• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এসময়ত আছিল শ্বাহৰুখৰ সহ অভিনেত্ৰী, এতিয়া চাবোন বিক্ৰী কৰি চলাইছে পৰিয়াল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2023 9:39 pm
17.5k
VIEWS
Share on FacebookShare on Twitter

বলীউড জগতৰ তাৰকা শিল্পী সকলৰ লগত বিভিন্ন জনে শিশু অভিনেতা বা শিশু অভিনেত্ৰী হিচাপে কাম কৰিছে। বলিউডৰ জগতত প্ৰৱেশ কৰিবলৈ বহুতেই কম বয়সতে শিশু অভিনেতা হিচাপে কাম কৰিবলৈ ভিৰ কৰে।

বিখ্যাত অভিনেতা-অভিনেত্ৰীৰ লগত অভিনয় কৰি সমানে সমানে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে বহু শিশু অভিনেতা-অভিনেত্ৰী। তেনে এগৰাকী অভিনেত্ৰী হৈছে ঝাণক শুক্লা।

‘কল হো না হো’ চিনেমাখন মনত আছেনে? ২০০৩ চনত শ্বাহৰুখ খান, প্ৰীতি জিন্তা, ছাইফ আলী খান অভিনীত ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। এই ছবিখনে শ্বাহৰুখৰ কেৰিয়াক এক অন্য মাত্ৰা প্ৰদান কৰাৰ লগতে ছবিখনে বলীউডৰ জনপ্ৰিয় ছবিৰ তালিকাতো স্থান দখল কৰিছিল। 

এই ছবিখনত প্ৰীতিৰ কনিষ্ঠ ভগ্নী জিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল ঝাণক শুক্লাই। ছবিখনত শ্বাহৰুখ আৰু প্ৰীতিতকৈও বেছিকৈ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল মৰমলগা ছোৱালীজনীয়ে।

পিতৃ-মাতৃ অভিনয় জগতখনৰ সৈতে জড়িত হোৱাৰ বাবে ঝাণকেও সৰুৰে পৰাই অভিনয় জগতৰ প্ৰতি আকৃষ্ট হৈছিল। ডাঙৰ পৰ্দাত প্ৰৱেশ কৰাৰ আগতে ঝাণকক এটি বিজ্ঞাপনতো দেখা পোৱা গৈছিল। সেই বয়সত তেওঁৰ অভিনয় ইমানেই ভাল আছিল যে বিজ্ঞাপনৰ ছবিখনে বছৰৰ শ্ৰেষ্ঠ বিজ্ঞাপন ছবিৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি টেলিভিশ্যনৰ ধাৰাবাহিকতো অভিনয় কৰিছে ঝাণকে।

ইয়াৰ পিছতেই শ্বাহৰুখ আৰু প্ৰীতিৰ সৈতে অভিনয় কৰাৰ উপৰিও ঝাণকে হলিউডৰ এখন ছবিৰ বাবেও অফাৰ লাভ কৰিছিল। অৱশ্যে সেই ছবিখনত তেওঁ অভিনয় কৰা নাছিল। আচলতে সেই সময়ত ঝাংকৰ পিতৃ-মাতৃয়ে বিচাৰিছিল যে তাই প্ৰথমে পঢ়া-শুনা শেষ কৰক, তাৰ পিছত অভিনয় জগতত মনোনিৱেশ কৰক।

মাক-দেউতাকৰ কথা ৰাখিবলৈ ঝাণক পঢ়া-শুনাত ব্যস্ত হৈ পৰিল। তেওঁ পুৰাতত্ত্ব বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন কৰিলে। কিন্তু শিক্ষা শেষ কৰি অভিনয় জগতলৈ পুনৰ ঘূৰি নাহিল ঝাণক। 

এতিয়া তেওঁ সম্পূৰ্ণ বেলেগ পথত। বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে ঝাণকে নিজাকৈ চাবোন নিৰ্মাণৰ ব্যৱসায় আৰম্ভ কৰিছে। ঝাণক ডাঙৰ হৈ সম্পূৰ্ণ সলনি হৈছে। অতীত আৰু বৰ্তমানৰ মাজত কোনো সাদৃশ্য নাই। বহুতেই প্ৰশ্ন কৰে, পুনৰ অভিনয় জগতলৈ ঘূৰি আহিবনে ঝাণক ?

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd