• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2026 1:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূজা-পাঠ আৰু যজ্ঞ কৰিলে জীৱনৰ পৰা আঁতৰি যাব ‘ছয়তানৰ ক’লা ছাঁ’—এনে আশ্বাস দি কলকাতাৰ এগৰাকী যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে মুৰ্শিদাবাদৰ এজন তান্ত্ৰিকৰ বিৰুদ্ধে। যজ্ঞ কৰাৰ সময়ত যুৱতীক কুপ্ৰস্তাৱ দিয়াৰ লগতে শ্লীলতাহানি কৰাৰ অভিযোগৰ পিছত, পাছত টোপনিৰ দৰৱ মিহলি কৰা প্ৰসাদ খুৱাই কেইবা লাখ টকাৰ সোণৰ অলংকাৰ আৰু ৩ লাখ ২৫ হাজাৰ টকা লৈ পলায়ন কৰাৰো অভিযোগ উত্থাপন হৈছে। এই কাণ্ডত তান্ত্ৰিকজনৰ লগত থকা এগৰাকী মহিলা আৰু এজন শিষ্য জড়িত থকাৰ অভিযোগো কৰিছে যুৱতীগৰাকীয়ে।

আৰক্ষীৰ তথ্য অনুসৰি, বেহালাৰ ৰাজা ৰামমোহন ৰায় ৰোডৰ বাসিন্দা যুৱতীগৰাকী পাৰিবাৰিক সমস্যাৰ বাবে মানসিকভাৱে হতাশ হৈ আছিল। সেই সময়তে চিনাকি সূত্ৰে তেওঁৰ পৰিচয় হয় মুৰ্শিদাবাদৰ বহৰমপুৰৰ কাশিমবাজাৰ অঞ্চলৰ এজন তান্ত্ৰিকৰ সৈতে। যুৱতীগৰাকীৰ সমস্যাৰ কথা শুনি তান্ত্ৰিকজনে তেওঁৰ জীৱনত ‘ছয়তানৰ ছাঁ’ পৰা বুলি দাবী কৰে। কেইবাবাৰো পূজা-পাঠ আৰু যজ্ঞ কৰিলে এই অশুভ প্ৰভাৱ আঁতৰিব বুলি কৈ তেওঁক বিশ্বাসত লয়।

Apply Now

তান্ত্ৰিকজনৰ কথাত বিশ্বাস কৰি যুৱতীগৰাকীয়ে নিজৰ ঘৰতে যজ্ঞৰ আয়োজন কৰে। অভিযোগ অনুসৰি, সোমনাথ নামৰ তান্ত্ৰিকজনে এগৰাকী মহিলা সহযোগী আৰু এজন শিষ্যক লগত লৈ যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয়। যজ্ঞৰ সময়ত যুৱতীগৰাকীক কাষত বহুৱাই তান্ত্ৰিকজনে কুপ্ৰস্তাৱ দিয়াৰ লগতে শ্লীলতাহানি কৰে বুলি অভিযোগ উঠিছে।

ইয়াৰ পিছত পূজা-পাঠ আৰু যজ্ঞৰ বিভিন্ন খৰচৰ নামত যুৱতীগৰাকীৰ পৰা ৩ লাখ ২৯ হাজাৰ টকা লোৱা হয় বুলি অভিযোগ। কিন্তু তাতো শেষ নহ’ল বিপদ। ‘ছয়তানৰ ছাঁ’ এতিয়াও আঁতৰা নাই বুলি কৈ তান্ত্ৰিকজনে যজ্ঞ সম্পূৰ্ণ কৰিবলৈ সোণৰ প্ৰয়োজন বুলি দাবী কৰে। সেই অনুসৰি যুৱতীগৰাকীক ঘৰত থকা সকলো সোণৰ অলংকাৰ একেলগে সাজু কৰি ৰাখিবলৈ কোৱা হয়।

অভিযোগ অনুসৰি, যোৱা বছৰৰ নৱেম্বৰ মাহত পুনৰ সোমনাথ নামৰ তান্ত্ৰিকজন নিজৰ মহিলা সহযোগী আৰু শিষ্যসহ যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয়। সেই সময়ত তেওঁলোকে যুৱতীগৰাকীক পূজাৰ প্ৰসাদ বুলি কিবা খুৱায়। সেই প্ৰসাদ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে যুৱতীগৰাকী অচেতন হৈ পৰে । সেই সুযোগতে তান্ত্ৰিকজন আৰু তেওঁৰ সহযোগী দুজনে যুৱতীগৰাকীৰ ঘৰৰ পৰা সকলো সোণৰ অলংকাৰ লৈ উধাও হয় বুলি অভিযোগ কৰা হৈছে।

পিছত চেতনা ঘূৰি অহাৰ পাছত যুৱতীগৰাকীয়ে তান্ত্ৰিকজনৰ সৈতে যোগাযোগ কৰি নিজৰ অলংকাৰ আৰু ধন ঘূৰাই বিচাৰে। কিন্তু তাৰ বিপৰীতে তেওঁক ভাবুকি দিয়াৰ লগতে শাৰীৰিকভাৱে নিগ্ৰহ কৰা হয় বুলিও অভিযোগ কৰিছে যুৱতীগৰাকীয়ে। কেইবামাহ ধৰি ধন আৰু অলংকাৰ ঘূৰাই পোৱাৰ চেষ্টা কৰিও কোনো সুফল নোপোৱাৰ পিছত অৱশেষত তেওঁ বেহালা থানাত তান্ত্ৰিকজন, তেওঁৰ মহিলা সহযোগী আৰু শিষ্যজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অভিযোগত নাম অহা তান্ত্ৰিকজন আৰু তেওঁৰ সহযোগী দুজনৰ সন্ধানত মুৰ্শিদাবাদত অনুসন্ধান চলোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd