শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি জিলাখনত কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত জিলা আৰু ৰাজহ চক্ৰ পৰ্যায়ত গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালোচনা কৰে।
এই উদ্দেশ্য তেওঁ জিলাখনৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, স্বাস্থ্য বিভাগৰ বিষয়া, চক্ৰ বিষয়া আৰু অন্যান্য বিভাগীয় বিষয়াসকলৰ লগত উপায়ুক্ত কাৰ্য্যালয়ত এক পৰ্যালোচনা সভাত মিলিত হয়।
বিভিন্ন ৰাজ্যৰ পৰা জিলাখনলৈ উভতি অহা লোকসকলক যাতে কুৱাৰেণ্টাইনত ৰখাৰ সময়ত যাৱতীয় নীতি-নিয়ম সম্পূৰ্ণৰূপে মানি চলি প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰা হয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।
আনহাতে যিসকলক নিজ গৃহত আছুতীয়াকৈ ৰখাৰ ক্ষেত্ৰত অসুবিধা থাকে তেওঁলোকক সংশ্লিষ্ট এলেকাত কুৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়াৰ লগতে এই সন্দৰ্ভত চক্ৰ বিষয়াসকলক গাঁও পৰ্য্যায়ত গঠিত ব্যৱস্থাপনা সমিতিৰ সহযোগিতাত কুৱাৰেণ্টাইন গৃহৰ ব্যৱস্থা গঢ়ি তুলিবলৈ কয়।
উপায়ুক্ত গৰাকীয়ে কোভিড-১৯ বিৰোধী এই যুঁজত ভৱিষ্যতে আহিব লগীয়া সকলোধৰণৰ প্ৰত্যাহ্বানৰ বাবে সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰ মতপোষণ কৰে।
সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ আৰু বিদিত দাস, নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক স্যমন্ত মাধৱ শৰ্মা, ৰাজহ চক্ৰ বিষয়া সকল, নিৰ্বাচনী বিষয়া পংকজ বড়া, স্বাস্থ্য বিভাগৰ বিষয়াসকল আৰু বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।