• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ চৰ্চাত বগীবিল : দলঙৰ সমীপত উদ্ধাৰ লখিমপুৰৰ এজন যুৱকৰ মৃতদেহ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 3, 2019 1:31 pm
bogibeel-body-youth-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কই যেন লগ এৰিব বিচৰা নাই যোৱা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা বগীবিল দলঙৰ। দলংখন মুকলি কৰাৰ পাছৰে পৰা বিভিন্ন ঘটনা সংঘটিত হৈ অহাৰ সময়তে ২ জানুৱাৰি অৰ্থাৎ বুধবাৰে দলংখনৰ নিচেই ওচৰতে ব্ৰহ্মপুত্ৰ নদীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ বগীবিল অঞ্চলতে।

উদ্ধাৰ হোৱা মৃতদেহটো লখিমপুৰ জিলাৰ ফনীন্দ্ৰ দেব পথৰ নিবাসী ড০ দেব কুমাৰ দেউৰী ভৰালীৰ পুত্ৰ গৌৰৱ কুমাৰ দেউৰী ভৰালী বুলি চিনাক্ত কৰা হৈছে।

Apply Now

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি গৌৰৱে যোৱা ৩০ ডিচেম্বৰত বগীবিল দলং চাবলৈ আহিছিল আৰু তাৰ পাছত তেওঁ উত্তৰপাৰৰ ধেমাজি জিলাত অনুষ্ঠিত হৈ থকা বগীবিল উৎসৱলৈ গৈছিল। আৰু তাৰ পাছৰে পৰাই নিৰুদ্দেশ হৈ আছিল গৌৰৱ। গৌৰৱৰ কোনো শুসূত্ৰ নাপাই অৱশেষত যুৱকজন নিৰুদ্দেশ হোৱা বুলি বগীবিল আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছিল।

‘বুধবাৰে ব্ৰহ্মপুত্ৰত ওপঙি থকা অৱস্থাত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হও গৌৰৱৰ মৃতদেহ। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে’। এজন আৰক্ষী বিষয়াই এই কথা জনায়।

ইফালে বগীবিল দলং চাবলৈ আহি তিতাবৰৰ মুন্না ঠাকুৰ (৩০) নামৰ এজন যুৱকো যোৱা ২১ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ থকাত এতিয়া সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। যুৱকজনে বছৰৰ শেষৰ দিনা ইমদাদ নামৰ এজন বন্ধুৰ সৈতে দলংখন চাবলৈ আহিছিল আৰু তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে।

নিৰুদ্দেশ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই।

উল্লেখ্য যে একেলগে দলং চাবলৈ যোৱা ইমদাদ নামৰ যুৱকজন ঘৰ আহি পালে যদিও তেওঁৰ সতীৰ্থ মুন্নাৰ কোনো খবৰ লাভ নকৰাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইমদাদক সোধা পোচা কৰে।

ইফালে আৰক্ষীয়ে জেৰাৰ সময়ত ইমদাদৰ ঘৰৰ পৰা মুন্নাৰ কিছু কাপোৰ উদ্ধাৰ হোৱাত সমগ্ৰ বিষয়টোৱে এক ৰহস্যৰ মাজলৈ ঠেলি দিছে।

ঘটনা সন্দৰ্ভত ইমদাদে জানিবলৈ দি কয়, ‘আমি দলং পৰিদৰ্শন কৰিবলৈ যাওতে মুন্নাই অত্যাধিক সুৰা সেৱন কৰি অনিয়ন্ত্ৰিত হৈ পৰিছিল। সেয়ে মই তাক এৰি ঘৰ গুচি আহিলো’।

ইফালে শোকত ভাগি পৰা মুন্নাৰ মাতৃয়ে কয় যে মই মুন্নাৰ মোবাইলত বহুবাৰ সংযোগ কৰাৰ চেষ্টা কৰিলো কিন্তু তাৰ মোবাইলটো চুইচট অফ দেখাই আছে। ‘মই এই বিষয়ে একো নাজানো, যিকোনো বিনিময়তে মই মোৰ ল’ৰা ঘৰলৈ উভটি অহাটো বিচাৰো’। এইদৰে শোকগ্ৰস্ত মাতৃয়ে আমাৰ আগত কয়।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd