• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত বিজেপি নেতাৰ যৌন কেলেংকাৰিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰভাৱ পেলাব : ৰকিবুল হুছেইন

কংগ্ৰেছত মুখ্য মন্ত্ৰিত্ব প্ৰত্যাশী বিজেপিত হ'লগৈ আদা বেপাৰী : হিমন্তক কটাক্ষ ৰকিবুলৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , November 9, 2018 8:11 pm

2 min read

630c8ad6-43ba-414a-96c0-1655eb00a68a

ফটো : নৰ্থ-ইষ্ট নাও

292
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰভাৱশালী নেতাৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাক্যবান। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনে আজি নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অংশ লোৱাৰ পাছতে নাম উল্লেখ নকৰাকৈয়ে একালৰ সতীৰ্থ তথা বৰ্তমানৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীক কটু ভাষাৰে সমালোচনা কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ৰকিবুল হুছেইনে কয়, ‘তেওঁ কংগ্ৰেছত মুখ্য মন্ত্ৰী হ’বলৈ আশা পালি আছিল কিন্তু বিজেপিত গৈ হ’ল আদা বেপাৰী। এতিয়া ৰাইজে দেখি-শুনি সকলো বুজিছে আৰু তেওঁলোক ৰাইজৰ লগত নাই, তেওঁলোক কেৱল পুলিচ আৱেষ্টনীৰ মাজতহে থাকিব বিচাৰে’।

আনহাতে ৰাজ্যৰ ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰা ৰাজেন গোঁহাইৰ নাৰী কেলেংকাৰি প্ৰসংগতো সৰৱ হোৱা দেখা গ’ল হুছেইনক। কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ নাৰী কেলেংকাৰিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ভোট বৃদ্ধি কৰিব, ইয়াৰ বিপৰীতে বৃহৎ ক্ষতি হ’ব বিজেপিৰ। বিজেপি আমাৰ হাতত ধৰাশায়ী হ’ব। আনকি কংগ্ৰেছে ভবাতকৈ বেছি ভোট লাভ কৰিব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ উপৰি শাসনাধিষ্ঠ বিজেপি-অগপ মিত্ৰতাধীন চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাছিল বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়- ‘পৰাজয় হোৱাৰ ভয়ত দল দুটাই মানুহৰ কাষ চাপিবলৈ ভয় খাইছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ বাবেহে চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বাধ্য হৈছে’।

প্ৰাক্তন মন্ত্ৰীজনে অগপ-বিজেপি আৰু এ আই য়ু ডি এফক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি উল্লেখ কৰি কয়- ‘অগপ বিজেপিতকৈ বেছি প্ৰতাৰক। অগপ দলটোৱে জনসাধাৰণক বৰ্তমানলৈকে মিছা প্ৰতিশ্ৰুতিয়েই প্ৰদান কৰি আহিছে’।

উল্লেখ্য যে আজি নগাঁৱত বহুবল্কী নেতা ৰকিবুলে ৰাজ্যৰ নিৰ্বাচনী বতাহ গৰম কৰিলেও পৰৱৰ্তী সময়ত ৰকিবুলৰ বাক্যবানৰ প্ৰত্যুত্তৰ ৰাজেন গোঁহাই অথবা হিমন্ত বিশ্বই কিদৰে দিয়ে সেয়া হ’ব লক্ষ্যণীয়।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd