সূৰ্যৰ পৃষ্ঠত হোৱা এক প্ৰবল বিস্ফোৰণৰ (Powerful Solar Flares)পিছত সষ্টম হৈ পৰিছে আমেৰিকাৰ বিজ্ঞানীসকল। এই বিস্ফোৰণৰ ফলত ‘ক’ৰ’নেল মাছ ইজেকচন’ (CME) বা সৌৰ পদাৰ্থ নিৰ্গত হোৱা বুলি বিজ্ঞানীসকলে কৈছে।
এই পৰিঘটনাটো মূলতঃ বৈদ্যুতিক আধানযুক্ত কণিকাৰ বিশাল ডাৱৰৰ দৰে, যি তীব্ৰ বেগত পৃথিৱীৰ ফালে ধাৱমান হৈছে। আমেৰিকাৰ ‘নেচনেল ওচেনিক এণ্ড এটমোস্ফেয়াৰিক এডমিনিষ্ট্ৰেচন’ (এন অ’ এ এ)ৰ ‘স্পেচ ৱেদাৰ প্ৰিডিকচন চেণ্টাৰ’য়ে ৩ জুলাইত (ভাৰতীয় সময় অনুসৰি ৪ জুলাই) ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে।
ইয়াত কোৱা হৈছে যে চিএমইৰ অন্ততঃ এটা অংশই খুব প্ৰবলভাৱে পৃথিৱীত আঘাত কৰিব পাৰে। স্পেচ ডট কমৰ এক প্ৰতিবেদন অনুসৰি যেতিয়া বৈদ্যুতিক শক্তিনিহিত চিএমই পৃথিৱীৰ কাষ চাপে তেতিয়া ই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ সৈতে পাৰস্পৰিক ক্ৰিয়াত ভূ-চুম্বকীয় ধুমুহাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত নৰ্দান লাইটছ বা মেৰুপ্ৰভাৰ এক মনোমুগ্ধকৰ দৃশ্যৰ সৃষ্টি হ’ব পাৰে।
যোৱা ৩০ জুনত সূৰ্য্যই ৰিজিঅ’ন ৪৪৭৯ নামৰ সক্ৰিয় অঞ্চলৰ পৰা এক্স ১.১ শ্ৰেণীৰ শক্তিশালী সৌৰশিখা নিৰ্গত কৰিছিল। যেতিয়া এই শিখাৰ বিস্ফোৰণ ঘটিছিল তেতিয়া এই অঞ্চলটো পৃথিৱীৰ ফালে মুখ কৰি আছিল। ইয়াৰ ফলত বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা তীব্ৰ এক্স-ৰে তৰংগ আঠ মিনিটতকৈ অলপ বেছি সময়ৰ ভিতৰতে পৃথিৱীত উপনীত হ’ল। ইয়াৰ ফলত সমগ্ৰ উত্তৰ আমেৰিকাত দিনৰ ভাগত ৰেডিঅ’ যোগাযোগ ব্যৱস্থা সাময়িকভাৱে অচল হৈ পৰে। উচ্চ কম্পাঙ্কৰ ৰেডিঅ’ ব্যৱহাৰকাৰীসকলেই আটাইতকৈ বেছি প্ৰভাৱ অনুভৱ কৰিছিল; তেওঁলোকে অস্থায়ী সংকেত দুৰ্বলতা বা হ্ৰস্বম্যাদী সংযোগ বিচ্ছিন্নতাৰ সন্মুখীন হৈছিল।
এতিয়া বিজ্ঞানীসকলে ধাৰণা কৰে যে চিএমই-ৰ পৃথিৱীৰ সৈতে সংঘৰ্ষ হ’ব পাৰে। অৱশ্যে ইয়াৰে অধিকাংশই গ্ৰহটোৰ উত্তৰ অংশৰ ওপৰেৰে পাৰ হৈ যাব। কিন্তু যথেষ্ট পৰিমাণৰ বৈদ্যুতিক আধানযুক্ত কণিকাই বায়ুমণ্ডলৰ লগত ক্ৰিয়া কৰি উত্তৰ আমেৰিকাত মেৰুপ্ৰভা দৃশ্যমান কৰি তুলিব পাৰে। অৱশ্যে এয়া সেই ধুমুহাৰ নিৰ্দিষ্ট গতিপথ আৰু তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰিব।





