DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছেৰফাংগুৰিৰ সুনীল মণ্ডলক গুলীওৱা ঘটনাত জড়িত কেএলঅ’; মডেলকে ধৰি ৬জনক আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2022 3:01 pm
123
VIEWS
Share on FacebookShare on Twitter

তীব্ৰ চাঞ্চল্য সৃষ্টিকাৰী ছেৰফাংগুৰি গুলীচালনাৰ ঘটনাই নতুন মোৰ লৈছে। ছেৰফাংগুৰিৰ নাৰাবাৰীৰ ঘটনাত নিষিদ্ধ ঘোষিত সংগঠন কেএলঅ’ৰ নাম সাঙোৰ খাই পৰিছে। ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলৰ গুলীচালনাৰ ঘটনাৰ আৰু কেএলঅ’ (KLO) ৰ সৈতে জড়িত মডেলকে ধৰি ছয়জনক আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীয়ে ঘটনাস্থলীৰ কাষৰ পৰা উত্তম ৰায় আৰু মৃদুল ৰায়ক আটক কৰাৰ পিছত নিশা আৰক্ষীয়ে পুনৰ গৌৰ চন্দ্ৰ ৰায় (নাৰাবাৰী,৩৮), নিৰ্মল দাস (চৰাইখোলা,৩২), কোকৰাঝাৰ সদৰ চহৰৰ জনাজাত মডেল নৱনীতা বৰ্মন বোথ্ৰা আৰু তেওঁৰ স্বামী বিকাশ বোথ্ৰাক আটক কৰিছে ।

উল্লেখ্য যে বিটিআৰৰ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নাৰাবাৰী গাঁৱত নিশা কালি সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা৷ মটৰ চাইকেলেৰে অহা দুই অস্ত্ৰধাৰীয়ে ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক নিচেই ওচৰৰ পৰা গুলীয়াই পলায়ন কৰিছিল৷

ঘটনাৰ আকস্মিকতাত উৱাদিহ হেৰুওৱা পৰিয়াল আৰু গাঁৱবাসীয়ে লগে লগে বুকুত গুলী লাগি আহত হোৱা সুনীল মণ্ডলক আক্ৰমণৰ ঘটনা ছেৰফাংগুৰি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আহত ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক নিশাই বঙাইগাঁও লৱাৰ আছাম হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰায়৷

নাৰাবাৰীৰ বাসিন্দা সুনীল মণ্ডলে ধান ক্ৰয় কৰি চাউল বিক্ৰীৰে এক ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে পৰিয়াল-পোহপাল দিয়ে৷ ঘটনাক গাঁওবাসীয়ে গৰিহণা দি দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ-প্ৰশাসনৰ ওচৰত দাবী জনাইছিল৷

আৰক্ষীয়ে এই ঘটনাত কেএলঅ’ জড়িত থকাৰ সম্ভেদ লাভ কৰিছে আৰু এতিয়ালৈ ছয়জনক আটক কৰিবলৈ সক্ষম হৈছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd