• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

যৌনতাৰ দৰে ব্যক্তিগত বিষয়ত তথাকথিত সামাজিক নৈতিকতা আৰু সংস্কাৰৰ মোহৰ কিয়!

মনজিৎ দত্ত by মনজিৎ দত্ত
August 28, 2022 6:58 pm
sex and privacy and so called morality
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সমাজত যৌনতাক এক ঘৃণনীয় অপৰাধৰ দৰে গণ্য কৰাৰ প্ৰৱনতা এটা চলি আহিছে। যৌনতাক কেৱল বিবাহৰ আধাৰত স্বীকৃতি দিয়া ভাৰতীয় সমাজে বিবাহ বহিৰ্ভূত যৌন সম্পৰ্কক এক প্ৰকাৰে অপৰাধ হিচাপে পৰম্পৰাগতভাৱে গণ্য কৰি আহিছে। তথাকথিত নৈতিকতা আৰু সংস্কাৰৰ মোহৰ মাৰি এনেদৰে অপৰাধৰ তালিকাভুক্ত কৰাৰ ফলস্বৰূপে যৌনতাৰ ব্যক্তিগত স্বতন্ত্ৰতা তথা গোপনীয়তাৰ বিষয়টো তল পৰি ৰয়।

২০১৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে সংবিধানৰ ৩৭৭ নং অনুচ্ছেদ বাতিল কৰাৰ সময়ত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ আৰু ন্যায়াধীশ এ এণ খানউইলকাৰেৰে গঠিত বিচাৰপীঠে আদেশত কয় যে এগৰাকী ব্যক্তিৰ নিজৰ শৰীৰৰ ওপৰত সাৰ্বভৌম কৰ্তৃত্ব আছে আৰু তেওঁ ইচ্ছাকৃতভাৱে আন এজন ব্যক্তিৰ ওচৰত স্ব-ইচ্ছাৰে সমৰ্পিত কৰিব পাৰে আৰু গোপনীয়তাৰে তেওঁলোকৰ মাজত হোৱা সম্ভোগ তেওঁলোকৰ নিজা পছন্দৰ বিষয়। বিচাৰপীঠে লগতে ব্যক্তিগত স্থানত প্ৰাপ্তবয়স্ক লোকৰ মাজত হোৱা সন্মতিপূৰ্ণ শাৰীৰিক সহবাসক স্বীকৃতি দি এনে বিষয়ে ৰাজহুৱা শালীনতা বা নৈতিকতাক কোনো প্ৰকাৰে ক্ষতি নকৰে বুলি উল্লেখ কৰিছিল। ২০১৭ চনৰ আগষ্টত আন এক আদেশতো শীৰ্ষ ন্যায়ালয়ে ব্যক্তিগত স্থানত কোনো লোকৰ মাজত হোৱা যৌন সম্পৰ্কক স্বীকৃতি দি সংবিধানৰ ১৪, ১৫ আৰু ২১ নং অনুচ্ছেদৰ অধীনত মৌলিক অধিকাৰৰ দৰেই যৌন সম্পৰ্ক তথা যৌন ধৰ্মী ভাৱ বিনিময়ক সুৰক্ষা প্ৰদান কৰিছে।

Apply Now

কিন্তু এনে আইনী স্বীকৃতিৰ পিছতো তথাকথিত নৈতিকতা আৰু সংস্কাৰৰ দোহাই দি আমাৰ ৰক্ষণশীল সমাজখনে এক সামাজিক নীতি-নিয়মৰ উদ্ধৃতি দিয়ে। কিন্তু তাৰ পূৰ্বে এই কথা মনত ৰখা উচিত যে এনে সামাজিক নীতি-নিয়মৰ উৰ্দ্ধত সাংবিধানিক স্বীকৃতি এক আইনী ব্যৱস্থা আছে আৰু এই আইনী ব্যৱস্থাৰ দ্বাৰাহে সমাজ পৰিচালিত হয়, সমাজৰ নীতি-নিয়ম কিম্বা তথাকথিত নৈতিকতাৰ আধাৰত আইনী ব্যৱস্থা পৰিচালিত নহয়৷ তথাকথিত সংস্কাৰী তথা নৈতিকতাৰ কাণ্ডাৰীসকলে প্ৰথমে এই কথাটো বুজা উচিত৷

তদুপৰি যি সংস্কাৰী আৰু নৈতিকতাৰ আধাৰত যৌনতাক এক গণ্ডীৰ ভিতৰত আৱদ্ধ কৰা হয়, এই সংস্কাৰ তথা নৈতিকতাৰ কোনো স্পষ্ট ধাৰণা নাই। যৌনতাক নৈতিকতাৰ খোলাটোত সুমুৱাই ৰখাৰ সমসাময়িকভাৱে বিবাহোত্তৰ যৌনতাক স্বীকৃতি দিয়া সমাজে বৈবাহিক ধৰ্ষণৰ দৰে বিষয়ক নৈতিকতাৰ মাজলৈ আনিবনে সিও এক প্ৰাসংগিক প্ৰশ্ন হ’ব পাৰে।

এতিয়া আহোঁ যৌনতাৰ গোপনীয় অধিকাৰৰ প্ৰসঙ্গলৈ। আমাৰ সমাজ ব্যৱস্থাই কোনো লোকৰ ব্যক্তিগত যৌন জীৱনক সামাজিক গ্ৰহণযোগ্যতাৰ সৈতে একাকাৰ কৰি পেলায়। এই দৃষ্টিভংগী মতে ব্যক্তি এজনৰ যৌন জীৱনে সমাজত এক বিৰূপ প্ৰভাৱ পেলায়। কোনো এজন ব্যক্তিয়ে বিপৰীত পক্ষৰ সৈতে সন্মতিসূচক যৌন সম্পৰ্ক তথা যৌনধৰ্মী ভাৱ বিনিময়ত লিপ্ত হ’লে ই কেনেদৰে সমাজত প্ৰভাৱ পেলাব পাৰে? শেহতীয়াকৈ উত্তৰ লখিমপুৰ স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষৰ ঘটনাটোলৈকে চোৱা যাওক। সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰিছে অধ্যক্ষ গৰাকীয়ে কাৰোবাৰ সৈতে মেছেজ যোগে বিনিময় কৰা কিছুমান যৌনধৰ্মী কথা-বতৰাৰ স্ক্ৰীনশ্বট। এই স্ক্ৰীনশ্বট সমূহক সাক্ষী কৰি অধ্যক্ষ গৰাকীৰ চৰিত্ৰ হনন কৰা হৈছে। তেওঁৰ ব্যক্তিগত জীৱনৰ এটি গোপনীয় ঘটনাক লৈ এইদৰে জপিয়াই পৰাৰ প্ৰয়োজন ক’ত?

অৱশ্যে যদি তেখেতে নিজৰ পদবীৰ কৰ্তৃত্ব প্ৰয়োগ কৰি কাৰোবাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক গঢ়ি তুলিব বিচাৰে, ই স্বাভাৱিকতেই এক অপৰাধ হ’ব। কিন্তু ভাইৰেল হোৱা কথা-বতৰাৰ স্ক্ৰীনশ্বটসমূহ পৰীক্ষা কৰিলেই দেখা যায় যে দুয়োপক্ষৰ সন্মতিৰ মাজতহে দুয়োগৰাকীৰ মাজত এই যৌনধৰ্মী কথা-বতৰাৰ আদান-প্ৰদান হৈছিল। তেতিয়াহ’লে এই ক্ষেত্ৰত অধ্যক্ষ গৰাকী কেনেদৰে অপৰাধী হ’ব? দেশৰ আইনীস্বীকৃত নিয়ম অনুসৰি তেওঁ ব্যক্তিগত ভাৱে যৌন সম্পৰ্ক গঢ়ি তুলিছে, তাত সমাজে মূৰ ঘমাবলগীয়া কাৰণ কি? অৱশ্যে এই কথাত আপত্তি কৰিবলগীয়া নিশ্চয় নাথাকিব যদি তেওঁৰ পত্নী বা পৰিয়ালৰ আন কোনোবাই এই বিষয়ত বিৰোধ কৰিব। তেওঁলোকে এই ঘটনাৰ নিশ্চয় আইনী সহায় ল’ব পাৰে। কিন্তু এইদৰে পৰিয়ালৰ বাহিৰৰ লোকে এই ঘটনাত অবাধ হস্তক্ষেপ কৰাৰ অধিকাৰ ক’ত? ইতিমধ্যে অধ্যক্ষ গৰাকীক পদবীৰ পৰা বৰ্খাস্ত কৰা হৈছে। যদি যুক্তিসংগতভাৱে বিচাৰ কৰিবলৈ যোৱা যায়, নিশ্চিতভাৱে এই ক্ষেত্ৰত অধ্যক্ষ গৰাকী তথাকথিত সামাজিক সংস্কাৰ আৰু নৈতিকতাৰ চিকাৰ হৈছে।

২০১৩ চনত বোম্বাই উচ্চ ন্যায়ালয়ে এনে এক বিষয় সন্দৰ্ভতে এক গুৰুত্বপূৰ্ণ ৰায় দিছে। দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই এগৰাকী জেনেৰেল মেনেজাৰক প্ৰতিষ্ঠানটোৰ ভাবমূৰ্তি কলুষিত কৰাৰ অভিযোগ তুলি চাকৰিৰ পৰা নিলম্বন কৰিছিল। বেঙ্কৰ অভিযোগ মতে যে ২০১২ চনত চণ্ডিগড়ত এক সন্মিলনৰ বাবে যোৱা মেনেজাৰগৰাকীয়ে অতিথিশালাৰ কোঠাত গোটেই দিনটো সুৰা পান কৰিছিল আৰু পোচাক পৰিধান নকৰাকৈয়ে কোঠাটোত পায়চাৰি কৰি ফুৰিছিল। এই নিলম্বনৰ পাচত বিষয়াগৰাকী আদালতৰ দ্বাৰস্থ হয়। উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে তেতিয়া আদেশত কয় যে কৰ্মচাৰীগৰাকীয়ে বন্ধ কোঠাৰ ভিতৰত যি কৰ্ম নকৰে কিয়, তাৰ দ্বাৰা বেংকৰ কোনো ভাৱমূৰ্তি ক্ষয় যোৱাৰ কথা নাহে। আদালতে লগতে বেংকটোক বিষয়াগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

কেৱল লখিমপুৰৰ ঘটনাতে নহয়, তেনে অনুৰূপ ঘটনা সমাজত অনেক ঘটি আহিছে। এনেদৰে সংস্কাৰ আৰু নৈতিকতাৰ ঠিকা বহন কৰা ঠিকাদাৰসকলে মনত ৰখা ভাল যে ব্যক্তিৰ এনে গোপন বিষয় ৰাজহুৱা কৰাটো এক প্ৰকাৰৰ অপৰাধেই। শেহতীয়াকৈ আমেৰিকাৰ লছ এঞ্জেলেছৰ এক ফেডাৰেল জুৰীয়ে ২০২০ চনৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা এনবিএ তাৰকা কোবে ব্ৰায়ান্ট আৰু তেওঁৰ জীৰ মৃতদেহৰ ফটো শ্বেয়াৰ কৰা সকলৰ বিৰুদ্ধে ১৬ নিযুত ডলাৰৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ আদেশ দিছে। কোবে ব্ৰায়ান্টৰ পত্নী ভেনেছা ব্ৰায়ান্টে তেওঁলোকৰ ১৩ বছৰীয়া কন্যা জিয়ানাৰ মৃতদেহৰ প্ৰকাশিত ফটোবোৰে তৰুণীগৰাকীৰ গোপনীয়তা ভংগ কৰিছে বুলি অভিযোগ কৰিছিল আৰু তেওঁৰ এই অভিযোগৰ পক্ষত ৰায়দান কৰি জুৰিয়ে ফটো শ্বেয়াৰ কৰাসকলক ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।

এনেদৰে কাৰোবাৰ গোপনীয়তা ভংগৰ অভিযোগত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় আইনী ব্যৱস্থাইও শাস্তিৰ বিধান দিছে। তথাকথিত নৈতিকতা প্ৰবৰ্তনকাৰী লোকসকলে এইটোও মনত ৰখা উচিত যে এনেদৰে গোপনীয়তা ভংগ কৰি তেওঁলোকে দেশৰ আইন উলঙ্ঘন কৰাৰ লগতে ব্যক্তি এজনৰ জীৱনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। সততে নৈতিকতাৰ জ্ঞান দিয়া এইসকলে দেশৰ আইনী ব্যৱস্থা তথা সাংবিধানিক চৰিত্ৰক প্ৰথমে সন্মান জনাই নৈতিকতা প্ৰদৰ্শন কৰিবলৈ শিকক। আইন-সংবিধান উলংঘন কৰি নৈতিকতাৰ চাপ মাৰিবলৈ তেওঁলোকক সংবিধানে কেতিয়াও অধিকাৰ দিয়া নাই।

মনজিৎ দত্ত

মনজিৎ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd