সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হোৱা দেশৰ পঞ্চমখন ৰাজ্য হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে ছিকিমে। কেন্দ্ৰৰ ‘ULLAS’ প্ৰকল্পৰ অধীনত ৰাজ্যই এই আদৰ্শ দাঙি ধৰিছে। উত্তৰ-পূব ভাৰতৰ তৃতীয়খন ৰাজ্য আৰু দেশৰ পঞ্চম ৰাজ্য হিচাপে এই কৃতিত্ব অৰ্জন কৰিছে ছিকিমে।
ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল মিজোৰাম, গোৱা, ত্ৰিপুৰা আৰু হিমাচল প্ৰদেশে। গেংটকৰ ছিকিম বিশ্ববিদ্যালয়ৰ মনন কেন্দ্ৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত এই ঘোষণা কৰা হৈছে। ইয়াক ছিকিমৰ বাবে এক ঐতিহাসিক শৈক্ষিক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়।
উক্ত অনুষ্ঠানত ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰাজু বাছনেটো উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে, ‘এই উল্লেখযোগ্য স্বীকৃতি ছিকিমৰ বাবে আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ই মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং (গোলে)ৰ বাস্তৱিক আৰু দূৰদৰ্শী নেতৃত্বত শৈক্ষিক সৱলীকৰণ আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি ৰাজ্যখনৰ অদম্য দায়বদ্ধতাক প্ৰতিফলিত কৰে।
মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কয়, “২০২৬ চনৰ ২৭ মে’ত মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ছিকিম ভ্ৰমণৰ সময়ত ‘উল্লাছ: নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী’ৰ অধীনত আমাৰ ৰাজ্যখনক আনুষ্ঠানিকভাৱে ‘সম্পূৰ্ণ সাক্ষৰ ৰাজ্য’ হিচাপে ঘোষণা কৰাটো এক ঐতিহাসিক আৰু গৌৰৱৰ মুহূৰ্ত।ছিকিমবাসীলৈ মোৰ আন্তৰিক অভিনন্দন।”
তেওঁ লগতে কয়, “এই কৃতিত্ব আমাৰ ৰাজ্যৰ শৈক্ষিক আৰু সামাজিক প্ৰগতিৰ এক যুগান্তকাৰী মাইলৰ খুঁটি। ই জ্ঞান, মৰ্যাদা, সৱলীকৰণ আৰু সৰ্বাংগীন উন্নয়নৰ পথত যাতে কোনো প্ৰাপ্তবয়স্ক নাগৰিক পিছ পৰি নাযায় তাৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।”





