• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউজিচি-২০২৬ নীতি ৰূপায়ণৰ দাবীত গুৱাহাটীত এছ এফ আইৰ তীব্ৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2026 6:20 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউজিচি-২০২৬ নীতিৰ দ্ৰুত কাৰ্যকৰীকৰণ আৰু নতুন দিল্লীত এছ এফ আইৰ কেন্দ্ৰীয় নেতৃত্বক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আজি গুৱাহাটীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰতীয় ছাত্ৰ ফেডাৰেচন চমকৈ এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আজি কটন বিশ্ববিদ্যালয়ৰ সমীপৰ নেহৰু পাৰ্কৰ সন্মুখত এক সাংকেতিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত চলি থকা সকলো ধৰণৰ বৈষম্য দূৰ কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়। বিশেষকৈ শিক্ষা প্ৰতিষ্ঠানসমূহত জাতিগত বৈষম্য ৰোধৰ বাবে ‘ৰোহিত এক্ট’ বলবৎ কৰাৰ যি দীৰ্ঘদিনীয়া দাবী আছিল, তাৰ পৰিপ্ৰেক্ষিতত ইউজিচিয়ে শেহতীয়াকৈ উত্থাপন কৰা নতুন বিধেয়কখন শক্তিশালীভাৱে ৰূপায়ণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে।

প্ৰতিবাদস্থলীত উপস্থিত থকা এছ এফ আইৰ নেতৃত্বই অভিযোগ কৰে যে যোৱা এটা দশকত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৈষম্যৰ পৰিমাণ আশংকাজনকভাৱে বৃদ্ধি পাইছে। ইয়াৰ মাজতে যোৱা ৫ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ শিক্ষা মন্ত্ৰালয়ৰ সন্মুখত শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ সময়ত দিল্লী আৰক্ষীয়ে এছ এফ আইৰ সৰ্বভাৰতীয় সভাপতি আদৰ্শ এম সাজি আৰু যুটীয়া সম্পাদক ঐশী ঘোষকে ধৰি শতাধিক শিক্ষাৰ্থীক বৰ্বৰভাৱে আক্ৰমণ আৰু গ্ৰেপ্তাৰ কৰা কাৰ্যক সংগঠনটোৱে তীব্ৰ গৰিহণা দিয়ে। এই গ্ৰেপ্তাৰৰ প্ৰতিবাদতে আজি গুৱাহাটীৰ আকাশ-বতাহ প্ৰতিবাদী শ্লোগানেৰে মুখৰিত হৈ পৰে।

Apply Now

এছ এফ আইৰ নেতৃত্বই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয় যে কেম্পাছসমূহত লিংগ, বৰ্ণ আৰু জাতিৰ নামত বিভাজন চলি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ বহু শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্যাতনৰ বলি হ’বলগীয়া হোৱা ঘটনাক উল্লেখ কৰি তেওঁলোকে নিদো তানিয়া আৰু এঞ্জেল চাকমাৰ দৰে শিক্ষাৰ্থীৰ মৃত্যুৰ কথা স্মৰণ কৰে। তেওঁলোকে লগতে কয় যে অসমৰ দৰে এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্যতো বিভিন্ন জনগোষ্ঠীয় আৰু সংখ্যালঘু শিক্ষাৰ্থীসকল বৈষম্যৰ পৰা মুক্ত নহয়। বিজেপি চৰকাৰৰ মনুবাদী চিন্তা আৰু সাম্প্ৰতিক সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিচয়ক লৈ দিয়া শেহতীয়া মন্তব্যই সমাজত বিভাজন আনিব বুলি এছ এফ আইয়ে আশংকা প্ৰকাশ কৰে।

সংগঠনটোৱে লগতে কা আইনৰ বলপূৰ্বক ৰূপায়ণ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা আৰু শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত হোৱা উগ্ৰপন্থী ধৰণৰ কাৰ্যকলাপৰ বিৰোধিতা কৰে। বিজেপি আৰু আৰ এছ এছৰ দ্বাৰা পৰিচালিত নীতিসমূহে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্যক ধ্বংস কৰিব বিচাৰিছে বুলিও প্ৰতিবাদকাৰীসকলে মত প্ৰকাশ কৰে। সমতা কেৱল এটা নীতি নহয়, ই শিক্ষাৰ্থীৰ সাংবিধানিক অধিকাৰ বুলি উল্লেখ কৰি এছ এফ আইয়ে অসমৰ প্ৰতিজন শিক্ষাৰ্থীক এই অন্যায়ৰ বিৰুদ্ধে একগোট হৈ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। আজিৰ এই কাৰ্যসূচীত সংগঠনটোৰ ৰাজ্যিক সভাপতি দেৱান ইফ্টিকাৰ হুছেইন আৰু সম্পাদক ৰাজদ্বীপ মহন্তই নেতৃত্ব প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd