• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সেউজ বিশ্বনাথে ৰূপম দাস আৰু যদু নন্দন দাসক জনালে সম্বৰ্ধনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 11:13 am

2 min read

সেউজ বিশ্বনাথে ৰূপম দাস আৰু যদু নন্দন দাসক জনালে সম্বৰ্ধনা

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন সামাজিক দায়বদ্ধতাৰে গুপ্তকাশী বিশ্বনাথ ঘাটৰ সৰ্বাংগীন উন্নয়নমূলক পৰিকল্পনাৰ লগতে গুপ্তকাশী বিশ্বনাথ ঘাটক এক নতুন মাত্ৰা প্ৰদান কৰা অৰ্থে চলিত বৰ্ষত কেইগৰাকী মান নৱ প্ৰজন্মৰ যুৱক-যুৱতীৰ নেতৃত্বত গঢ় লৈ উঠিছিল সেউজ বিশ্বনাথ নামৰ এক সামাজিক অনুষ্ঠান।

নতুনকৈ গঢ় লৈ উঠা সেউজ বিশ্বনাথৰ উদ্যোগত গুপ্তকাশী বিশ্বনাথ ঘাটত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ইতিমধ্যে গুপ্তকাশী বিশ্বনাথ ঘাটৰ পৰা ৰূপম দাসে বহু ঘাত প্ৰতিঘাটৰ মাজেৰে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সেনানী হৈ দুলিয়াজান অধিবেশনত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে আসন অলংকৃত কৰি গৌৰৱ কঢ়িয়াই আনিছে।

লগতে বিশ্বনাথ ঘাটৰ পুৰণি গাঁৱৰ যদু নন্দন দাসে চিকিৎসা বিজ্ঞান বিষয়ত অধ্যয়ন কৰাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজত ইতিমধ্যে আসন লাভ কৰি সমগ্ৰ অঞ্চলটোত এক শুভ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

এই বিশেষ সভাৰ আৰম্ভণিতে অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।

সেউজ বিশ্বনাথৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানটিত আঁত ধৰে সেউজ বিশ্বনাথৰ সভাপতি কাজি জেইদুল ইছলামে আৰু সভাৰ সভাপতিত্ব কৰে মনোজ বৰুৱাই।

মনোজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানটিত ৰূপম দাস আৰু যদু নন্দন দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ৰূপম দাসক এখন ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে আৰু যদু নন্দন দাসক ফুলাম গামোচা আৰু এটি উপহাৰৰে সম্বৰ্ধনা জনোৱা হয়।

ইফালে উক্ত অনুষ্ঠানতে স্থানীয় ৰামধেনু বিহুৱা দলৰ তৰফৰ পৰাও দুয়োগৰাকী ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধিত কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ ঘাটৰ স্থানীয় ইন্দ্ৰজিৎ কোচ, নৱ জ্যোতি দাস,  চিদানন্দ দাস, পৰাগ চৌধুৰীৰ লগতে সেউজ  বিশ্বনাথৰ সম্পাদিকা শিল্পী মনি দাস সহ বিদ্যুত দাস, পিংকুল হাজৰিকা, পৰশ মণি বৰঠাকুৰ, স্নিগ্ধা বৰকটকী আৰু অঞ্চলটোৰ বহু কেইগৰাকী স্থানীয় ব্যক্তি।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd