ৰাজ্যত শেহতীয়াকৈ ক্ৰমশ বৃদ্ধি পোৱা নাৰীজনিত অপৰাধৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সময়তে কৰিমগঞ্জ জিলাত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ১৩ বৰ্ষীয় কিশোৰীগৰাকীক বলাৎকাৰৰ অভিযোগত আৰক্ষীয়ে ছয় কিশোৰক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত কিশোৰ কেইজনৰ বয়স ১৩ ৰ পৰা ১৫ বছৰৰ ভিতৰত হ’ব। কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযুক্ত কিশোৰ কেইবাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিছে।
অভিযোগ অনুসৰি গত ১ নৱেম্বৰত অভিযুক্ত ছয় কিশোৰে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল। কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে অভিযুক্ত কিশোৰ কেইজনে বলপূৰ্বক ভাৱে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছতে তেওঁলোকৰ সন্তানক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল।
সেইসময়ত তেওঁলোক ঘৰত উপস্থিত নাছিল বুলি অভিযোগত উল্লেখ কৰি কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অভিযুক্ত সকলৰ মাজৰে এগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ কৰি ৰাখিছিল বুলিও অভিযোগ কৰিছে।
ঘটনাৰ পিছত প্ৰথম অৱস্থাত কিশোৰীগৰাকীয়ে এই বিষয়ে পিতৃ-মাতৃক অৱগত কৰা নাছিল যদিও শাৰীৰিক কষ্ট সহ্য কৰিব নোৱাৰি পিছত সমগ্ৰ ঘটনাৰ বিষয়ে জনায় বুলি তেওঁলোকে আৰক্ষীৰ আগত জানিবলৈ দিয়ে।
কিশোৰীগৰাকীৰ এই ভাষ্যৰ পিছতে পৰিয়ালটোৱে ৰামকৃষ্ণ নগৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ছয় কিশোৰক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এগৰাকী কিশোৰৰ মোবাইলত ঘটনাৰ ভিডিঅ’ পোৱা গৈছে। ধৃত আটাইকেইগৰাকী অভিযুক্তকে এক কিশোৰ গৃহলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে লগতে সদৰী কৰিছে।