• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত প্ৰস্তাৱিত বিলাসী পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহা বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা প্ৰণৱ দলেক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2026 11:52 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত প্ৰস্তাৱিত বিলাসী পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহা বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা প্ৰণৱ দলেক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱাধিকাৰ সুৰক্ষা সমিতিৰ আহ্বায়ক প্ৰণৱ দলেক গুৱাহাটীৰ সুন্দৰপুৰত থকা তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে। প্ৰথমে তেওঁৰ ঘৰটো আৰক্ষীয়ে ঘেৰি ধৰে আৰু পৰৱৰ্তী সময়ত জিম্মাত লৈ দিছপুৰ থানালৈ লৈ যায়। বোকাখাত থানাৰ এক গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও গুৰুতৰ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ কাষৰীয়া ভূমিত অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত হ’বলগীয়া এই পাঁচ তাৰকাযুক্ত হোটেল প্ৰকল্পটোক লৈ দীৰ্ঘদিনৰে পৰা উত্তেজনা চলি আছিল। এই প্ৰকল্পৰ বাবে চৰকাৰে আবণ্টন দিয়া মাটিক লৈ এক আইনী যুঁজো চলি আছে। বিগত জুন মাহত গুৱাহাটী উচ্চ ন্যায়ালয়েও এই সংক্ৰান্তত অসম পৰ্যটন উন্নয়ন নিগমলৈ কাৰণ দৰ্শাওক জাননী জাৰি কৰিছিল। আচলতে ২০ টা খিলঞ্জীয়া আদিবাসী কৃষক পৰিয়ালে এই হোটেল প্ৰকল্পৰ বিৰুদ্ধে আদালতত এক আবেদন দাখিল কৰিছিল, যাৰ পিছতে ন্যায়ালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

Apply Now

আবেদনকাৰী কৃষক পৰিয়ালসমূহৰ অভিযোগ অনুসৰি, তেওঁলোকে পুৰুষানুক্ৰমে খেতি কৰি অহা ভূমিত কোনো ধৰণৰ নিয়ম–নীতি নোলোৱাকৈয়ে চৰকাৰে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব খুজিছে। তেওঁলোকৰ হাতত বিগত কেইবা দশক পুৰণি ভূমিৰ নথি–পত্ৰ আৰু খাজনাৰ ৰচিদ থকা বুলিও তেওঁলোকে দাবী কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ সন্মতি নোলোৱাকৈয়ে উক্ত ভূমিত বেৰ দিয়াৰ লগতে দখল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি কৃষকসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কেৱল সেয়ে নহয়, এনে এক সংবেদনশীল প্ৰকল্পৰ বাবে প্ৰয়োজনীয় পৰিৱেশ আৰু সামাজিক প্ৰভাৱৰ কোনো বাধ্যতামূলক মূল্যায়ন কৰা হোৱা নাই বুলিও তেওঁলোকে স্পষ্ট কৰি দিছে।

প্ৰণৱ দলে আৰু তেওঁৰ সংগঠনে ধাৰাবাহিকভাৱে দাবী কৰি আহিছে যে এই বৃহৎ হোটেল প্ৰকল্পটোৱে কাজিৰঙাৰ স্থানীয় খিলঞ্জীয়া সমাজৰ জীৱন–জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে কাজিৰঙাৰ স্পৰ্শকাতৰ পৰিৱেশ তন্ত্ৰৰো ব্যাপক ক্ষতি কৰিব। আন্দোলনকাৰী গোটটোৰ মতে, যিখন ভূমিত হোটেল বনাব খোজা হৈছে, সেইখন আচলতে বন্যপ্ৰাণীৰ চৰণীয়া পথাৰ আৰু বানপানীৰ সময়ত জীৱ–জন্তু আশ্ৰয় লোৱা এক গুৰুত্বপূৰ্ণ স্থান। সেয়েহে মাটিৰ এই বিবাদ সম্পূৰ্ণৰূপে নিষ্পত্তি নোহোৱালৈকে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ তেওঁলোকে চৰকাৰৰ ওচৰত জোৰদাৰ দাবী জনাই আহিছিল। এই পৰিস্থিতিৰ মাজতে এতিয়া প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা কাৰ্যই অঞ্চলটোত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

August 1, 2026 7:00 am
“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

July 31, 2026 9:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

August 1, 2026 7:00 am
“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd