• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফৰ্বছৰ আটাইতকৈ ধনী লোকৰ তালিকাত শীৰ্ষ ১০-ৰ ভিতৰত ৭ গৰাকীয়েই প্ৰযুক্তি জগতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 6:56 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনতকৈ ধনী হোৱাৰ ভাল সময় হেনো আগতে কেতিয়াও অহা নাই। ফৰ্বছ আলোচনীয়েও তেনেকৈয়ে ভাবে। সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ জয়জয়কাৰ। বজাৰৰ শক্তিশালী পৰিস্থিতি আৰু সহায়ক আৰ্থিক নীতিয়েই ইয়াত ডাঙৰ ভূমিকা লৈছে। এইবোৰৰ ভিত্তিত এইবাৰ ফৰ্বছৰ বিশ্বৰ ধনী লোকৰ তালিকাত অভিলেখ সংখ্যক ব্যক্তিয়ে স্থান লাভ কৰিছে।

এইবাৰ বিশ্বত অতি ধনী ব্যক্তিৰ সংখ্যা ৩৪২৮ গৰাকী। এই সংখ্যা যোৱা বছৰৰ অৰ্থাৎ ২০২৫ চনৰ তুলনাত ৪০০ গৰাকী বেছি। তেওঁলোকৰ মুঠ সম্পদেও অভিলেখ গঢ়িছে। বৰ্তমান এই ধনী লোকসকলৰ সম্পত্তিৰ মুঠ মূল্য ২০.১ ট্ৰিলিয়ন ডলাৰ। যোৱা বছৰৰ তুলনাত এয়া ৪ ট্ৰিলিয়ন ডলাৰ বেছি।

Apply Now

এই তালিকাৰ আটাইতকৈ ধনী লোকসকল আমেৰিকাৰ। এই তালিকাত দেশৰ ৯৮৯ জন লোক আছে। শীৰ্ষ ২০ জনৰ ভিতৰত ১৫ জন আমেৰিকান। ইয়াৰ পিছতে চীন আৰু ভাৰত। এই তালিকাখন ২০২৬ চনৰ ১ মাৰ্চৰ শ্বেয়াৰ বজাৰ আৰু মুদ্ৰাৰ বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে।

এই তালিকাত মূলতঃ প্ৰযুক্তি খণ্ডৰ ব্যৱসায়ীসকলে শাসন কৰিছে। তালিকাত থকা শীৰ্ষ ১০ গৰাকী লোকৰ ভিতৰত সাতগৰাকী প্ৰত্যক্ষভাৱে প্ৰযুক্তি ব্যৱসায়ৰ সৈতে জড়িত। ফৰ্বছ ২০২৬ৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে ইলন মাস্কে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮৩৯ বিলিয়ন ডলাৰ। বৰ্তমান তেওঁৰ বয়স ৫৪ বছৰ। মাস্কে মুঠ ৭টা কোম্পানী প্ৰতিষ্ঠা কৰিছে। ইয়াৰ ভিতৰত আছে ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা টেছলা আৰু ৰকেট নিৰ্মাতা স্পেচএক্স। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ষ্টাৰ্টআপ এক্সএআইৰ সহ-প্ৰতিষ্ঠাপকও।

তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে গুগলৰ প্ৰতিষ্ঠাপক দুগৰাকীয়ে। দ্বিতীয় স্থানত আছে লেৰী পেজ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ২৫৭ বিলিয়ন ডলাৰ। ২০১৯ চনত গুগলৰ মূল কোম্পানী আলফাবেটৰ চিইঅ’ পদৰ পৰা পদত্যাগ কৰে যদিও বৰ্তমান তেওঁ কোম্পানীটোৰ ব’ৰ্ড মেম্বাৰ আৰু নিয়ন্ত্ৰক শ্বেয়াৰহোল্ডাৰ। একে অৱস্থানতে থাকি চাৰ্গেই ব্ৰিন তালিকাৰ তৃতীয় স্থানত আছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ২৩৭ বিলিয়ন ডলাৰ। ২০১৯ চনত আলফাবেটৰ প্ৰছিডেন্ট পদৰ পৰা পদত্যাগ কৰিছিল ব্ৰিনেও। লেৰী পেজৰ দৰেই তেওঁৱো কোম্পানীটোৰ এক উল্লেখযোগ্য অংশীদাৰ। ৫২ বছৰীয়া বন্ধু দুগৰাকী প্ৰযুক্তি খণ্ডৰ শীৰ্ষ ধনী ব্যক্তিৰ ভিতৰত অন্যতম।

তালিকাৰ ৪ নম্বৰ স্থানত আছে ই-কমাৰ্চ কোম্পানী আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ। তেওঁৰ সম্পত্তি ২২৪ বিলিয়ন ডলাৰ। ১৯৯৪ চনত ছিয়াটলৰ নিজৰ গেৰেজৰ পৰা আমাজন আৰম্ভ কৰিছিল। বৰ্তমান তেওঁৰ বয়স ৬২ বছৰ।

৫ নম্বৰত আছে মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ। ৪১ বছৰীয়া জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ ২২২ বিলিয়ন ডলাৰ। ২০০৪ চনত মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ ফেচবুক আৰম্ভ কৰিছিল। সেই সময়ত ই কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে নেটৱৰ্ক আছিল।

চফট্ ৱেৰ কোম্পানী অৰেকলৰ সহ-প্ৰতিষ্ঠাপক লেৰী এলিছন এই তালিকাত ৬ নম্বৰত আছে। তেওঁৰ সম্পত্তি ১৯০ বিলিয়ন ডলাৰ। ৮১ বছৰীয়া কোটিপতিগৰাকীয়ে নিজৰ কোম্পানীৰ প্ৰায় ৪০ শতাংশ শ্বেয়াৰৰ মালিক। বৰ্তমান তেওঁ অৰেকলৰ অধ্যক্ষ আৰু মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

তালিকাৰ ৮ নম্বৰ স্থানত আছে জেনচেন হুয়াং। তেওঁৰ সম্পত্তি ১৫৪ বিলিয়ন ডলাৰ। তেওঁ গ্ৰাফিক্স চিপ নিৰ্মাতা এনভিডিয়াৰ সহ-প্ৰতিষ্ঠাপক। ১৯৯৩ চনত প্ৰতিষ্ঠা হোৱাৰ পৰাই তেওঁ ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰেছিডেন্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বৰ্তমান তেওঁৰ বয়স ৬৩ বছৰ। এআই চিপৰ ক্ৰমবৰ্ধমান চাহিদাই তেওঁক এই উচ্চতালৈ লৈ গৈছে।

প্ৰযুক্তিৰ এই জয়ৰ পৰা স্পষ্ট হৈ পৰিছে যে অনাগত দিনত কোটিপতিৰ তালিকাত নতুন নাম সংযোজন হ’ব। ফৰ্বছৰ মতে কৃত্ৰিম বুদ্ধিমত্তা আৰু বিশেষকৈ অৰ্ধপৰিবাহী উদ্যোগত কাম কৰাসকলে আগবাঢ়ি থকাৰ সম্ভাৱনা অধিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd