উত্তৰাখণ্ডৰ চামোলী জিলাৰ পিপালকোটিৰ সমীপৰ মায়াপুৰত বৃহস্পতিবাৰে সন্ধিয়া ভূমিস্খলন আৰু প্ৰচণ্ড পানীৰ প্ৰবাহৰ ফলত এটা নিৰ্মীয়মান সুৰংগ আংশিকভাৱে ভাঙি পৰে।
তেহৰী জল উন্নয়ন নিগমৰ মালিকানাধীন বিষ্ণুগদ-পিপালকোটি জলবিদ্যুৎ প্ৰকল্পৰ এটা নিৰ্মাণৰত সুৰংগৰ ভিতৰত এই ঘটনা সংঘটিত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ বিষয়াসকলে জনোৱা মতে, হঠাতে হোৱা ভূমিস্খলন আৰু পানী সোমাই যোৱাৰ পিছত সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ পৰে ২২ জন শ্ৰমিক।
লগে লগে বহু সংস্থাৰ ব্যাপক সন্মিলিত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। নিশা ১১ বজালৈ ২১ জন শ্ৰমিকক সুৰংগটোৰ পৰা উলিয়াই অনা হয়। ইয়াৰে ৭ জনক মৃত ঘোষণা কৰাৰ বিপৰীতে ১৪ জন আহত অৱস্থাত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি বিষয়াসকলে জনায়।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৫৭ জন, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ৪২ জন, ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি)ৰ ২১ জন, স্থানীয় আৰক্ষী থানা আৰু আউটপোষ্টৰ ২২ জন, অগ্নিনিৰ্বাপক বাহিনীৰ ৯ জন আৰু জিলা দুৰ্যোগ প্ৰতিৰোধ বাহিনীৰ ৪ জন জোৱানে এই উদ্ধাৰ অভিযান চলাই আছে।
জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত আছে আৰু সাহায্য আৰু উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে। ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ লগতে উদ্ধাৰকাৰী দলসমূহক সহায় কৰিবলৈ হিন্দুস্তান কনষ্ট্ৰাক্টশ্যন কোম্পানী (এইচ চি চি)ৰ যন্ত্ৰপাতি আৰু বিশেষ সঁজুলিও ব্যৱহাৰ কৰা হয়।
আহত শ্ৰমিক সকলক প্ৰথমে চিকিৎসাৰ বাবে গোপেশ্বৰৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰ উপৰিও প্ৰশাসনে বেচ হাস্পতাল শ্ৰীনগৰ আৰু এইমছ ঋষিকেশক সতৰ্ক কৰি ৰাখিছে যাতে যিকোনো গুৰুতৰভাৱে আহত শ্ৰমিকৰ চিকিৎসাৰ সুব্যৱস্থা কৰিব পাৰে।
বিষয়াসকলে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে আৰু প্ৰশাসনে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে।


