• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাৰমাণৱিক শক্তি আইন ‘শান্তি’ক প্ৰত্যাহ্বান: ৰাষ্ট্ৰীয় শক্তিৰ চাহিদা আৰু সাম্ভাৱ্য ক্ষতিৰ মাজত ভাৰসাম্য ৰক্ষাৰ পোষকতা মুখ্য ন্যায়াধীশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 7:45 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ত ভাৰতৰ নতুন পাৰমাণৱিক শক্তি আইন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হয়। এই শুনানিত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই কয় যে দেশৰ প্ৰকৃত ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু দুৰ্ভাগ্যজনক সাম্ভাৱ্য ক্ষতিৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয়। বেচৰকাৰী অপাৰেটৰসকলৰ ক্ষতিপূৰণৰ পৰিমাণ অতি নিম্ন নিৰ্ধাৰণ কৰা আৰু যোগানধাৰীসকলক দায়বদ্ধতাৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ অভিযোগ তুলি শেহতীয়াকৈ গৃহীত ‘শান্তি’ (SHANTI) আইনক প্ৰত্যাহ্বান জনোৱা এখন আৱেদনৰ শুনানিত মুখ্য ন্যায়াধীশগৰাকীয়ে এই মন্তব্য কৰে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠখনে উল্লেখ কৰে যে দেশৰ ক্ৰমৱৰ্ধমান শক্তিৰ চাহিদা পূৰণৰ বাবে ভাৰতত পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ এক প্ৰয়োজনীয়তা হৈ পৰিছে। আৱেদনকাৰীৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ আৰু নেহা ৰাঠীক উদ্দেশ্যি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে বৰ্তমান সময়ত যদি পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ কৰা নহয়, তেন্তে দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো সম্ভৱ নহ’ব। কয়লা উদ্যোগক অবাধ অনুমতি দিয়াৰ ক্ষেত্ৰত থকা বাধা, বনাঞ্চল সংৰক্ষণৰ আপোচবিহীন স্থিতি আৰু পৰ্যাপ্ত গেছৰ অভাৱৰ কথা আঙুলিয়াই দি তেওঁ কয় যে এনে পৰিস্থিতিত বিকল্প শক্তিৰ উৎসৰ সন্ধান কৰাটো অপৰিহাৰ্য।

Apply Now

প্ৰাক্তন আই এ এছ বিষয়া ই এ এছ শৰ্মাই দাখিল কৰা এই আৱেদনখনত ২০২৫ চনৰ ‘ছাছটেইনেবল হাৰ্নেছিং এণ্ড এডভান্সমেণ্ট অৱ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া’ চমুকৈ ‘শান্তি’ (SHANTI) আইনক মূলতঃ প্ৰত্যাহ্বান জনোৱা হৈছে। এই আইনৰ জৰিয়তে ভাৰতত পাৰমাণৱিক শক্তি প্ৰকল্প পৰিচালনা কৰিবলৈ বেচৰকাৰী খণ্ড আৰু বিদেশী কোম্পানীক অনুমতি দিয়া হৈছে। অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দৰ্শায় যে এই আইনে চৰকাৰৰ অৱশিষ্ট দায়বদ্ধতা মাত্ৰ তিনিশ মিলিয়ন স্পেচিয়েল ড্ৰয়িং ৰাইটছত (SDR) সীমাবদ্ধ কৰিছে, যিটো পৰিমাণ অতি নগণ্য। ফলস্বৰূপে, মৃত্যু, আঘাত বা সম্পত্তিৰ ক্ষতিৰ বলি হোৱা লোকসকলে তেওঁলোকৰ প্ৰকৃত লোকচানৰ সামান্য অংশও উদ্ধাৰ কৰিব নোৱাৰিব। ভূষণে চৰ্ণোবিল আৰু ফুকুছিমা পাৰমাণৱিক দুৰ্ঘটনাৰ ভয়াবহতা আৰু ইয়াৰ বিপুল আৰ্থিক ক্ষতিৰ (ক্ৰমান্বয়ে ২৩৫ৰ পৰা ৭০০ বিলিয়ন ডলাৰ আৰু ৪০০-৪৪৫ বিলিয়ন ডলাৰ) কথা উল্লেখ কৰি কয় যে ‘শান্তি’ আইনে ভাৰতৰ সৰ্ববৃহৎ প্ৰকল্প পৰিচালকৰ দায়বদ্ধতা মাত্ৰ তিনি হাজাৰ কোটি টকাত (প্ৰায় ৩৩১ মিলিয়ন ডলাৰ) সীমাবদ্ধ কৰিছে, যিটো চৰ্ণোবিল বা ফুকুছিমাৰ ক্ষতিৰ ০.১ শতাংশতকৈও কম।

যোগানধাৰীসকলক যিকোনো দায়বদ্ধতাৰ পৰা ৰেহাই দিয়াৰ ফলত নিৰ্মাতা আৰু যোগানধাৰীসকলে অধিক লাভৰ আশাত নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰিবলৈ উৎসাহিত হ‘ব পাৰে বুলি অধিবক্তাগৰাকীয়ে আদালতত অৱগত কৰে। ইপিনে, বিচাৰপীঠৰ আন এগৰাকী সদস্য ন্যায়াধীশ জয়মাল্য বাগচীয়ে মৌখিকভাৱে কয় যে ২০২৫ চনৰ এই নতুন আইনখন ন্যায়ালয়ে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। নতুন আইনখনৰ ব্যৱস্থাসমূহ অসাংবিধানিক বা স্বেচ্ছাচাৰী হয় নে নহয়, সেয়া পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে। পাৰমাণৱিক ক্ষতিৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা উৰ্ধ্বসীমাই সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘা কৰিছে নেকি, সেয়াও বিচাৰ্যৰ বিষয় হ’ব বুলি ন্যায়াধীশ বাগচীয়ে মন্তব্য কৰে। আনহাতে, বিপদজনক কাৰ্যকলাপৰ সৈতে জড়িত এগৰাকী অপাৰেটৰে দুৰ্ঘটনাৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব বুলি প্ৰশান্ত ভূষণে নিজৰ যুক্তিত দৃঢ়তাৰে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd