DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰক মাটিৰ গান গোৱা শিল্পী অপূৰ্ব বেজবৰুৱাৰ শেষকৃত্য, চৰকাৰক আহ্বান গুণমুগ্ধৰ

চৰকাৰে কৰা নাই আনুষ্ঠানিক ঘোষণা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 10, 2022 9:12 am
ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰক মাটিৰ গান গোৱা শিল্পী অপূৰ্ব বেজবৰুৱাৰ শেষকৃত্য, চৰকাৰক আহ্বান গুণমুগ্ধৰ
648
VIEWS
Share on FacebookShare on Twitter

২০০০ তকৈয়ো অধিক গীতেৰে অসমৰ সংগীতৰ জগতখনক চহকী কৰা জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱাৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সন্ধিয়া ৬-১৫ বজাত মৃত্যু ঘটাৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোক সাগৰত নিমজ্জিত হৈ পৰিছে ৰাজ্যবাসী।

আজি শিল্পীগৰাকীৰ মৃতদেহ দিছপুৰ পলিক্লিনিকৰ পৰা পোনে পোনে কাহিলীপাৰাত থকা বাসভৱনলৈ নিয়া হ’ব।

ইয়াৰ পিছতে তেওঁৰ মৃতদেহ জ্যোতি চিত্ৰবন আৰু ৰবীন্দ্ৰ ভৱনলৈ নি জনতাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে কিছু সময় ৰখা হ’ব।

তাৰপিছতে শিল্পী অপূৰ্ব বেজবৰুৱাৰ নশ্বৰদেহ মহানগৰীৰৰ শিলপুখুৰীস্থিত নৱগ্ৰহ শ্মশানত সৎকাৰ কৰা হ’ব।

অসমৰ সাংস্কৃতিক জগতলৈ অনবদ্য বৰঙণি আগবঢ়োৱা অপূৰ্ব বেজবৰুৱাৰ নশ্বৰদেহৰ সৎকাৰ চৰকাৰী উদ্যোগত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ সাংস্কৃতিক মহলে চৰকাৰলৈ আহ্বান জনাইছে।

চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে শিল্পীগৰাকীৰ নশ্বৰদেহৰ সৎকাৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰা হোৱা নাই। শিল্পীগৰাকীৰ গুণমুগ্ধসকলে আশা কৰিছে যে চৰকাৰে হয়তো শীঘ্ৰে সেই ঘোষণা আনুষ্ঠানিকভাবে কৰিব।

উল্লেখ্যে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পিছতে গুৱাহাটী মহানগৰীৰ দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱাৰ পিছত কালি সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল।

মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স হৈছিল ৭১ বছৰ।

অসমত বিহু সুৰীয়া গীতকে ধৰি আধুনিক গীতৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা অপূৰ্ব বেজবৰুৱাৰ জন্ম হৈছিল ১৯৫১ চনৰ ১৫ অক্টোৱৰত নাজিৰাত।

নাজিৰাৰ বৰপুখুৰী এল পি স্কুলত স্কুলীয়া শিক্ষাৰ পাতনি মেলা অপূৰ্ব বেজবৰুৱাই পৰৱৰ্তী সময়ত নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে তেওঁ বি বৰুৱা মহাবিদ্যালয়(১৯৬৯-৭০ চন)ত নামভৰ্তি কৰিছিল আৰু স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।
১৯৭৮চনত তেওঁ ভাৰতীয় খাদ্য নিগমত যোগদান কৰিছিল।

অপূৰ্ব বেজবৰুৱাই ১৯৭৪-৭৬ চনলৈ গুৱাহাটী অনাতাৰ কেন্দ্ৰত অস্থায়ী ঘোষক হিচাপেও সেৱা আগবঢ়াইছিল।

জগন্নাথ দেৱৰ পৰা সংগীতৰ শিক্ষা লাভ অপূৰ্ব বেজবৰুৱাই ‘কপৌ পাহি তোৰে খোপাত’, ‘চাহ ঘচৰ কোমল পাতত’,’নাচনী অ’ আদিৰ দৰে অসংখ্য জনপ্ৰিয় গীত অসমৰ সংগীতপ্ৰেমীসকলক উপহাৰ দি গৈছে।

অসমীয়া সংগীত জগতলৈ প্ৰায় ২০০০ গীতৰ উপহাৰ আগবঢ়োৱা অপূৰ্ব বেজবৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পৰে।

মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নীৰ সৈতে দুই কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে।

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd