• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ২৫০ টকা পেন্সনেৰে কেনেকৈ চলিব সন্মানীয় বয়োজ্যেষ্ঠ নাগৰিকসকল? : চিন্তা ব্যক্ত বিভিন্ন মহলৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 4, 2018 10:43 pm
CM-Kushal Konwar 2

মুখ্যমন্ত্ৰী সোণোৱালে বৃদ্ধ পেন্সন আঁচনি মুকলি কৰাৰ মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দুই অক্টোবৰৰ দিনা সৰসজাই আন্তৰ্জাতিক ষ্টেডিয়ামত জকজমকতাৰে  কোটি টকীয়া পেণ্ডেলৰ তলত ৰাজ্যৰ প্ৰায় ২০ লাখ বৃদ্ধ-বৃদ্ধাক ৰাজ্য চৰকাৰে মাহেকীয়া হিচাপত ২৫০ টকীয়া বৃদ্ধ পেন্সন প্ৰদান কৰিছিল। পিচে, দিনক দিনে  বয় বস্তুৰ মূল্য বৃদ্ধিৰ হাৰে উক্ত বৃদ্ধ-বৃদ্ধাসকলক কেনেদৰে সকাহ প্ৰদান কৰিব বা বৃদ্ধ-বৃদ্ধাসকল কেনেদৰ চলিব সেয়া বিচাৰ্য্যৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে, কণা হাঁহক পতান দিয়াৰে লেখীয়া আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনত জয়ী হ’বৰ বাবে এনেধৰণৰ ৰাজনৈতিক চমক সৃষ্টি কৰা বুলি কিছুসংখ্যক ৰাজনৈতিক, অৰাজনৈতিক দলৰ নেতাই দাবী কৰিছে।

Apply Now

যিহেতু পঞ্চায়ত তথা লোকসভা নিৰ্বাচন সমাগত, সেয়েহে কংগ্ৰেছৰ সুতা-কম্বলৰ লেখীয়াকৈ বৃদ্ধ পেন্সন প্ৰদানৰ নামত যেন এক সস্তীয়া ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে শাসনাধীন বিজেপি চৰকাৰখন।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ২০০ টকা আৰু ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কেৱল ৫০ টকাকৈহে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও কিছু দল সংগঠনৰ নেতৃবৃন্দই দাবী কৰে।

চৰকাৰৰ শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিক একমাত্ৰ প্ৰহসন তথা ৰাজনৈতিক চমক বুলি আখ্যা দিয়াৰ লগতে বৃদ্ধ পেন্সনৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবেও বহুতেই আহ্বান জনাইছে।

এই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই নৰ্থ ইষ্ট নাওৰ আগত মন্তব্য প্ৰকাশ কৰি কয়, ‘’২৫০ টকাই কেতিয়াও যথেষ্ট নহয়, এই ধনৰ পৰিমাণ কমেও যদি এহাজাৰ টকা কৰিলেহেঁতেন তেতিয়া কোনো কথা নাছিল।‘’

তেওঁ লগতে কয়, ‘’এইটো নিৰ্বাচনৰ আগে আগে এটা ৰাজনৈতিক চমক।‘’

অসম চৰকাৰৰ বৃদ্ধ পেন্সনৰ আঁচনিখন অতি নিম্ন মানদণ্ডৰ বুলি আখ্যা দি শইকীয়াই লগতে কয়, ‘’ৰাজস্থান, অৰুণাচল, দিল্লীকে ধৰি অন্যান্য ৰাজ্যসমূহত বৃদ্ধ পেন্সনৰ পৰিমাণ বেছি। অসমত কোনো একো বিশেষ পদক্ষেপ লোৱা নাই চৰকাৰখনে।‘’

ইয়াৰোপৰি প্ৰচাৰ মুখী বিজেপি চৰকাৰক এই পেন্সনৰ পৰিমাণ ১৫০০ টকালৈ বৃদ্ধি কৰাৰ বাবে নৰ্থ ইষ্ট নাওৰ জৰিয়তে দাবী তোলে বিৰোধী দলপতিগৰাকীয়ে।

আনহাতে, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি ৰমেন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘’মাহেকত ২৫০ টকাৰে কোনো লোক চলিব নোৱাৰে? এইটো নিৰ্বাচনৰ সময়ৰ ৰাজনৈতিক চমকৰ বাহিৰে অন্য একো নহয়।‘’

তদুপৰি সভাপতিগৰাকীয়ে ২৫০ টকাৰ সলনি ২৫০০ টকাকৈ মাহিলী হিচাপত বৃদ্ধ পেন্সন প্ৰদান কৰিবৰ আবেও চৰকাৰক দাবী জনায়।

এই সন্দৰ্ভত সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈক।

সভাপতিগৰাকীয়ে উক্ত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘’ৰাজ্যৰ বিজেপি চৰকাৰে ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ কণা হাঁহক পতান দিয়া নিচিনা হৈছে।‘’

তেওঁ লগতে সন্মানীয় বয়োজ্যেষ্ঠ লোকসকলক উপহাস কৰা হৈছে বুলিও নৰ্থ ইষ্ট নাওৰ আগত কয়।

আনহাতে, ‘গাঁৱলীয়া লোকসকলৰ বেংক একাউন্টত নুন্যতম ২০০০ টকা একাউন্টত থাকিব লাগিব, যদি ২০০০ টকা একাউন্টত নাথাকে, তেন্তে ২৫০ টকা জমা হ’লে ৫০ টকাকৈ বেংকে কৰ্তন কৰিব। ইফালে বেংকলৈ অহা-যোৱা কৰাৰ যাতায়তৰ খৰচ থাকিব,’‘-এই বুলি মত পোষণ কৰে ধৰ্মকান্ত গগৈয়ে।

তদুপৰি তেওঁ উক্ত ধনৰাশিৰ পৰিমাণ ৭৫০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী জনায়।

আনহাতে, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওক জনাই যে ২৫০ টকাৰে বৰ্তমানৰ সময়ত চলিব পৰাটো কোনোপধ্যে সম্ভৱ নহয়।

তেওঁ লগতে চৰকাৰক দাবী জনাই কয় যে চৰকাৰে নুন্যতম ১ হাজাৰ টকা মাননী মাহেকীয়া হিচাপত দিব লাগে।

তেওঁ কয়, ‘বিজেপি চৰকাৰে বিগত সময়ছোৱাত নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰিলে। সন্মুখত যিহেতু লোকসভা নিৰ্বাচন আহিছে, গতিকে নিৰ্বাচনলৈ লক্ষ্য ৰাখি পেন্সন দিছে। কিন্তু নিৰ্বাচনৰ চমক নহয়, এই ব্যৱস্থাটো চিৰ যুগমীয়া হ’ব লাগে।‘‘

আনহাতে, বিজেপিৰ মিত্ৰজোঁট অগপ দলৰ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই চৰকাৰৰ এই পদক্ষেপক মৰ্য্যদাপূৰ্ণ আখ্যা দিয়াৰ লগতে প্ৰশংসনীয় পদক্ষেপ বুলি কয়। তেওঁ লগতে কয়, ‘’পৰ্য্যায়ক্ৰমে এই ধনৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাম, যাতে, নুন্যতম ৫০০ টকাকৈ বৃদ্ধ-বৃদ্ধাসকলক প্ৰদান কৰা হয়।‘’

উল্লেখ্য, যে, বৰ্তমান পৰিস্থিতিত মাত্ৰ ২৫০ টকা ধনেৰে কেনেকৈ চলিব পাৰিব বয়োজ্যেষ্ঠ লোকসকল, নে ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে? সেয়া অৱশ্যে লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd