• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশাসনিক বিষয়া ৰাজনৈতিক দলৰে শিৱসাগৰৰ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 8, 2018 8:28 pm
IMG-20181108-WA0001

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অনুষ্ঠিত হ’ব লগা দুটা পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি চলাইছে। এই কথা ব্যক্ত কৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই। অহা ৫ ডিচেম্বৰত প্ৰথম পৰ্য্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সৰ্ম্পকে আলোচনা কৰিবলৈ আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এক বৈঠক অনুষ্ঠিত হয়।

বৈঠকত উপায়ুক্ত গৰাকীয়ে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত নিৰ্বাচনৰ নীতি নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি মানি চলিবলৈ আহ্বান জনায়। লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে ব্যক্ত কৰে। তদুপৰি নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীকে নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

Apply Now

উপায়ুক্তগৰাকীয়ে কয় যে,  জিলাখনত মুঠ ৬৩৮ টা ভোট গ্ৰহণ কেন্দ্ৰত ১৩ খন জিলা পৰিষদ, ৪ খন আঞ্চলিক পঞ্চায়ত ৬২ খন গাঁও পঞ্চায়ত আৰু ৬২০টা ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব। তেওঁ লগতে কয় যে জিলা খনত ১৭৫০২৭গৰাকী পুৰুষ আৰু ১৬৯০৫২ গৰাকী মহিলাৰ সৈতে মুঠ ৩৪৪০৭৯গৰাকী ভোটাৰে ভোট দান কৰিব। জিলাখনৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ মাজত ৪৬১ টা তুলনামুলক ভাৱে সুৰক্ষিত, ১৭৪ টা স্পৰ্শকাতৰ আৰু ৩টা অতি স্পৰ্শকাতৰ বুলি উল্লেখ কৰে।

আনহাতে ১০ নৱেম্বৰৰ পৰা মনোনয়ন পত্ৰ জাৰি কৰা হ’ব আৰু ১৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। মনোনয়ন পত্ৰ সমূহ ১৬ নৱেম্বৰৰ পুৱা ১০. ৩০ বজাৰ পৰা পৰীক্ষা কৰা হ’ব আৰু সেইদিনাই বিয়লি মনোনিত প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰিব।

ইফালে প্ৰাৰ্থীসকলে ১৯ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। আৰু উক্ত দিনাই বিয়লি ৩ বজাৰ পিছত প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে জানিবলৈ দি কয় যে প্ৰয়োজন সাপেক্ষে ৭ ডিচেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ পুনৰ ভোট দানৰ ব্যৱস্থা কৰা হ’ব। তদুপৰি ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোট গননা প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে উপায়ুক্ত পল্লৱ গোপাল ঝাই।

আজিৰ এই বৈঠকত আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল, জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া শেৱালী বৰদলৈ, জিলা উন্নয়ন আয়ুক্ত নবাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, বিজিত দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিং, শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া সম্প্ৰীতি গোস্বামী, ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং, আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চেতিয়া, নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্ম, সংলগ্ন চক্ৰ বিষয়া ৰিতুৰাজ বৰদলৈ, ইন্দিকা গগৈ আৰু খণ্ড উন্নয়ন বিষয়াকে ধৰি অন্যান্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

নিৰ্বাচনী বিধি উলংঘা কৰাৰ ক্ষেত্ৰত ওজৰ আপত্তি দৰ্শাবলৈ হ’লে ০৩৭৭২-২২৩৩৯৭ আৰু ৮৪৭১৮৬৪৩৫৫ নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু নিৰ্বাচন সম্পৰ্কে অধিক তথ্য জানিবৰ বাবে ০৩৭৭২-২২২১৭৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আজিৰ বৈঠকতে জিলা উপায়ুক্তই জানিবলৈ দিয়ে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd