• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্ত্ৰী হিমন্ত বিশ্বৰ নৃত্যক লৈ প্ৰতিক্ৰিয়া শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 7, 2019 7:30 am
56697134_10156469721758983_7587211383679221760_n-1140x570
516
VIEWS
Share on FacebookShare on Twitter

যি সময়ত ৰাজ্যৰ ভেন্সাৰ শিক্ষক কৰ্মচাৰীয়ে দৰমহাৰ মুখ নেদেখি জীৱনৰ নিৰাপত্তা হেৰুৱাই পেলাইছে সেই সময়ত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৃত্যত ব্যস্ত থকা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ৷

শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী গৰাকীয়ে নৃত্য কৰি আনন্দত মতলীয়া হোৱাৰ পিছতে শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষক সংগঠনটোৱে ৷

এক প্ৰেছ বিবৃতিৰ জৰিয়তে ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই জনায় যে, ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ বহুতেই খালী হাতে অৱসৰ গ্ৰহণ কৰাৰ লগতে কেইবাজনো শিক্ষক কৰ্মচাৰীয়ে আত্মহনন কৰিবলৈ বাধ্য হৈছে ৷

সেইদৰে, আন একাংশই আৰ্থিক দীনতাৰ বাবে উন্নত চিকিৎসাৰ অভাৱত ইহ সংসাৰৰ পৰা বিদায় লৈছে ৷ একেদৰে গৰিষ্ঠ সংখ্যক শিক্ষক কৰ্মচাৰীয়ে অৱসৰৰ ক্ষণ গণিছে যদিও ভেন্সাৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ প্ৰতি পিঠি দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য দুৰ্ভাগ্যজনক আৰু লজ্জাজনক।

বিবৃতিটোত তেওঁলোকে কয়, বিগত বিধান সভাৰ নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল যে বিজেপি নেতৃত্বাধীন চৰকাৰ হ’লে প্ৰথম কেবিনেটতে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰা হ’ব ৷

কিন্তু প্ৰথম কেবিনেটতো দূৰৈৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰায় তিনি বছৰতো নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে বুলি বিবৃতিটোত কোৱা হৈছে ৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd