• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ নির্বাচনী প্রস্তুতি : নেতাৰ অভাৱত বিধায়ককে লোকসভাত প্ৰাৰ্থিত্ব দিব অগপই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 10, 2019 8:24 pm
AGP (1)(1)

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমুহ। প্ৰতিটো দলেই নিজ নিজ নিৰ্বাচনী ৰণকৌশলেৰে এতিয়া ভোটাৰৰ মাজলৈ আগবাঢ়িছে। তেনে সময়তে আঞ্চলিক দল অগপই বৰ্তমানৰ বিধানসভাৰ পৰা প্ৰতিনিধিত্ব কৰা কেইবাগৰাকী বিধায়কক আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ যো-জা চলাইছে ।

মন কৰিবলগীয়া যে, বৰ্তমান বিধায়ক হৈ থকা বহু নেতাৰ নাম অগপৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। অগপই প্ৰকাশ কৰা ১৩ টা সমষ্টিৰ ৫ টা সমষ্টিতে বৰ্তমানৰ বিধায়কক থিয় কৰাব বিচাৰিছে অগপই।

Apply Now

ইয়াৰ ভিতৰত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কলিয়াবৰ বিধান সভা সমষ্টিৰ বিধায়ক কেশৱ মহন্ত, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী আৰু আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নাম অগপৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

অগপৰ এক উচ্চস্তৰীয় সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৱাহাটী লোকসভা সমষ্টি, বিধায়ক কেশৱ মহন্তই কলিয়াবৰ, বৃন্দাৱন গোস্বামীয়ে তেজপুৰ, প্ৰদীপ হাজৰিকাই যোৰহাট, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

তদুপৰি, দলটোৰ নেতৃত্বৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নেদেখাক লৈ ৰাজ্যৰ জনসাধাৰণ বিতুষ্ট হৈ পৰা বুলি ইতিমধ্যে একাংশই মত প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত লোকসভা নিৰ্বাচনতো নতুন মুখ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত নোহোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

ইপিনে, বিজেপিৰে মিত্ৰতাক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হোৱা ধুঁৱলী কুৱঁলী অৱস্থাক প্ৰত্যাহ্বান জনাই অন্য ৰাজনৈতিক দলৰ তুলনাত আগতীয়াকৈ আঞ্চলিকতাবাদী দলটোৱে ৰাজ্যখনৰ ১৪ টা সমষ্টিৰ কোকৰাঝাৰক বাদ দি প্ৰত্যেকটো সমষ্টিৰ বাবে প্ৰকাশ কৰিলে সাম্ভাৱ্য প্ৰাৰ্থীৰ নাম।

সাম্ভাৱ্য প্ৰাৰ্থীসকলৰ ভিতৰত অগপৰ বহু জ্যেষ্ঠ নেতৃত্বৰ নামো ইতিমধ্যে চৰ্চালৈ আহিছে।

লখিমপুৰত সম্ভাৱ্য প্ৰাৰ্থীৰ ভিতৰত চৰ্চাত আহিছে ড০ পৰমানন্দ সোণোৱাল আৰু অগপৰ জ্যেষ্ঠ নেতা তুলাৰাম গগৈৰ নাম।

তেজপুৰ লোকসভা সমষ্টিত বৰ্তমানৰ তেজুপৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ লগতে অধিবক্তা প্ৰেম শৰ্মাৰ নামো চৰ্চালৈ আহিছে।

ইয়াৰোপৰি, ডিব্ৰুগড়ত অগপৰ সাম্ভাৱ্য প্ৰাৰ্থী ৰাফেল কুজুৰ। লগতে যোৰহাট লোকসভা সমষ্টিত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে চৰ্চালৈ আহিছে হিৰণ্য কোঁৱৰ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নাম।

তাৎপয্যপূৰ্ণভাৱে মঙলদৈ লোকসভা সমষ্টিত চৰ্চালৈ আহিছে পূৰ্বতে ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনতে প্ৰতিনিধিত্ব কৰা নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নাম। বৈশ্যৰ নাম চৰ্চালৈ অহাত বহু অগপ কৰ্মীৰ লগতে মঙ্গলদৈৰ ভোটাৰ ৰাইজৰ মন উৎফুল্লিত হৈ পৰিছে বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি, বহু চৰ্চিত আৰু সকলোৰে দৃষ্টি নিবদ্ধ থকা গুৱাহাটী লোকসভা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থী হিচাপে আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে প্ৰাক্তন কংগ্ৰেছী সাংসদ কিৰিপ চলিহাৰ নাম।

আনহাতে, ধুবুৰী লোকসভা সমষ্টিত জাভেদ ইছলাম, কৰিমগঞ্জত গৌতম দাস, শিলচৰত মিছবাহ উল হক, নুৰুল হুছেইন, ডিফুত প্ৰকান্ত ৱাৰিছা, দেৱজিত থাওছেনৰ নাম চৰ্চাত আহিছে।

অৱশ্যে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা অগপৰ বিধায়ক কেশৱ মহন্তৰ লগতে তেওঁৰ ভাতৃ তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্তৰ নাম চৰ্চালৈ আহিছে।

তদুপৰি বহু চৰ্চিত বৰপেটা লোকসভা সমষ্টিত অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ নাম চৰ্চাত আহিছে আৰু অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd