• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিব্ৰুগড়ৰ গোৱাল আক্ৰমণৰ ঘটনা; টিএমপিকেৰ নেতাসহ ৬জনক গ্ৰেপ্তাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
October 24, 2019 8:52 am
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰৰ চাৰখলীয়া ৰামসিং চাপৰিত যোৱা ১৯ অক্টোবৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ৬ গৰাকী ব্যক্তিক বুধবাৰে ডিব্ৰুগড় আৰু ধেমাজী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ ৩ গৰাকী টিএমপিকেৰ সদস্য।

গ্ৰেপ্তাৰ কৰা লোককেইজনক সংগঠনটোৰ সভাপতি যতিন্দ্ৰ পাডুন, ধনেশ কুটুম (কাৰ্যবাহী সদস্য), জয়ন্ত টায়ে (টিএমপিকেৰ লাইমেকুৰি আঞ্চলিকৰ সম্পাদক), ৰঞ্জন কুলি. ধুলানাথ মিলি আৰু বৃকুধৰ দ’লে বুলি চিনাক্ত কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে ১৯ অক্টোবৰত টাকাম মিচিং পৰিণ কেবাঙৰ সন্দেহযুক্ত ১০০তকৈয়ো অধিক সদস্যৰ এটা দলে চলোৱা আক্ৰমণত মুৰুলী যাদৱ নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক আহত হৈছিল।

আক্ৰমণৰ বলি লোকসকল বৃত্তিত গোৱাল। হিন্দীভাষী এই লোকসকল চাৰখলীয়া চাপৰিত কেইবা দশক ধৰি বাস কৰি আহিছে। আক্ৰমণত তেওঁলোকৰ বাসগৃহসমূহো জ্বলাই দিয়া হৈছিল।

প্ৰাপ্ত তথ্য মতে টিএমপিকেৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৰ ধেমাজী জিলাৰ লাইমেকুৰি আঞ্চলিকৰ সদস্যই উক্ত গোৱালসকলৰ পৰা ১০ৰ পৰা ৫০হাজাৰ টকালৈকে চান্দা দাবী কৰিছিল।

স্থানীয় লোকে অভিযোগ কৰে যে টিএমপিকেই লোকসকলৰ পৰা ধন দাবী কৰিছিল আৰু তেওঁলোকে সেই ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবেই তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল।

দাবী কৰা পৰিমাণৰ চান্দা দিবলৈ অস্বীকাৰ কৰাত তেওঁলোকক প্ৰথমতে ভয় ভাবুকি প্ৰদান কৰা হৈছিল বুলি স্থানীয় লোকে অভিযোগ কৰে।

বিষয়টো তেতিয়াই ডিব্ৰুগড়ৰ উপায়ুক্ত আৰু আৰক্ষীক অৱগত কৰোৱা লগতে টিএমপিকেৰ লাইমেকুৰি আঞ্চলিক সমিতিৰ পেডত লিখা কেইখনমান দাবী পত্ৰও আৰক্ষীক দিয়া হৈছিল।

স্থানীয় লোকসকলৰ অভিযোগ, ‘আক্ৰমণৰ ৪ দিন পূৰ্বেই আৰক্ষী-প্ৰশাসনক অৱগত কৰা হৈছিল যদিও প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা নহ’ল’।

বুধবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাৰ নেতৃত্বত ডিব্ৰুগড়  আৰু ধেমাজী আৰক্ষীৰ এটা যুটীয়া দলে ধেমাজী গোগামুখৰ পৰা অভিযুক্ত ব্যক্তি ৬ গৰাকীক আটক কৰে।

পিছত তেওঁলোকক ভাৰতীয় দণ্ডবিধিৰ ১৫৩-এ, ৩০২, ৩০৭, ৩২৬, ৪৩৬, ১৪৩ আৰু ১২০-বি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্ত আন সদস্যসকলক বিচাৰি থকা হৈছে আৰু শীঘ্ৰেই তেওঁলোকক আটক কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাই জানিবলৈ দিয়ে।

আনহাতে উক্ত ঘটনাৰ পিছতে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাখনত চান্দা, বলপূৰ্বক বৰঙণি, ধন সংগ্ৰহ আদি নিষিদ্ধ কৰিছে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd