• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫ মাহে নিমাত! আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছতে মুখ খুলিলে সৰ্বানন্দ সোণোৱালে

'খিলঞ্জীয়া ৰাইজক ৰক্ষা কবচ দিয়াৰ ক্ষেত্ৰত আমি দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ’ সোণোৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2020 8:59 pm
9d86a20e-15fa-4b20-a04d-b035704c4e9f
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ৬ নং দফা ৰূপায়ণৰ সন্দৰ্ভত গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে যোৱা ফেব্ৰুৱাৰী মাহতে দাখিল কৰিছিল তেওঁলোকৰ প্ৰতিবেদন।

কিন্তু তাৰ পাছত কাৰ্যকৰী কৰা বাদেই, আনকি প্ৰতিবেদনখনত কি আছে সেয়া অসমবাসী ৰাইজক অৱগত কৰিবলৈ সাহস নকৰিলে বিজেপি নেতৃত্বাধীন ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে।

Apply Now

৫ মাহ অপেক্ষাৰ অন্তত অতিষ্ঠ হৈ আজি উজান বজাৰস্থিত শ্বহীদ ন্যাসত এক সংবাদমেল সম্বোধন কৰি আছুৱে ৬ নং দফা ৰূপায়ণৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে ৰাজ্য চৰকাৰক চোকা সমালোচনা কৰে।

আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰীক অৰ্পণ কৰিলে নে নাই তাতো সন্দেহৰ আঙুলি তোলে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।

তাৰ পাছতে এই সন্দৰ্ভত মুখ খুলিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত বিষয়ববীয়া সভাৰ অন্তত সংবাদমাধ্যমৰ আগত নিজৰ বক্তব্য ৰাখি সোণোৱালে কয় ‘খিলঞ্জীয়া ৰাইজৰ বাবে ৰক্ষা কবচ দিয়াৰ ক্ষেত্ৰত আমি দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ। এইক্ষেত্ৰত কোনেও সন্দেহ কৰিব নোৱাৰে।‘

তেওঁ লগতে ‘আমি ৰাইজক সাক্ষী কৰি আস্থা আৰু বিশ্বাসক লৈ কাম কৰি গৈছো।‘ বুলি মন্তব্য কৰি লগতে কয় ‘অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী এইখন চৰকাৰে ৰূপায়ণ কৰি আহিছে। দায়িত্ব লোৱাৰ দিনৰে পৰা অত্যন্ত নিষ্ঠাৰে অসম চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ প্ৰয়াস কৰি আহিছো।‘

ইপিনে, পূৰ্বৰ চৰকাৰৰ দিনত অসম চুক্তি বিভাগটোৰ কোনো গুৰুত্ব নাছিল বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় ‘আমি এই বিভাগটো সম্পূৰ্ণৰূপে নতুনকৈ সজাই বিভাগটোৰ কাৰ্যক্ৰমণিকা শক্তিশালী ৰূপত গঢ় দিয়া হৈছে। অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ নীতি স্বচ্ছ আৰু নিকা। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰা হৈছে এই পদক্ষেপ পূৰ্বৰ কোনো চৰকাৰে গ্ৰহণ কৰা নাছিল।‘

অসম আন্দোলনৰ শ্বহীদৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে গুৱাহাটীৰ বুকুত ১০০ বিঘা মাটিত শ্বহীদ উদ্যান নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে বুলিও সোণোৱালে দাবী কৰে।

তেওঁ আৰু কয় ‘উচ্চস্তৰীয় কমিটিয়ে আমাৰ হাতত দাখিল কৰা প্ৰতিবেদন কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত ইতিমধ্যে বিষয় বিলাক পৰীক্ষা নিৰীক্ষা কৰা হৈছে।‘

ইপিনে, কোভিদ-১৯ ৰ বাবে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কাম-কাজ স্থগিত হৈ আছে বুলি সদৰী কৰি সোণোৱালে লগতে কয় ‘তেওঁলোকে ফেব্ৰুৱাৰিত প্ৰতিবেদন দাখিল কৰিছিল তাৰ পাছত সমগ্ৰ বিশ্বৰ লগতে অসমৰ ৰাইজে ক’ৰ’ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd