ধনৰ বিনিময়ত চাকৰি নহয়, এইবাৰ ‘ধনৰ বিনিময়ত নম্বৰ’ কেলেংকাৰী সংঘটিত হৈছে ৰাজ্যত। কামৰূপ আৰক্ষীয়ে শনিবাৰে কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ব্যাপক অভিযান চলায়।
মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ এক বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে মূল্যায়নৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
মেট্ৰিকত ভাল ফলাফল দিয়াৰ নামত ধনৰ লেনদেনৰ অভিযোগ উঠিছে। ধনৰ বিনিময়ত মেট্ৰিকত প্ৰথম বিভাগ, ষ্টাৰ, ডিষ্টিংচন আদি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে।
আৰক্ষীয়ে শনিবাৰে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ৪ ঘণ্টা ধৰি অভিযান চলায়।
অভিযান কালত জেৰাৰ বাবে আৰক্ষীয়ে চাৰিজন বিষয়াক আটক কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নিয়ে।
আৰক্ষীয়ে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক ফুলপাহী নাথ, কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাস আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতাক জেৰাৰ বাবে নিয়ে।
তদুপৰি, আৰক্ষীয়ে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা কেইবাটাও লেপটপ, মোবাইলৰ লগতে বহুতো নথি–পত্ৰ জব্দ কৰে।
আনহাতে, দক্ষিণ কামৰূপৰ গৰৈমাৰীত ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবৰ ৰহমানক আটক কৰে।
প্ৰধান শিক্ষক দুজনে পৰীক্ষাৰ ফলাফলৰ বাবে ধনৰ লেনদেন কৰাৰ অভিযোগ উঠিছে। অভিযানৰ সময়ত ছয়গাঁও আৰক্ষীয়ে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে ৷