ধুবুৰী জিলাৰ প্ৰথম সাংবাদিক পেন্সন লাভ কৰা জ্যেষ্ঠ মোছলেম উদ্দিন আহমেদক অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড‘ উপেন্দ্ৰজিৎ শৰ্মা,ধুবুৰী জিলা সাহিত্য সভা,হাকামা শাখা সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়৷ উল্লেখ যোগ্য যে যোৱা ১৪ আগষ্টত অসম চৰকাৰে ২০২১-২২ বৰ্ষৰ ২০ গৰাকী সাংবাদিকক পেন্সন প্ৰদানৰ তালিকা প্ৰকাশ কৰে৷
তালিকাত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জ্যেষ্ঠ সাংবাদিক মোছলেম উদ্দিন আহমেদৰ নাম অন্তৰ্ভূক্ত হোৱা জিলাখনৰ সংবাদক্ষেত্ৰত আনন্দৰ লহৰ বৈ যায়৷ তেওঁ জিলা খনৰ প্ৰথমগৰাকী সাংবাদিক পেন্সনাৰ হিচাপে পৰিগণিত হৈছে৷ ১৯৯৭ চনৰ পৰা অৱিৰতভাৱে বিলাসীপাৰাৰ পৰা বিভিন্ন কাকতত সাংবাদিকতা কৰা আহমেদ বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজৰে সংবাদ সেৱা কৰি আহিছিল৷
শেহতীয়াকৈ চৰকাৰে তেওক সাংবাদিক পেন্সন আগবঢ়োৱাত বিভিন্ন দল সংগঠনে সন্তোষ প্ৰকাশ কৰে৷স্থানীয় জ্ঞানালয় জাতীয় বিদ্যালয়ত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড‘ উপেন্দ্ৰজিৎ শৰ্মা, ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদ, ৰামধেনুৰ আহ্বায়ক ড‘ উমেশ দাস, হাকামা শাখা সাহিত্য সভাৰ আলতাপ হুছেইন আদিয়ে ফুলাম গামোচা,কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়৷
সম্বৰ্ধনা গ্ৰহণ কৰি আহমেদে কয় যে জীৱনৰ বিয়লি বেলাত অসম চৰকাৰে তেওক এই সন্মান প্ৰদান কৰাত তেওঁৰ কষ্ট সাৰ্থক হৈছে৷ তেও মুখ্যমন্ত্ৰী, জনসংযোগ বিভাগৰ মন্ত্ৰী তথা চৰকাৰলৈ কৃতজ্ঞতা প্ৰকাশ কৰে৷
উল্লেখযোগ্য যে আহমেদক জোনাকী এছচিয়েচন,গৰিয়া-মৰিয়া,দেশী জাতীয় পৰিষদ,বিলাসীপাৰা জিলা অগপ আদি দল সংগঠনেও সম্বৰ্ধনা জনায় ৷ এই ক্ষেত্ৰত জ্যেষ্ঠ সাংবাদিক মোছলেম উদ্দিন আহমেদক সমাজ সেৱক তথা বিশিষ্ট লেখক ছাজিদ হুছেইন (চাপৰ) প্ৰবন্ধকাৰ তথা বিশিষ্ট কবি ধীমান দাস(চাপৰ) , চাপৰ প্ৰেছ ক্লাব, ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ, প্ৰবন্ধকাৰ আলতাপ হুছেইন আহমেদ( বিলাসীপাৰা , বেলতলী) চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হজৰত আলী আহমেদ , বিশিষ্ট শিক্ষক তথা চাপৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দীপক কুমাৰ মেধি প্ৰমুখ্যে বহু গণমান্য লোকে আন্তৰিক অভিনন্দন ও শুভ কামনা জ্ঞাপন কৰিছে।