰ বাবেই জিএছ ৰোড বন্ধ কৰি দিছিল, এম্বুলেন্স পৰ্যন্ত ৰখাই থৈছিল।’- মোদীয়ে ৰোডশ্ব’ কৰিলে ট্ৰেফিক জাম নহয় নেকি বুলি প্ৰশ্ন কৰি এইদৰে কয় পৱন খেৰাই। যিগৰাকী হিমন্ত বিশ্বই ৰাহুল গান্ধীক গুৱাহাটীৰ মাজেৰে গ’লে জেললৈ প্ৰেৰণ কৰিম বুলি কৈছিল সেইগৰাকী মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী অধিসূচনা চলি থকাৰ সময়তো মোদীৰ বাবে ৰিহাৰ্চেল কৰিবলৈকো জিএছ ৰোড বন্ধ কৰি দিয়া কাৰ্যক তীব্ৰ নিন্দা কৰে খেৰাই। তেওঁ আৰু কয় যে ২০১৪ চনত যি ৰন্ধন গেছৰ দাম ৪০০ টকা আছিল আজি সেই ৰন্ধন গেছৰ দাম ১০০০ অতিক্ৰম কৰিলে, পেট্ৰ’ল-ডিজেলকে ধৰি সকলো অত্যাৱশ্যাকীয় সমাগ্ৰীৰ আজি দাম বৃদ্ধি পাইছে যদিও সেইবোৰলৈ বিজেপি চৰকাৰৰ কোনো ভ্ৰূক্ষেপ নাই। চৰকাৰ গঠন কৰিলেই মূল্যবৃদ্ধি ৰোধ কৰা, বছৰি ২ কোটি চাকৰি দিম বুলি কোৱা সকলো প্ৰতিশ্ৰুতি মোদীয়ে পাহৰি গ’ল বুলিও তেওঁ কয়। তেওঁ কয়, ‘আজি এদিনত ৩০ জনকৈ কৃষকে আত্মহত্যা কৰে। এয়া মই নিজে কোৱা পৰিসংখ্যা নহয়, এয়া হৈছে চৰকাৰে সংসদত দিয়া পৰিসংখ্যা। মণিপুৰত কি হৈছে সকলোৱে দেখিছেই।

প্ৰধানমন্ত্ৰী আজি নলবাৰীলৈ আহিছে। নলবাৰীৰ পৰা মণিপুৰলৈ বেছি দূৰ নহয়। যদি হিমন্ত বিশ্ব শৰ্মাই হেলকপ্টাৰ নিদিয়ে তেন্তে আমিয়েই মণিপুৰলৈ যোৱা টিকটৰ ব্যৱস্থা কৰি দিম বুলি কৈছো। কিন্তু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিছো বুলি কৈ ফুৰা বিশ্বগুৰু মোদীয়ে আজিলৈকে মণিপুৰৰ হিংসা বন্ধ কৰিব পৰা নাই। এয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক।’ সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে পঞ্চ ন্যায়ৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছে কৃষক, শ্ৰমিক, যুৱক-যুৱতী, মহিলা, জাতি-জনগোষ্ঠী সকলোকে ন্যায় প্ৰদান কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। পঞ্চ ন্যায়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলেই যুৱত-যুৱতীসকলে ১ লাখ টকাকৈ এপ্ৰেণ্টিচিপ লাভ কৰিব, খালী হৈ থকা ৩০ লাখ চাকৰি পূৰণৰ ব্যৱস্থা কৰিব আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে ১ লাখ টকাকৈ প্ৰদান কৰিব। ‘আমি গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দি গৈছো। মানুহৰ মনত এতিয়া শংকা হৈছে যে এইবাৰেই শেষ নিৰ্বাচন হ’ব যদিহে মোদী আকৌ জিকে।

Apply Now

ৰাছিয়াৰ পুটিনৰ দৰেকৈ গাদীত বহি যাব আৰু সকলো শেষ কৰি সেই গাদী কাকো এৰি নিদিব। আপোনাৰ-আমাৰ কথা কোৱাৰ অধিকাকো কাঢ়ি ল’ব। চৰকাৰক প্ৰশ্ন কৰাতো বন্ধ কৰি দিব লাগিব। হয়তো আজি সংবাদমেল কৰাৰ দৰে আৰু সংবাদমেল কৰাতো সম্ভৱ নহ’ব, আমাক সকলোকে জেললৈ পঠিয়াই দিব। অলপ অলপকৈ এনে হোৱা আমি সকলোৱে দেখিবলৈ পাইছোৱেই। যদিহে এইবাৰো মোদী আৰু বিজেপি জিকি যায় তেন্তে এয়াই হ’ব আৰু একো নহ’ব।’-এইবাৰৰ নিৰ্বাচনত গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে ভোট দিবলৈ সকলোকে আহ্বান জনাই এইদৰে কয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd