• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত : সিদ্ধান্তসমূহ কি কি ? জানিবলৈ পঢ়ক…

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 7, 2020 7:21 pm

2 min read

120734023_2896212680611423_7486949234274937387_o
1.5k
VIEWS
Share on FacebookShare on Twitter

আজি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কেবিনেট সিদ্ধান্তসমূহ ঘোষণা কৰে।

তলত তেওঁ কৰা ঘোষণাসমূহ অসম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :-

  • চৰকাৰী বিভাগৰ সকলো নিযুক্তি পৰীক্ষা বাহিৰৰ ব্যক্তিগত প্ৰতিষ্ঠানক দিয়াৰ ব্যৱস্থাটো আজিৰ পৰা অন্ত পৰিল। কোনোধৰণৰ ব্যক্তিগত প্ৰতিষ্ঠানক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব। কোনো বিশ্ববিদ্যালয় নাইবা বিভাগে নিজেই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব।

 

  • সদৌ বড়ো-কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যাদেশ আজি বিল হিচাপে কেবিনেটে পাছ কৰিছে।
  • বড়ো ভাষা সহযোগী ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। বিটিচি নিৰ্বাচন অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

  • উন্নয়ন পৰিষদৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন ২৫ৰপৰা সৰ্বাধিক ৪৫ গৰাকীলৈকে বৃদ্ধি কৰা হৈছে।
  • বিটিএডি এলেকাৰ চাইন ব’ৰ্ডসমূহৰ বড়ো, ইংৰাজীৰ উপৰিও অসমীয়া ভাষা ব্যৱহাৰৰ সিদ্ধান্ত লোৱা হৈছে।

 

  • পূৰ্বৰ নিয়ম অনুসৰি অসম লোকসেৱা আয়োগত এগৰাকী মহিলা সদস্য থাকিব বুলি নিয়ম আছিল যদিও এতিয়া প্ৰয়োজন সাপেক্ষে বেছি থাকিব পাৰিব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  • অসমৰ ৪২৮ খন চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনত থকাৰ ব্যৱস্থা, পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু য়ুনিফৰ্ম ৰাজ্য চৰকাৰে বহন কৰিব।

 

  • মাজুলীত ফৰেষ্ট বিভাগৰ পৰা দুটা ৰেঞ্জ কাৰ্যালয় আৰু চাৰিটা মাণ্ডলিক কাৰ্যালয় গঠন কৰা হ’ল।
  • কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত স্বীকৃতিপ্ৰাপ্ত আত্ম সহায়ক গোটসমূহক ২৫ হাজাৰ টকাৰ পৰিৱৰ্তে ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব।

 

  • মহা অধিবক্তাৰ পদমৰ্য্যদা কেবিনেট পৰ্য্যায়লৈ উন্নীত কৰা হৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd