Police SI Arrested for taking bribe: গোলাঘাট সদৰ আৰক্ষী থানাত আৰক্ষীৰ খাকী পোছাকত ক’লা দাগ লগোৱা এজন আৰক্ষী উপ পৰিদৰ্শকক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিৱাৰক শাখাই।
গোলাঘাট আৰক্ষী থানাৰ উপ পৰিদৰ্শক আব্দুল জেলিলে মাটি বাৰী সংক্ৰান্তীয় গোচৰৰ ভিত্তিত জিচু দাস নামৰ লোকজনৰ পৰা ২০ হাজাৰ টকা দাবী কৰিছিল।
লোকগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দাখিল কৰাত দুৰ্নীতি নিবাৰক শাখাৰ দলে আৰক্ষী বিষয়া গৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।
আৰক্ষী বিষয়া গৰাকীয়ে দাবী কৰা ২০ হাজাৰ টকাৰ ১০ হাজাৰ টকা দিবলৈ আহোতে দুৰ্নীতি নিবাৰক শাখাই গোলাঘাট সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক আব্দুল জলিলক দাবী কৰা ধন সহ গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক: কোহলিক ৰান আউট কৰি ‘বিৰাট’ পুৰস্কাৰ পালে ৰিয়ান পৰাগে; কি সেই পুৰস্কাৰ?
ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে গোলাঘাট সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক আব্দুল জেলিলক মাৰাথন জেৰা চলায়।
উপ পৰিদৰ্শক আব্দুল জেলিলৰ বাসগৃহ আৰু XUV 500 AS01DT1592 বাহনত তালাচী চলায় অভিযানকাৰী দলটোৱে।
অভিযানকাৰী দলটোৱে আব্দুল জেলিলক অধিক সোধ পোছৰ বাবে গুৱাহাটী অভিমুখে ৰাওনা হয়।