• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিবন্ধীসকলৰ ‘প্ৰতাৰণা দিৱস’ৰ সমান্তৰালভাৱে কলাক্ষেত্ৰত প্ৰতিবন্ধী দিৱসৰ চৰকাৰী কাৰ্য্যসূচী

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 3, 2018 10:58 pm

2 min read

Day of Persons with Disabilities

বিশ্ব প্ৰতিবন্ধী দিৱসৰ চৰকাৰী কাৰ্য্যসূচীত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। ফটো : য়ু বি।

2.1k
VIEWS
Share on FacebookShare on Twitter

বঞ্চনা-প্ৰতাৰণাৰে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে প্ৰতিবন্ধীসকলক ‘প্ৰতাৰণা দিৱস’ পালন কৰিবলৈ বাধ্য কৰোৱা চৰকাৰে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিলে আন্তৰ্জাতিক দিব্যাংগ দিৱস।

শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সীমিত সংখ্যক বিশেষভাৱে সক্ষম লোকক লৈয়ে সমাজ কল্যাণ বিভাগে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ কাৰ্য্যসূচী পতাৰ চেষ্টা কৰে।

উল্লেখযোগ্য যে চৰকাৰ বঞ্চনাৰ বিৰুদ্ধে আজি ৰাজ্যৰ প্ৰতিবন্ধীসকলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ নেতৃত্বত মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে ইয়াক প্ৰতাৰণা দিৱস নাম দিয়ে।

প্ৰতিবন্ধীৰ প্ৰতিবাদৰ বিপৰীতে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই চৰকাৰী কাৰ্যসূচীটোত উপস্থিত থাকি দিব্যাংগ পেঞ্চন আৰু স্বাস্থ্যজনিত আঁচনিসমূহ ফলপ্ৰসূ ৰূপায়ণৰ আশ্বাস প্ৰদান কৰে। লগতে বিশেষভাৱে সক্ষম লোকৰ বাবে খালী হৈ থকা (বেকলগ) বিভিন্ন বিভাগৰ পদসমূহ পুৰণৰ যৎপৰোনাস্তি চেষ্টা কৰিব বুলিও মন্ত্ৰী ব্ৰহ্মই প্ৰকাশ কৰে।

কিন্তু তেনেকৈ ক’লেও মন্ত্ৰীগৰাকীয়ে নিজ মুখেই স্বীকাৰ কৰে যে বিভিন্ন বিভাগত ৪,৪১৯টা পদত দিব্যাংগ লোকক নিযুক্তি দিয়াৰ কথা আছিল যদিও এতিয়া ইমান সংখ্যক পদ খালী নাই।

মুঠ ২৩টা বিভাগত এতিয়া বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে মাত্ৰ ৬৪০টাহে খালী পদ আছে।

আন ২৭ বিভাগৰ পৰা বেকলগ পদৰ তালিকা ওলাবলৈ বাকী আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে অহা ডিচেম্বৰৰ ভিতৰত এহেজাৰ পদত দিব্যাংগসকলক নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি আজিৰ আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ কাৰ্যসূচীত  সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে আজিৰ কাৰ্য্যসূচীটোতে প্ৰমীলাৰাণী ব্ৰহ্মই দিব্যাংগসকলৰ উচ্চ শিক্ষাৰ বাবে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলোৱা বুলি কয়। ভাৰত চৰকাৰে অনুমোদন জনোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ আধাৰশিলা বকোত স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd