• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰথম ছেট হেৰুৱাইও দুৰ্দান্ত প্ৰত্যাৱৰ্তন! একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন খিতাপ জয় ছিনাৰৰ

ফ্ৰেঞ্চ অ’পেনৰ চেম্পিয়নগৰাকীয়ে কেইবাটাও ব্ৰেক পইণ্ট ৰক্ষা কৰি মেচখন পঞ্চম ছেটলৈ লৈ যোৱাৰ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু তেতিয়ালৈকে ছিনাৰৰ আত্মবিশ্বাস তুংগত উঠিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 11:50 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উইম্বলডনৰ চেণ্টাৰ ক’ৰ্টত পুনৰ য়ানিক ছিনাৰৰ ৰাজত্ব। আলেকজেণ্ডাৰ জেৰেভৰ কঠিন প্ৰত্যাহ্বান মোকাবিলা কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অক্ষুণ্ণ ৰাখিছে বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীয়ে।

প্ৰথম ছেটত পৰাস্ত হোৱাৰ পিছতো দেওবাৰে মেগা ফাইনেলত তেওঁ এক আচৰিত প্ৰত্যাৱৰ্তন কৰে। তিনি ঘণ্টা ৪৬ মিনিটৰ মাৰাথন যুঁজত ২৪ বছৰীয়া ইটালীৰ ৰিয়ানে জেৰেভক ৬-৭(৭), ৭-৬(২), ৬-৩, ৬-৪ ব্যৱধানত পৰাস্ত কৰে।

Apply Now

এয়া তেওঁৰ কেৰিয়াৰৰ পঞ্চমটো গ্ৰেণ্ড শ্লেম আৰু ৩০ সংখ্যক ট্ৰফী। ফ্ৰেঞ্চ অ’পেনত জুয়ান মেনুৱেল চেৰুণ্ডোলোৰ হাতত অভাৱনীয় পৰাজয়ৰ হতাশা চম্ভালি তেওঁ লণ্ডনলৈ আহিছিল।

প্ৰথম ছেটত দুয়োগৰাকী তাৰকাই নিজৰ চাৰ্ভিছৰ আধিপত্য দেখুৱাইছিল। কোনো ব্ৰেক পইণ্ট নোহোৱাকৈ খেলখন টাই ব্ৰেকলৈ গৈছিল। তাত ৭-৭ৰ স্ক’ৰৰ পিছত শেহতীয়াকৈ ফ্ৰেঞ্চ অ’পেন জয় কৰা জেৰেভে দুৰ্দান্ত ফৰহেণ্ড উইনাৰত প্ৰথমটো ছেট আজুৰি নিয়ে। ২০২৫ চনৰ ভিয়েনা অ’পেনৰ পিছত একেৰাহে ১৪টা ছেটৰ পৰাজয়ৰ ধাৰা ভাঙি ছিনাৰৰ বিৰুদ্ধে এইটোৱেই আছিল প্ৰথম এটা ছেট জয়।

প্ৰথম চেটটো হাৰিছিল যদিও ছিনাৰৰ শৰীৰৰ ভাষাত কোনো অস্থিৰতা নাছিল। দ্বিতীয় ছেটতো তেওঁ নিজৰ পৰিচিত শান্ত মেজাজেৰে যুঁজ দি থাকিল। এই পৰ্যায়তো দুয়োজন খেলুৱৈয়ে নিজৰ চাৰ্ভৰ ওপৰত অটল আছিল। নিখুঁত চাৰ্ভ আৰু বুদ্ধিদীপ্ত উইনাৰত বাৰে বাৰে বিপদমুক্ত হৈছিল জেৰেভ। ফলত দ্বিতীয় ছেটটোও টাই ব্ৰেকলৈ হয়।

অৱশ্যে এইবাৰ ইটালীৰ তাৰকাগৰাকীয়ে আৰু কোনো ভুল নকৰিলে। জেৰেভৰ একেৰাহে কেইবাটাও ভুলৰ সুযোগ লৈ তেওঁ টাই ব্ৰেকক ৭-২ ব্যৱধানত নিজৰ পক্ষত আনে। জেৰেভে এটা বেকহেণ্ড শ্বট ক’ৰ্টৰ বাহিৰলৈ পঠিয়াই দিয়াৰ লগে লগেই দুঘণ্টা আঠ মিনিটৰ পাছত বর্তমানৰ চেম্পিয়নগৰাকীয়ে মেচখন ১-১ ব্যৱধানত সমতালৈ ঘূৰাই আনে৷ নিজৰ স্নায়ু চাপ নিয়ন্ত্ৰণত ৰাখি ছিনাৰে নিজৰ মগজুৰে মনটোক চেম্পিয়নৰ দৰে ব্যৱহাৰ কৰিছিল।

তৃতীয় ছেটতে সলনি হ’ল মেচখনৰ ভাগ্য। আঢ়ৈ ঘণ্টাৰ পাছতো কোনেও কাৰো চাৰ্ভ ভাঙিব পৰা নাছিল। সেই মুহূৰ্ততে এটা বল ত শ্বট ল’বলৈ গৈ জেৰেভ ঘাঁহনিৰ ক’ৰ্টত পিছলি পৰিল। সোঁ আঁঠুত আঘাত পোৱাৰ ফলত তেওঁৰ বিষ হৈছিল। ক্ৰীড়াসুলভ মনোভাৱ দেখুৱাই ছিনাৰে লগে লগে নেট পাৰ হৈ তেওঁৰ ওচৰলৈ দৌৰি গ’ল। ইয়াৰ পিছত খেল আৰম্ভ হ’ল যদিও জেৰেভৰ ছন্দ ঘুৰি অহা দেখা নগ’ল।

সেই সুযোগ কামত লগাই ছিনাৰে ৪০-১৫ ব্যৱধানত পিছ পৰি থকাৰ পিছতো তীব্ৰ আক্ৰমণ চলাই প্ৰথমবাৰ চাৰ্ভিছ ব্ৰেক কৰে। তাৰ পিছত, তেওঁ নিজৰ চাৰ্ভ ধৰি ৰাখি তৃতীয় ছেটত ৬-৩ ব্যৱধানত জয়লাভ কৰি খিতাপৰ কাষ চাপিল। এই ছেটতে বিশ্বৰ শ্ৰেষ্ঠ তাৰকাগৰাকীয়ে যেন মেচখনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ল’লে।

চতুৰ্থ ছেটতো জেৰেভে তীব্ৰ যুঁজ দিছিল। ফ্ৰেঞ্চ অ’পেনৰ চেম্পিয়নগৰাকীয়ে কেইবাটাও ব্ৰেক পইণ্ট ৰক্ষা কৰি মেচখন পঞ্চম ছেটলৈ লৈ যোৱাৰ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু তেতিয়ালৈকে ছিনাৰৰ আত্মবিশ্বাস তুংগত উঠিছিল। যেতিয়া স্ক’ৰ ৩-৩ আছিল, তেতিয়া ইটালীৰ তাৰকাগৰাকীয়ে একেৰাহে দুটা ব্ৰেক পইণ্ট হেৰুৱাইও হাৰ নামানিল।

অৱশেষত তেওঁ অনবদ্য ফৰহেণ্ড উইনাৰত মূল্যৱান ব্ৰেক লাভ কৰে। তাৰ পিছত ছিনাৰে নিজৰ চাৰ্ভিচ গেমত কোনো ভুল নকৰি ছেট আৰু মেচখন ৬-৪ ব্যৱধানত জয়লাভ কৰি গ্ৰাছ ক’ৰ্টত শুই পৰে।

অ’পেন যুগত পিট ছাম্প্ৰাছ, ৰজাৰ ফেডাৰেৰ আৰু ন’ভাক জ’কভিচৰ পিছত ছিনাৰ উইম্বলডনৰ খিতাপ অক্ষুণ্ণ ৰখা চতুৰ্থজন বিশ্বৰ এক নম্বৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ লগে লগে তেওঁ অল ইংলেণ্ড ক্লাবত একেৰাহে ১৪খন মেচত জয়লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ১০০ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপও সম্পূৰ্ণ কৰে। তদুপৰি, ইটালীৰ তাৰকাগৰাকীয়ে জেৰেভৰ বিৰুদ্ধে একেৰাহে ১০খন মেচত জয়লাভ কৰি নিজৰ অবিশ্বাস্য আধিপত্য বজাই ৰাখিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

August 2, 2026 3:09 pm
ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

August 2, 2026 2:29 pm
চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm
অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

August 2, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

August 2, 2026 3:09 pm
ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

August 2, 2026 2:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd