ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহৎ পতন ঘটিছে। চিন্তাত বিনিয়োগকাৰীৰ নিদ্ৰা হৰিছে! সপ্তাহটোৰ প্ৰথম দিনটোতে ভাৰতৰ GIFT Nifty সূচকাংক ২.৩ শতাংশ হ্ৰাস পাইছে। আজি পুৱা GIFT Nifty সূচকাংক ২৩,৭৬১.৫০ ত থিয় দিছে। ডলাৰৰ বিপৰীতে টকা আৰু অধিক হ্ৰাস পাব পাৰে বুলি আশংকা কৰা হৈছে।
মধ্য এছিয়াত সংঘাতৰ পৰিস্থিতি। ইৰাণ যুদ্ধৰ বাবে সোমবাৰে প্ৰতি বেৰেলত তেলৰ মূল্য ১০৫ ডলাৰৰ ওপৰত বৃদ্ধি পালে। যাৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত ডাঙৰ ঘাটি দেখা দিব পাৰে। বিশ্বৰ বজাৰত তেলৰ মূল্য বৃদ্ধি ভাৰতৰ দৰে আমদানি নিৰ্ভৰশীল দেশৰ বাবে যথেষ্ট চিন্তাৰ বিষয়। যদিহে তেল আমদানিৰ ব্যয় বাঢ়ে তেন্তে ভাৰতৰ কাৰেন্ট একাউণ্টৰ ডেফিচিট বৃদ্ধি পাব পাৰে আৰু টকাৰ মূল্য পতনৰ সম্ভাৱনা আছে।
ভাৰতৰ সমান্তৰালকৈ এছিয়াৰ বজাৰতো সোমবাৰে পতনৰ ইংগিত পোৱা গৈছে। জাপানৰ নিকেই ২২৫ ৬.০৫ শতাংশ হ্ৰাস পাই ৫৩ হাজাৰৰ তললৈ নামি গৈছে। দক্ষিণ কোৰিয়াৰ KOSPI ৬.৫ শতাংশ হ্ৰাস পাইছে। ইফালে অষ্ট্ৰেলিয়াৰ এ এছ কে ৩.৬৮ শতাংশ হ্ৰাস পাইছে।
ইৰাণ যুদ্ধৰ মাজতে শুকুৰবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰ তীব্ৰ নিম্নগামী হয়। বেঞ্চমাৰ্ক নিফটি ৫০ ২৪,৫০০ স্তৰৰ তললৈ নামি আহিল। চেন্সেক্স ১,০৯৭.০০ পইণ্ট বা ১.৩৭ শতাংশ হ্ৰাস পাই ৭৮,৯১৮.৯০ পইণ্টত বন্ধ হয়। নিফটি ৫০ ৩১৫.৪৫ পইণ্ট বা ১.২৭ শতাংশ হ্ৰাস পাই ২৪,৪৫০.৪৫ পইণ্টত উপনীত হয়।





