তৃতীয় পৰ্যায়ৰ ল’কডাউনত শিৱসাগৰত ই-ৰিক্সা চলাচল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে।
এই সন্দৰ্ভত আজি জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা ঘোষণা কৰা হয়।
প্ৰশাসনৰ নিৰ্দেশনাৱলী অনুসৰি জিলাখনৰ পৌৰসভাসমূহ আৰু জিলা পৰিবহণ বিভাগৰ অধীনত পঞ্জীয়ণভূক্ত ই-ৰিক্সা সমূহ অহা ৬ মে’ৰ পৰা ১৭ মে’ তাৰিখলৈ পৌৰসভাৰ এলেকাসমূহত চলাচল কৰিব পাৰিব।
গ্ৰাম্যাঞ্চলৰ বাবে নিৰ্দ্ধাৰিত পৰিবহণ বিভাগৰ অধীনৰ পঞ্জীয়ণভূক্ত ই-ৰিক্সা সমূহ পৌৰসভা এলেকাত চলাব নোৱাৰিব।
ই-ৰিক্সাৰ চালকসকলে তেওঁলোকৰ লগত পৰিচয় পত্ৰ আৰু যাৱতীয় নথিপত্ৰ ৰখাটো বাধ্যতামূলক কৰা হৈছে।
সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত চালকৰ ওপৰি প্ৰতিখন ই-ৰিক্সাত দুজনকৈহে আৰোহী উঠাবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।
৬ মে’ৰ পৰা ১৭ মে’লৈ সমগ্ৰ জিলাতে প্ৰযোজ্য হোৱাকৈ ই-ৰিক্সাৰ ক্ষেত্ৰত যুগ্ম আৰু অযুগ্ম নীতিৰ প্ৰৱৰ্তন কৰা হৈছে।
এই নীতি অনুসৰি অহা ৬ মে’ তাৰিখে ই-ৰিক্সাৰ পঞ্জীয়ণ ফলকৰ শেষৰ যুগ্ম নম্বৰ থকা বিলাক চলাব পাৰিব তাৰ পিছৰ দিনা অযুগ্ম নম্বৰৰ ই-ৰিক্সা চলাব পাৰিব।
ঠিক সেইদৰে এদিন যুগ্ম আৰু এদিন অযুগ্মকৈ পৰৱৰ্ত্তী ১৭ মে’ তাৰিখলৈকে এই প্ৰক্ৰিয়া চলি থাকিব।
আনহাতে, ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত জাৰি কৰা এই নিয়ম সমূহ ভংগ কৰা সকলৰ বিৰুদ্ধে জৰিমনাৰ লগতে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।