শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ত ভাৰতৰ নতুন পাৰমাণৱিক শক্তি আইন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হয়। এই শুনানিত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই কয় যে দেশৰ প্ৰকৃত ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু দুৰ্ভাগ্যজনক সাম্ভাৱ্য ক্ষতিৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয়। বেচৰকাৰী অপাৰেটৰসকলৰ ক্ষতিপূৰণৰ পৰিমাণ অতি নিম্ন নিৰ্ধাৰণ কৰা আৰু যোগানধাৰীসকলক দায়বদ্ধতাৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ অভিযোগ তুলি শেহতীয়াকৈ গৃহীত ‘শান্তি’ (SHANTI) আইনক প্ৰত্যাহ্বান জনোৱা এখন আৱেদনৰ শুনানিত মুখ্য ন্যায়াধীশগৰাকীয়ে এই মন্তব্য কৰে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠখনে উল্লেখ কৰে যে দেশৰ ক্ৰমৱৰ্ধমান শক্তিৰ চাহিদা পূৰণৰ বাবে ভাৰতত পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ এক প্ৰয়োজনীয়তা হৈ পৰিছে। আৱেদনকাৰীৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ আৰু নেহা ৰাঠীক উদ্দেশ্যি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে বৰ্তমান সময়ত যদি পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ কৰা নহয়, তেন্তে দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো সম্ভৱ নহ’ব। কয়লা উদ্যোগক অবাধ অনুমতি দিয়াৰ ক্ষেত্ৰত থকা বাধা, বনাঞ্চল সংৰক্ষণৰ আপোচবিহীন স্থিতি আৰু পৰ্যাপ্ত গেছৰ অভাৱৰ কথা আঙুলিয়াই দি তেওঁ কয় যে এনে পৰিস্থিতিত বিকল্প শক্তিৰ উৎসৰ সন্ধান কৰাটো অপৰিহাৰ্য।
প্ৰাক্তন আই এ এছ বিষয়া ই এ এছ শৰ্মাই দাখিল কৰা এই আৱেদনখনত ২০২৫ চনৰ ‘ছাছটেইনেবল হাৰ্নেছিং এণ্ড এডভান্সমেণ্ট অৱ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া’ চমুকৈ ‘শান্তি’ (SHANTI) আইনক মূলতঃ প্ৰত্যাহ্বান জনোৱা হৈছে। এই আইনৰ জৰিয়তে ভাৰতত পাৰমাণৱিক শক্তি প্ৰকল্প পৰিচালনা কৰিবলৈ বেচৰকাৰী খণ্ড আৰু বিদেশী কোম্পানীক অনুমতি দিয়া হৈছে। অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দৰ্শায় যে এই আইনে চৰকাৰৰ অৱশিষ্ট দায়বদ্ধতা মাত্ৰ তিনিশ মিলিয়ন স্পেচিয়েল ড্ৰয়িং ৰাইটছত (SDR) সীমাবদ্ধ কৰিছে, যিটো পৰিমাণ অতি নগণ্য। ফলস্বৰূপে, মৃত্যু, আঘাত বা সম্পত্তিৰ ক্ষতিৰ বলি হোৱা লোকসকলে তেওঁলোকৰ প্ৰকৃত লোকচানৰ সামান্য অংশও উদ্ধাৰ কৰিব নোৱাৰিব। ভূষণে চৰ্ণোবিল আৰু ফুকুছিমা পাৰমাণৱিক দুৰ্ঘটনাৰ ভয়াবহতা আৰু ইয়াৰ বিপুল আৰ্থিক ক্ষতিৰ (ক্ৰমান্বয়ে ২৩৫ৰ পৰা ৭০০ বিলিয়ন ডলাৰ আৰু ৪০০-৪৪৫ বিলিয়ন ডলাৰ) কথা উল্লেখ কৰি কয় যে ‘শান্তি’ আইনে ভাৰতৰ সৰ্ববৃহৎ প্ৰকল্প পৰিচালকৰ দায়বদ্ধতা মাত্ৰ তিনি হাজাৰ কোটি টকাত (প্ৰায় ৩৩১ মিলিয়ন ডলাৰ) সীমাবদ্ধ কৰিছে, যিটো চৰ্ণোবিল বা ফুকুছিমাৰ ক্ষতিৰ ০.১ শতাংশতকৈও কম।
যোগানধাৰীসকলক যিকোনো দায়বদ্ধতাৰ পৰা ৰেহাই দিয়াৰ ফলত নিৰ্মাতা আৰু যোগানধাৰীসকলে অধিক লাভৰ আশাত নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰিবলৈ উৎসাহিত হ‘ব পাৰে বুলি অধিবক্তাগৰাকীয়ে আদালতত অৱগত কৰে। ইপিনে, বিচাৰপীঠৰ আন এগৰাকী সদস্য ন্যায়াধীশ জয়মাল্য বাগচীয়ে মৌখিকভাৱে কয় যে ২০২৫ চনৰ এই নতুন আইনখন ন্যায়ালয়ে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। নতুন আইনখনৰ ব্যৱস্থাসমূহ অসাংবিধানিক বা স্বেচ্ছাচাৰী হয় নে নহয়, সেয়া পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে। পাৰমাণৱিক ক্ষতিৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা উৰ্ধ্বসীমাই সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘা কৰিছে নেকি, সেয়াও বিচাৰ্যৰ বিষয় হ’ব বুলি ন্যায়াধীশ বাগচীয়ে মন্তব্য কৰে। আনহাতে, বিপদজনক কাৰ্যকলাপৰ সৈতে জড়িত এগৰাকী অপাৰেটৰে দুৰ্ঘটনাৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব বুলি প্ৰশান্ত ভূষণে নিজৰ যুক্তিত দৃঢ়তাৰে উল্লেখ কৰে।





