NORTHEAST NOW (Assamese)

মণিপুৰক স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰি লণ্ডনত আত্মগোপন কৰা বিচ্ছিন্নতাবাদী নেতাক দিল্লীত গ্ৰেপ্তাৰ

March 30, 2021 11:56 am · এন ই নাও নিউজ

মণিপুৰৰ এগৰাকী বিচ্ছিন্নতাবাদী নেতা নৰেংবাম সমৰজিত সিঙক সোমবাৰে নেচনেল ইনভেষ্টিগেচন এজেন্সি, চমুকৈ নিয়াৰ হাতত ধৰা পৰিছে।

সোমবাৰে নিয়াই নেতাগৰাকীক মণিপুৰৰ ৰাজধানী ইম্ফললৈ লৈ আহিছে।

নেতাগৰাকীয়ে লণ্ডনত মণিপুৰৰ স্বাধিনতা ঘোষণা কৰিছিল।

শুকুৰবাৰে তেওঁক পাটিয়ালা কোৰ্টত হাজিৰ কৰা হয়।

আদালতে ৩১ মাৰ্চলৈকে তেওঁক জেৰা কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰে।

নেতাগৰাকী দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা বৃহস্পতিবাৰে ৰাতিপুৱা আটক কৰা হৈছিল।

তেওঁ লণ্ডনৰ পৰা এয়াৰ ইণ্ডিয়াযোগেৰে আহি আছিল।

সোমবাৰে ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত তেওঁক নমোৱাৰ পাছতে তেওঁৰ সমৰ্থকসকলে ‘লং লিভ মণিপুৰ’, ‘লং লিভ সমৰজিৎ’ ধ্বনি দিবলৈ ধৰে।

উল্লেখযোগ্য যে ২০১৯ চনত লণ্ডনত সমৰজিতে মণিপুৰক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল।

তদুপৰি আন এজন বিচ্ছিন্নতাবাদী নেতা য়াম্বেন বিৰেনৰ স’তে লগ লাগি লণ্ডনত এখন মণিপুৰৰ সমান্তৰাল চৰকাৰো গঠন কৰিছিল।

তেওঁ নিজকে বৈদেশিক আৰু সুৰক্ষা মন্ত্ৰী আৰু য়াম্বেন বীৰেনক মণিপুৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছিল।

মণিপুৰ চৰকাৰে এই লৈ তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল আৰু গোচৰৰ দায়িত্ব নিয়াক অৰ্পন কৰিছিল।

তেতিয়াৰে পৰা তেওঁলোকে লণ্ডনত আশ্ৰয় লৈ আছিল।

মঙলবাৰে, নিয়াই সমৰজিত আৰু য়াম্বেন বিৰেনকে ধৰি পাঁচজন অভিযুক্তৰ বিৰুদ্ধে এখন চাৰ্জশ্বিট দাখিল কৰিছিল।

মণিপুৰৰ নিয়া স্পেচিয়েল কোৰ্টত তৰা গোচৰটো ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি আৰু ৪২০ ধাৰা আৰু আইনবিৰুদ্ধ কাম কাজ প্ৰতিৰোধ আইন ১৯৬৭ৰ ১৩ আৰু ১৭ ধাৰামতে তৰা হৈছিল।

 

Related News