স্পেইনৰ কৰ কৰ্তৃপক্ষৰ সৈতে দীৰ্ঘদিনীয়া আইনী যুঁজত অৱশেষত জয়ী হৈছে কলম্বিয়ান পপ তাৰকা চাকীৰা। দেশখনৰ ৰাষ্ট্ৰীয় উচ্চ ন্যায়ালয়ে চাকীৰাৰ ওপৰত আৰোপ কৰা ৫৫ মিলিয়ন ইউৰো অৰ্থাৎ প্ৰায় ৭১০ কোটি টকাৰ জৰিমনা অবৈধ বুলি ঘোষণা কৰিছে আৰু এই বৃহৎ পৰিমাণৰ ধন তেওঁক ঘূৰাই দিবলৈ নিৰ্দেশ দিছে। সোমবাৰে স্পেনৰ নেচনেল হাই কৰ্টে কৰ বিভাগৰ ২০১১ চনৰ এটা সিদ্ধান্ত বাতিল কৰি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। আচলতে সেই বছৰটোত চাকীৰা স্পেনৰ কৰদাতা বাসিন্দা বা টেক্স ৰেচিডেন্ট আছিল নে নাই, তাক লৈ এক ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছিল। আদালতে স্পষ্টকৈ জনাইছে যে কৰ বিভাগে তেওঁলোকৰ দাবীৰ সপক্ষে কোনো সঠিক প্ৰমাণ ডাঙি ধৰিব নোৱাৰিলে আৰু গায়িকাগৰাকীৰ ওপৰত আইনবিৰোধী নিষেধাজ্ঞা জাপি দিলে।
সেই সময়ত বাৰ্চিলোনাৰ ফুটবলাৰ জেৰাৰ্ড পিকেৰ সৈতে সম্পৰ্কত থকা এই বিশ্ববিখ্যাত গায়িকাগৰাকীয়ে কৰ কৰ্তৃপক্ষৰ তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয় যে এই গোচৰটো তেওঁৰ সন্মান নষ্ট কৰাৰ বাবে এক সুপৰিকল্পিত প্ৰচাৰ কাৰ্যসূচী আছিল। আদালতে নিজৰ ৰায়ত উল্লেখ কৰিছে যে ২০১১ চনত চাকীৰাই স্পেনত ১৮৩ দিনতকৈ অধিক সময় কটাইছিল বুলি স্পেনিছ কৰ সংস্থাই প্ৰমাণ কৰিব পৰা নাই, যিটো স্পেনৰ কৰদাতা বাসিন্দা হোৱাৰ বাবে এক নূন্যতম চৰ্ত আছিল। ইয়াৰ উপৰিও স্পেনত তেওঁৰ কোনো আৰ্থিক স্বাৰ্থ আছিল বা দেশখনৰ বাসিন্দাৰ সৈতে পাৰিবাৰিক সম্পৰ্ক আছিল, সেই কথাও প্ৰমাণ কৰিব পৰা নগ’ল।
আনহাতে চাকীৰাৰ আইনী দলে যুক্তি দিছিল যে বছৰটোৰ আধা অংশতকৈও অধিক সময় স্পেনত থকাটো তেওঁৰ বাবে অসম্ভৱ আছিল। কাৰণ ২০১১ চনত তেওঁ বিশ্ব ভ্ৰমণত ব্যস্ত আছিল আৰু ৩৭খন বেলেগ বেলেগ দেশত প্ৰায় ১২০টা সংগীত অনুষ্ঠান বা কনচাৰ্টত অংশ লৈছিল। তেওঁলোকৰ বিবৃতিত কোৱা হৈছে যে সেই সময়ত স্পেনত চাকীৰাৰ নিজা কোনো ঘৰ নাছিল, কোনো সন্তান নাছিল আৰু দেশখনত তেওঁৰ ব্যৱসায়ৰ কোনো সদৰ দপ্তৰো নাছিল। উল্লেখযোগ্য যে চাকীৰা আৰু পিকেৰ দুটি সন্তান ২০১৩ আৰু ২০১৫ চনত জন্ম হৈছিল আৰু পৰৱৰ্তী সময়ত ২০২২ চনত তেওঁলোক দুয়ো পৃথকে থকাৰ কথা ঘোষণা কৰিছিল।
আদালতে জানিবলৈ দিয়া মতে স্পেইনৰ কৰ সংস্থাই এই ৫৫ মিলিয়ন ইউৰো জৰিমনাৰ ধনৰ লগতে ইয়াৰ ওপৰত হোৱা সূদৰ টকাও চাকীৰাক ঘূৰাই দিব লাগিব। অৱশ্যে কৰ সংস্থাই জনাইছে যে তেওঁলোকে এই ৰায়ৰ বিৰুদ্ধে স্পেনৰ উচ্চতম ন্যায়ালয়ত আপিল কৰিব। সংস্থাটোৱে লগতে কয় যে সোমবাৰৰ এই ৰায়ে ২০১২ চনৰ পৰা ২০১৪ চনৰ কৰ বৰ্ষৰ বাবে চাকীৰাৰ সৈতে হোৱা পূৰ্বৰ বুজাপৰাক কোনো প্ৰভাৱ নেপেলায়। সেই সময়তো চাকীৰাই নিজক স্পেনৰ কৰদাতা বাসিন্দা নহয় বুলি দাবী কৰিছিল যদিও ২০২৩ চনৰ নৱেম্বৰ মাহত এক বুজাপৰা চুক্তিৰ অধীনত তেওঁ ২০১২-১৪ চনৰ কৰ ফাঁকিৰ ছটা অভিযোগ স্বীকাৰ কৰি লৈছিল আৰু কাৰাদণ্ডৰ পৰা বাচিবলৈ ৭.৩ মিলিয়ন ইউৰো জৰিমনা দিবলৈ সন্মত হৈছিল। তেতিয়া চাকীৰাই কৈছিল যে সন্তানক সুৰক্ষিত কৰিবলৈ আৰু কেৰিয়াৰত মনোযোগ দিবলৈহে তেওঁ সেই আপোচ কৰিছিল। অৱশ্যে সোমবাৰে চাকীৰাৰ দলে ২০১১ চনৰ এই গোচৰৰ ৰায়ক এক চূড়ান্ত বিজয় বুলি অভিহিত কৰিছে। ইয়াৰ পিছতে চাকীৰাই আৱেগিক হৈ কয় যে বিগত আঠ বছৰতকৈও অধিক সময় ধৰি জনসাধাৰণৰ ক্ষোভৰ লক্ষ্য হোৱা আৰু সন্মান নষ্ট কৰাৰ সুপৰিকল্পিত প্ৰচাৰৰ অন্তত অৱশেষত আদালতে সত্যটো সকলোৰে সন্মুখলৈ আনিলে।





